ASSAM TIMES POST
নিউজ ডেস্ক
কিছুদিন পূর্বেই বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ হুৰ বিৰুদ্ধে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰামপে অভিযোগ তুলিছিল যে তেওঁলোকেক’ৰ’ণা ভাইৰাছ প্ৰসংগত চীনৰ পক্ষপাতিত্ব কৰিছে। সেই অভিযোগতেই বৰ্তমানো অটল আছে ট্ৰামপ। তেওঁৰ অভিযোগ, এতিয়াও চীনৰ পক্ষপাতিত্ব কৰি আছে হুৱে।
এক সংবাদ মেলত ট্ৰামপে মন্তব্য কৰে, চীনৰ পক্ষত হুই কথা কৈ তেওঁলোকৰ পক্ষপাতিত্ব কৰিছে। এই কাম চলি থাকিলে আমেৰিকাৰ তৰফৰ পৰা আৰ্থিক সাহাৰ্য্য বন্ধ কৰি দিয়া হ’ব। অৱশ্যে পিছত এই ভাবুকিত কিছু কোমলতা সানি তেওঁ কয়, বন্ধ কৰি দিয়া হ’ব বুলি তেওঁ কোৱা নাই,চিন্তা কৰা হ’ব বুলিহে তেওঁ কৈছিল।
উল্লেখযোগ্য যে বিশ্ব স্বাস্থ্য সংস্থাত আমেৰিকাৰ অৰ্থ-সাহার্যই সকলোতকৈ বেছি।