ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

PM Modi I ৰাহুল গান্ধীৰ ‘অৰ্থনৈতিক দুৰ্যোগ’ মন্তব্যৰ প্ৰত্যুত্তৰ দি পৰিসংখ্যা দাঙি ধৰিলে মোদীয়ে

News Desk by News Desk
November 20, 2026
Reading Time: 1 min read
A A
0
PM Modi I ৰাহুল গান্ধীৰ ‘অৰ্থনৈতিক দুৰ্যোগ’ মন্তব্যৰ প্ৰত্যুত্তৰ দি পৰিসংখ্যা দাঙি ধৰিলে মোদীয়ে

RELATED POSTS

Rahul Gandhi I২০১৪ চনত ‘ভোট চুৰি’ৰ দাবী সত্ত্বেও নিৰ্বাচন কিয় বৰ্জন কৰা নাছিল, চিকাগো বিশ্ববিদ্যালয়ত ৰাহুল গান্ধীৰ ব্যাখ্যা

Amit Shah I সন্ত্ৰাসবাদী নেটৱৰ্ক নিৰ্মূল কৰিবলৈ পলাতক অপৰাধীক দেশলৈ ঘূৰাই আনিবলৈ অমিত শ্বাহৰ নিৰ্দেশ

Cyclone Akvan I ঘূৰ্ণীবতাহ আকভানৰ স্থলপথত প্ৰৱেশ, ওড়িশাত প্ৰবল বৰষুণ

New Logo Smal 1 | ASSAM TIMES POST

ভাৰত এতিয়া বিশ্বৰ বৃহৎ অৰ্থনীতিৰ ভিতৰত আটাইতকৈ দ্ৰুতগতিত আগবাঢ়িছে। বিশ্ব বেংকৰ প্ৰতিবেদনৰ উদ্ধৃতি দি বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Modi)। তেওঁ কয় যে যোৱা ১২-১৩ বছৰত দেশৰ প্ৰায় ৫০ কোটি লোক দৰিদ্ৰতাৰ পৰা ওলাই আহিছে। উল্লেখ্য যে এদিন পূৰ্বে নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ত ৰাহুল গান্ধীয়ে এক অনুষ্ঠানত অংশ গ্ৰহণ কৰিছিল। তাত তেওঁ মন্তব্য কৰে যে ভাৰতে ‘অৰ্থনৈতিক বিপৰ্যয়’ৰ সন্মুখীন হৈছে। লোকসভাত বিৰোধী দলপতিৰ এই দাবীৰ পিছতে দেশৰ অর্থনীতিৰ অৱস্থা সন্দর্ভত প্রধানমন্ত্রীৰ মন্তব্যক কেন্দ্ৰ কৰি আৰম্ভ হৈছে এক নতুন ৰাজনৈতিক ধুমুহা৷

PM Modi I
ৰাহুল গান্ধীৰ ‘অৰ্থনৈতিক দুৰ্যোগ’ মন্তব্যৰ প্ৰত্যুত্তৰ দি পৰিসংখ্যা দাঙি ধৰিলে মোদীয়ে:

বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত ‘ফেডাৰেচন অব ইণ্ডিয়ান চেম্বাৰ্ছ অব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী’ৰ শতবাৰ্ষিকী সন্মিলন উদ্বোধন কৰে। তাত তেওঁ ভাৰতৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ বাবে দেশৰ যুৱক-যুৱতী, কৃষক, শ্ৰমিক আৰু উদ্যোগপতিসকলৰ কঠোৰ পৰিশ্ৰমৰ কৃতিত্ব দিয়ে। ইয়াৰ সমান্তৰালকৈ তেওঁ চৰকাৰৰ নীতি আৰু সদিচ্ছাৰ কথাও উল্লেখ কৰে। পূৰ্বৰ চৰকাৰসমূহক কটাক্ষ কৰি মোদীয়ে কয়, “যোৱা ১০০ বছৰত আমি লাইচেন্স-কোটাৰাজ দেখিছোঁ। ৰাষ্ট্ৰীয়কৰণৰ ব্যৰ্থ প্ৰচেষ্টাও আমি দেখিছোঁ। একবিংশ শতিকাতো আমি ‘ভংগুৰ পাঁচ’ (ফ্ৰেজাইল ফাইভ) অৰ্থনীতিৰ ভিতৰত আছিলোঁ।”

