ASSAM TIMES POST
ডিফু : ডিফু চহৰৰ পৰা আজি স্থানীয় ৰাইজৰ সহযোগত এটা গভাইত চোৰ আটক কৰা হৈছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি ডিফু চহৰৰ ৭ নং ৱাৰ্ডৰ ৰংকাংথুইৰ মুন্না মাৰ নামৰ লোকজনৰ ঘৰত কোনো নথকাৰ সুযোগলৈ ঘৰৰ তলা ভাঙি ঘৰৰ ভিতৰত অনাধিকাৰ প্ৰৱেশ কৰে ৷ এনেতে গিৰিহত ঘৰত আহি চোৰটোক ঘৰৰ ভিতৰত সোমাই থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকৰ সহযোগত চোৰটোক ডিফু আৰক্ষী থানাত চমজাই দিয়ে ৷ ধৃত চোৰটো আমিৰ উদ্দিন আহমেদ (২৮) বুলি চিনাক্ত কৰা হৈছে ৷
চোৰটো হোজাই জিলাৰ মোৰাঝাৰ থানা এলেকাৰ চৌধুৰী বজাৰৰ বুলি জানিব পৰা গৈছে লগতে বৰ্তমান চোৰটো ডিফুৰ ৰাজহুৱা শ্মশানঘাটৰ পিছফালৰ ৰংনিহান পথাৰত ভাড়াঘৰত ঘৰত থাকে বুলি জানিব পৰা গৈছে ৷প্ৰসংগক্ৰমে উল্লেখযোগ্য যে, ডিফু চহৰৰ নিবাসী হিমাংশু বৰা নামৰ লোকজনৰ ঘৰত যোৱা পৰহি এক চুৰি কাৰ্য সংঘটিত হৈছিল ৷ উক্ত লোকজন সেইদিনা পুৱাই চিকিৎসাৰ বাবে নগাঁৱলৈ যোৱাৰ সময়তে ঘৰৰ তলা ভাঙি ঘৰত প্ৰৱেশ কৰি ঘৰৰ গহনা পাতিকে ধৰি, বিভিন্ন যন্ত্ৰ পাতি আদি চুৰি কৰি নিয়ে ৷
আজি আৰক্ষীৰ জালত পৰা ধৃত চোৰটোৰ লগত কঁকালৰ বেল্ট আৰু গাড়ীৰ ৰেঞ্চ আদি যন্ত্ৰপাতি হিমাংশু বৰাৰ বুলি নিশ্চিত কৰা হৈছে ৷ উক্ত তথ্যৰ ভিত্তিত পৰহি হিমাংশু বৰাৰ ঘৰৰ চুৰি কাণ্ডত চোৰটো সন্দেহ প্ৰকাশ কৰা হৈছে যদিও চুৰে লুটি নিয়া সামগ্ৰী সমূহ এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই ৷ এই চুৰৰ চক্ৰত আন কেইবাজনো সদস্য জৰিত থকাৰ কথা আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ ঘৰে ঘৰে মাছ বিক্ৰি, আৰু প্ৰেছাৰ তুকাৰ, ৰন্ধন গেছ চৌকা আদি মেৰামতি কৰি ফুৰা ধৃত চোৰটো মাছ বিক্ৰি আৰু ৰন্ধন গেছ চৌকা মেৰামতিৰ চলেৰে চুৰিৰ লক্ষ্য সন্ধান কৰি ফুৰে বুলি জানিব পৰা গৈছে ৷
এই সন্দৰ্ভত ডিফু থানাত ভাঃদঃবিঃ আইনৰ ধাৰা ৩৮০ৰ অধীনত ৬৮/২০২০ এক গোছৰ ৰুজো দি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ শেহতীয়া জানিব পৰামতে ধৃত চোৰটোৰ স্বীকাৰোক্তিৰ ভিত্তিত ডিফু চহৰৰ পৰা এজন সোণাৰি দোকানীক আৰক্ষীয়ে সোধ-পোছৰ বাবে আটক কৰি নিছে ৷













