ASSAM TIMES POST
নগাঁও : বুচান আন্তঃৰাষ্ট্ৰীয় শিশু আৰু যুৱ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে নগাঁৱৰ খঞ্জন কিশোৰ নাথৰ চুটি ছবি ”দ্যা বয় উইথ এ গান”। কাৰ্বি ভাষাৰ এই চলচ্চিত্ৰখনৰ কাৰ্বি ভাষাত নাম হৈছে কাচ্চিচিনিথু (Kachichinthu) । চিনেমালয় আৰু জবলেচ ষ্টুডিঅৰ বেনাৰত ১৫ মিনিট দৈৰ্ঘ্যৰ কাৰ্বি ভাষাৰ এই ছবিখন নিৰ্মাণ হৈছে।
চলিত বৰ্ষৰ জুলাই মাহত পঞ্চদশ বুচান আন্তঃৰাষ্ট্ৰীয় শিশু আৰু যুৱ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব। চলচ্চিত্ৰখনৰ চিত্ৰনাট্য আৰু পৰিচালনা খঞ্জন কিশোৰ নাথৰ। প্ৰযোজনা খঞ্জন কিশোৰ নাথ আৰু চামানলা দৰ্জে নুৰ্বোৰ। তেওঁৰ দ্বাৰা নিৰ্মিত উল্লেখযোগ্য চুটি ছবিসমূহ হ’ল সূৰ্যসন্ধান, অপৰাহ্ন, ইফ (If), চাকনৈয়া, আৰু শেহতীয়াকৈ কাঁচিচিনিঠু (The boy with a gun)। ভালেকেইখন চুটি ছবি আৰু পূৰ্ণ দৈর্ঘৰ ছবি নিৰ্মাণ কৰা খঞ্জন কিশোৰ নাথে চলচ্চিত্ৰৰ কেইবাটাও ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।