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ১২ বছৰত দেশবাসীৰ কঠোৰ পৰিশ্ৰমৰ বাবে অৰ্থনীতিৰ গতিপথ সলনি হৈছে। অভূতপূৰ্ব গতিৰে প্ৰায় ৫০ কোটি লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰা হৈছে। সত্তৰৰ দশকৰ ‘গৰিবি হটাও’ শ্লোগানৰ কথা উল্লেখ কৰি তেওঁ কয় যে সেই সময়ত ভাৰতৰ মুঠ জনসংখ্যা প্ৰায় ৫০ কোটি আছিল। তেতিয়া কিয় দৰিদ্ৰতা নিৰ্মূল কৰিব পৰা নগ’ল বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে। মোদীয়ে তাচ্ছিল্য কৰি কয়, “তেওঁলোকে দৰিদ্ৰতা নিৰ্মূল কৰিব পাৰিলেহেঁতেন। কিন্তু নীতি আৰু সদিচ্ছাৰ অভাৱ আছিল।” তেওঁ মন্তব্য কৰে যে সঠিক নীতি আৰু সদিচ্ছাৰে কি লাভ কৰিব পাৰি তাৰ প্ৰমাণ এফআইচিচি সন্মিলন।

উল্লেখ্য, বুধবাৰে কলম্বিয়া বিশ্ববিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত ৰাহুলে ভাৰতৰ অৰ্থনীতিক তীব্ৰ সমালোচনা কৰিছিল। তেওঁ ব্যাপক নিবনুৱা সমস্যা, উৎপাদন খণ্ডৰ দুৰ্বল অৱস্থা আৰু শিক্ষা ব্যৱস্থাৰ গভীৰ সমস্যাৰ ওপৰত আলোকপাত কৰে। ৰাহুল গান্ধীৰ যুক্তি আছিল যে ভাৰতৰ বিত্তীয় গাঁথনিয়ে প্ৰায় এদশক পূৰ্বে ফলাফল দিয়া বন্ধ কৰি দিছে। তেওঁৰ এই মন্তব্যৰ তীব্ৰ প্ৰতিবাদ কৰে বিজেপিয়ে। বিদেশৰ মাটিত থিয় হৈ দেশক লৈ ‘বিভ্ৰান্তিকৰ মন্তব্য’ কৰাৰ অভিযোগ গেৰুৱা শিবিৰৰ। এইবাৰ সমালোচনাৰ প্ৰতি সঁহাৰি জনাই মোদীয়ে এফআইচিচিৰ মঞ্চত উদ্যোগপতিসকলৰ আগত অৰ্থনৈতিক বিকাশ আৰু দৰিদ্ৰতা হ্ৰাসৰ পৰিসংখ্যা দাঙি ধৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৭ শতাংশ বা তাতকৈ অধিক হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছে। লগতে দেশৰ ৰপ্তানিৰ অভিলেখ দাঙি ধৰে। মোদীয়ে কয়, “অক্টোবৰ মাহত ভাৰতৰ ব্যৱসায়িক সামগ্ৰীৰ ৰপ্তানি প্ৰায় ৫০ বিলিয়ন ডলাৰ হৈছিল। এমাহৰ ভিতৰত এয়া আমাৰ সৰ্বাধিক ব্যৱসায়িক সামগ্ৰী ৰপ্তানি।” তেওঁ কয় যে ভাৰতৰ এই শক্তিশালী অগ্ৰগতিৰ বাবেই মুডীজ ৰেটিংছ, এছ এণ্ড পি গ্ল’বেল ৰেটিংছ, ফিচ ৰেটিংছ, বিশ্ব বেংক আৰু এছিয়ান ডেভেলপমেণ্ট বেংকৰ (এডিবি) দৰে সংস্থাই ভাৰতৰ বিকাশৰ পূৰ্বাভাস বৃদ্ধি কৰিছে। প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় উদ্যোগক ‘বিকশিত ভাৰত’ৰ লক্ষ্য পূৰণৰ বাবে নিজৰ সামৰ্থ্য সৎভাৱে মূল্যায়ন কৰিবলৈ পৰামৰ্শ দিয়ে। তেওঁ কয়, “উন্নত ভাৰতৰ পথত আগবাঢ়ি যাবলৈ আগন্তুক ২০ বছৰত কি কৰিব পাৰি ভাৰতীয় উদ্যোগে সিদ্ধান্ত ল’ব লাগিব।” তেওঁ সোঁৱৰাই দিয়ে যে গতানুগতিক খণ্ডই হ্ৰস্বম্যাদী লাভৰ সুবিধা দিব পাৰে। কিন্তু ঔদ্যোগিক কোম্পানীসমূহে ভৱিষ্যতে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উদ্ভৱ হ’বলগীয়া নতুন চাহিদাৰ বাবে এতিয়াই প্ৰস্তুতি চলাব লাগিব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: মন্তব্যৰ প্ৰত্যুত্তৰ দি পৰিসংখ্যা দাঙি ধৰিলে মোদীয়েৰাহুল গান্ধীৰ ‘অৰ্থনৈতিক দুৰ্যোগ’
Share4Tweet3Send

