চচিয়েল মিডিয়াত যুদ্ধ একতা কাপুৰ তথা অভিনেত্ৰী ঋষা চড্ডাৰ। ক’ৰণা ভাইৰাছে সমগ্ৰ পৃথিৱীত এক সন্ত্ৰাসৰ সৃষ্টি কৰিছে। সকলো জনসাধাৰণে এই ভাইৰাছ বিধৰ চৰ্চা কৰাৰ লগতে ইয়াক লৈ ইজনে আনজনক সতৰ্ক থকাৰ বাবেও আহ্বান জনাইছে চচিয়েল মিডিয়াত। আনহাতে, চচিয়েল মিডিয়াক ব্যৱহাৰ কৰি চিলেব্ৰেটী সকলেও জনসাধাৰণক ক’ৰ’না ভাইৰাছক লৈ সাৱধানতা অৱলম্বন কৰিবলৈ কয়। চিলেব্ৰটী সমূহৰ এনে আহ্বানৰ সমান্তৰালকৈ আকৌ একতা কাপুৰ আৰু ৰিচা চড্ডাৰ মাজত কমেডিয়ান অদিতি মিট্টলৰ এক টুইটকলৈ মতবিৰোধৰ সৃষ্টি হৈছে। অদিতি মিট্টলে টুইটযোগে লিখে যে, “ভাৰতত Covid 19″ ৰ লক্ষ্যণ দেখা পোৱা পিছত যেনেদৰে লোক বোৰ হাস্পাতাল আৰু ইয়াৰ কৰ্তৃপক্ষৰ পৰা পলাইছে; সেয়ে ইয়াকে দেখুৱাইছে যে ভাৰতীয় নাগৰিকৰ ৰাজ্য আৰু চৰকাৰৰ প্ৰতি কিমান আস্থা আৰু বিশ্বাস আছে।”

ঋষা চড্ডাই এই টুইটটোত নিজ সন্মতি জনোৱাৰ উপৰিও লিখে যে, “এনে ব্যৱহাৰৰ পৰা কোনো সন্মত নহয়।” এই টুইটসমূহৰ প্ৰতিউত্তৰ হিচাপে একতা কাপুৰে এটা টুইট কৰে; য’ত তেওঁ লিখে যে, “বৰ্তমান এই পৰিস্থিতিক ৰাজনীতিৰ নাম দিয়াটো গ্ৰহণযোগ্য নহয়।” একতাৰ এই টুইটোকে আকৌ ঋষাই নিজ ভাষাৰে উত্তৰ দিয়ে।
https://twitter.com/awryaditi/status/1239025114974322690
https://twitter.com/RichaChadha/status/1239071229153288192
https://twitter.com/RichaChadha/status/1239094090093846530
উল্লেখ্য যে, বিগত কিছু দিনত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত লোকসকল হাস্পাতালৰ পৰা পলোৱা খবৰ পোৱা গৈছিল। ইয়াৰ লগতে, কিছুদিন পূৰ্বে আকৌ জনপ্ৰিয় ফিল্মমেকাৰ একতা কাপুৰক চচিয়েল মিডিয়াত জনসাধাৰণে বহুল ৰূপত ট্ৰোল কৰা দেখিবলৈ পোৱা গৈছিল। এটা মন্দিৰলৈ গৈ তাত বহি থকা ভিক্ষাৰীসকলক একতা কাপুৰে কল দান কৰে কিন্তু, এই দান কৰা সময়ছোৱাত তেওঁক যাতে কোনো ভিক্ষাৰীয়ে চুব নোৱাৰে তেনেদৰে তেওঁ কলটো দান কৰিছিল। ফলত তেওঁক ট্ৰোল কৰে বহু জনসাধাৰণে।

“ঔ লাক্কী, লাক্কী ঔ” ত এটা সৰু চৰিত্ৰ ৰূপায়ন কৰা পিছত ঋষা চড্ডাই বহু ছবিত সহযোগী চৰিত্ৰ ৰূপায়ন কৰে। তেওঁ দৰ্শকক অধিক আকৰ্ষিত কৰে অনুৰাগ কাশ্যপৰ ছবি “গেংগছ অৱ ৱাছিপুৰ” ৰ পৰাহে। ১৯৮৮ চনত জন্মলাভ কৰা এই গৰাকী অভিনেত্ৰীয়ে প্ৰথমতে মডেলিঙৰ পৰা আৰম্ভ কৰিছিল নিজ কেৰিয়াৰ।












