ASSAM TIMES POST
নিউজ ডেস্ক
লকডাউনৰ বাবে ৰাজ্য বিভিন্ন জিলাত আৱদ্ধ হৈ থকা ব্যক্তিসকলক সহায় কৰাৰ উদেশ্যৰে শনিবাৰ পৰা তিনিদিনৰ বাবে ৰাজ্যিক পৰিবহণ নিগমৰ দূৰণিৱতীয় বাছ সেৱা।যাত্ৰাৰ সম্পূৰ্ণ বিনামূলীয়া হ’ব ইতিমধ্যে ১০৪ জৰিয়তে নাম পঞ্জীয়ন কৰা যাত্ৰীসকলৰ। ঘোষণা মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ যে, সমগ্ৰ ৰাজ্যত বিভিন্ন জিলাত আৱদ্ধ হৈ থকা ৪১হাজাৰ ৬৯০জন যাত্ৰীযে ইতিমধ্যে আৱেদন কৰিছে। তেওঁলোকৰ টিকটসমূহ যাত্ৰা দিনাৰ এছএমএছৰ জৰিয়তে লাভ কৰিব মোবাইলত।
মন্ত্ৰী শৰ্মাই উল্লেখ কৰা অনুসৰি আৱেদন কৰা ব্যক্তি সকলৰ বাবে প্ৰয়োজনত তিনিদিনৰ ঠাইত দুই-এদিন বৃদ্ধি কৰিব লগা হ’লেও সময় কৰা হব বৃদ্ধি।তাৰ বাবে কোনো যাত্ৰীয়ে চিন্তিত হোৱাৰ প্ৰয়োজন নাই।
গুৱাহাটীৰ মহানগৰীত বিভিন্ন ঠাই পৰা যাত্ৰী সকলক বাছ চলাচল কৰিব লগা নিৰ্দিষ্ট ঠাই লৈ অনা-নিয়া কৰাৰ বাবে ১০০ খন অ’লা-উবেৰ আৰু ৩০ খন ৰাজ্যিক পৰিবহন নিগমৰ চিটি বাছ চলাচল কৰিব।
ইফালে বহু সংখ্যক ব্যক্তিয়ে ১০৪ফোন কৰি যোগাযোগ কৰিব নোৱাৰা বুলি উঠা অভিযোগৰ সন্দৰ্ভত মন্ত্ৰী শৰ্মাই কয় “ভৱিষ্যতে যদি লকডাউন বৃদ্ধি পাই তেন্তে পুনৰ এইদৰে মাজতে দুই-এদিনৰ বাবে খোলা হব বাছ সেৱা।কোনো ব্যক্তিয়ে যাতে চিন্তা কৰিব নালাগে”।
আনহাতে. যাত্ৰা সম্পূৰ্ণ একমুখী হ’ব বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই নিজা বাহন থকা ৫১,৪০২জন ব্যক্তিয়ে আৱেদন কৰিছিল বুলি জানিব দিয়ে। তাৰে ১২,২০৬জন শনিবাৰে যাত্ৰা কৰিব। ১৯ হাজাৰ বাকী দুটা দিনত যাব। ইফালে, ১৯ হাজাৰ ব্যক্তিয়ে তথ্য ভুল কৈ দিয়া বাবে আৱেদন খাৰিজ হৈছে।
তাপৰ্য পূৰ্ণ কথা এই যে ৰাজস্থানৰ কোটাত আৱদ্ধ হৈ থকা ৰাজ্য ৩৯১গৰাকীৰ ১৮বছৰৰ তলৰ ছাত্ৰ-ছাত্ৰীক ৰাজ্য চৰকাৰৰ হস্তক্ষেপত ১৭খন বাছত অসমলৈ ঘূৰাই অনা হৈছে বুলি মন্ত্ৰী শৰ্মাই উল্লেখ কৰে।ছাত্ৰ-ছাত্ৰী দেওবাৰে পুৱা ৫বজাত অসম পাবহি।তাৰ পিচতে সৰুসজাই অথবা শ্ৰীৰামপুৰৰ কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হ’ব।
তাৰ পৰৱৰ্তী সময়ত পঞ্চম দিনৰ ছাত্ৰ-ছাত্ৰীসকলক কৰা হ’ব টেষ্ট।যিসকল ছাত্ৰ-ছাত্ৰী ঘৰলৈ যাব পৰা হ’ব বুলি চিকিৎসক সকলে ক’ব তেওঁলোকক পঠাই দিয়া হ’ব। তেওঁলোক ৰাজস্থানত কোৱাৰেণ্টাইনত আছিল মন্ত্ৰী শৰ্মাই কয়।
উল্লেখ যে, ছাত্ৰ-ছাত্ৰীসকলক সৈতে আছে ৮জন অসম আৰক্ষীৰ বিষয়া।