Related Posts

Rahul Gandhi I২০১৪ চনত ‘ভোট চুৰি’ৰ দাবী সত্ত্বেও নিৰ্বাচন কিয় বৰ্জন কৰা নাছিল, চিকাগো বিশ্ববিদ্যালয়ত ৰাহুল গান্ধীৰ ব্যাখ্যা
National-International

Rahul Gandhi I২০১৪ চনত ‘ভোট চুৰি’ৰ দাবী সত্ত্বেও নিৰ্বাচন কিয় বৰ্জন কৰা নাছিল, চিকাগো বিশ্ববিদ্যালয়ত ৰাহুল গান্ধীৰ ব্যাখ্যা

by News Desk
November 20, 2026
50
Amit Shah : অনুপ্ৰৱেশৰ বাবে জনগাঁথনিৰ ওপৰত প্ৰভাৱ অধ্যয়ন কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ কমিটী গঠন
National-International

Amit Shah I সন্ত্ৰাসবাদী নেটৱৰ্ক নিৰ্মূল কৰিবলৈ পলাতক অপৰাধীক দেশলৈ ঘূৰাই আনিবলৈ অমিত শ্বাহৰ নিৰ্দেশ

by News Desk
November 20, 2026
50
Cyclone Akvan I ঘূৰ্ণীবতাহ আকভানৰ স্থলপথত প্ৰৱেশ, ওড়িশাত প্ৰবল বৰষুণ
National-International

Cyclone Akvan I ঘূৰ্ণীবতাহ আকভানৰ স্থলপথত প্ৰৱেশ, ওড়িশাত প্ৰবল বৰষুণ

by News Desk
November 20, 2026
50
Akhilesh Yadav I অখিলেশ যাদৱৰ ৰোডশ্ব’ত বুলড’জাৰৰ খুন্দাত বিজেপি নেতাৰ নাবালক পুত্ৰৰ মৃত্যু
National-International

Akhilesh Yadav I অখিলেশ যাদৱৰ ৰোডশ্ব’ত বুলড’জাৰৰ খুন্দাত বিজেপি নেতাৰ নাবালক পুত্ৰৰ মৃত্যু

by Staff Reporter
November 19, 2026
50
Delhi Police I ভিৰ নিয়ন্ত্ৰণৰ সময়ত মহিলা আৰক্ষীয়েহে মহিলাক চম্ভালিব লাগিব বুলি কোনো বাধ্যবাধকতা নাই, ছুপ্ৰিম কোৰ্টত দিল্লী আৰক্ষী
National-International

Delhi Police I ভিৰ নিয়ন্ত্ৰণৰ সময়ত মহিলা আৰক্ষীয়েহে মহিলাক চম্ভালিব লাগিব বুলি কোনো বাধ্যবাধকতা নাই, ছুপ্ৰিম কোৰ্টত দিল্লী আৰক্ষী

by Staff Reporter
November 18, 2026
50
Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য
National-International

Sonia Gandhi memoir I বিয়াৰ প্ৰথম বছৰত শাহুৱেকৰ ভয়ত থৰ থৰকৈ কঁপিছিল ছোনিয়া

by News Desk
November 18, 2026
50
ADVERTISEMENT
PM Modi I ৰাহুল গান্ধীৰ ‘অৰ্থনৈতিক দুৰ্যোগ’ মন্তব্যৰ প্ৰত্যুত্তৰ দি পৰিসংখ্যা দাঙি ধৰিলে মোদীয়ে
National-International

PM Modi I ৰাহুল গান্ধীৰ ‘অৰ্থনৈতিক দুৰ্যোগ’ মন্তব্যৰ প্ৰত্যুত্তৰ দি পৰিসংখ্যা দাঙি ধৰিলে মোদীয়ে

November 20, 2026
50
Rahul Gandhi I২০১৪ চনত ‘ভোট চুৰি’ৰ দাবী সত্ত্বেও নিৰ্বাচন কিয় বৰ্জন কৰা নাছিল, চিকাগো বিশ্ববিদ্যালয়ত ৰাহুল গান্ধীৰ ব্যাখ্যা
National-International

Rahul Gandhi I২০১৪ চনত ‘ভোট চুৰি’ৰ দাবী সত্ত্বেও নিৰ্বাচন কিয় বৰ্জন কৰা নাছিল, চিকাগো বিশ্ববিদ্যালয়ত ৰাহুল গান্ধীৰ ব্যাখ্যা

November 20, 2026
50
Amit Shah : অনুপ্ৰৱেশৰ বাবে জনগাঁথনিৰ ওপৰত প্ৰভাৱ অধ্যয়ন কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ কমিটী গঠন
National-International

Amit Shah I সন্ত্ৰাসবাদী নেটৱৰ্ক নিৰ্মূল কৰিবলৈ পলাতক অপৰাধীক দেশলৈ ঘূৰাই আনিবলৈ অমিত শ্বাহৰ নিৰ্দেশ

November 20, 2026
50
Cyclone Akvan I ঘূৰ্ণীবতাহ আকভানৰ স্থলপথত প্ৰৱেশ, ওড়িশাত প্ৰবল বৰষুণ
National-International

Cyclone Akvan I ঘূৰ্ণীবতাহ আকভানৰ স্থলপথত প্ৰৱেশ, ওড়িশাত প্ৰবল বৰষুণ

November 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi I ৰাহুল গান্ধীৰ ‘অৰ্থনৈতিক দুৰ্যোগ’ মন্তব্যৰ প্ৰত্যুত্তৰ দি পৰিসংখ্যা দাঙি ধৰিলে মোদীয়ে

PM Modi I ৰাহুল গান্ধীৰ ‘অৰ্থনৈতিক দুৰ্যোগ’ মন্তব্যৰ প্ৰত্যুত্তৰ দি পৰিসংখ্যা দাঙি ধৰিলে মোদীয়ে

November 20, 2026
Rahul Gandhi I২০১৪ চনত ‘ভোট চুৰি’ৰ দাবী সত্ত্বেও নিৰ্বাচন কিয় বৰ্জন কৰা নাছিল, চিকাগো বিশ্ববিদ্যালয়ত ৰাহুল গান্ধীৰ ব্যাখ্যা

Rahul Gandhi I২০১৪ চনত ‘ভোট চুৰি’ৰ দাবী সত্ত্বেও নিৰ্বাচন কিয় বৰ্জন কৰা নাছিল, চিকাগো বিশ্ববিদ্যালয়ত ৰাহুল গান্ধীৰ ব্যাখ্যা

November 20, 2026
Amit Shah : অনুপ্ৰৱেশৰ বাবে জনগাঁথনিৰ ওপৰত প্ৰভাৱ অধ্যয়ন কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ কমিটী গঠন

Amit Shah I সন্ত্ৰাসবাদী নেটৱৰ্ক নিৰ্মূল কৰিবলৈ পলাতক অপৰাধীক দেশলৈ ঘূৰাই আনিবলৈ অমিত শ্বাহৰ নিৰ্দেশ

November 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d