
সাগৰত শক্তি হেৰুৱাই স্থলপথেৰে আগবাঢ়িছিল সহঘূৰ্ণীবতাহ আকভান (Cyclone Akvan)। তীব্ৰ ঘূৰ্ণীবতাহ হিচাপে উত্তৰ অন্ধ্ৰপ্ৰদেশ আৰু দক্ষিণ ওড়িশাৰ উপকূলৰ ফালে আগবাঢ়িছিল আকভান। কিন্তু গভীৰ নিশা শক্তি হেৰুৱাইছে। বতৰ বিজ্ঞান বিভাগে শুকুৰবাৰে পুৱাৰ বুলেটিনত প্ৰকাশ কৰিছে যে গোপালপুৰৰ সমীপত ঘূৰ্ণীবতাহৰ স্থলপথত প্ৰৱেশ প্ৰক্ৰিয়া আৰম্ভ হৈছে। সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ’বলৈ তিনি ঘণ্টা সময় লাগিব পাৰে। বতৰ বিজ্ঞান কাৰ্যালয়ে জনোৱা মতে, যদিও ঘূৰ্ণীবতাহৰ শেষ অংশ স্থলভাগত প্ৰৱেশ কৰিছে, তথাপিও ইয়াৰ মূল অংশ (আই অব দ্য চাইক্লোন বা চাইক্লোন আই) ১৩০ কিলোমিটাৰ দূৰৈত আছে।

ঘূৰ্ণীবতাহৰ এই অংশ যেতিয়া স্থলভাগত প্ৰৱেশ কৰিব তেতিয়া গোপালপুৰ আৰু কাষৰীয়া অঞ্চলত বতাহৰ গতিবেগ ঘণ্টাত ৭০ৰ পৰা ৮০ কিলোমিটাৰ হ’ব পাৰে। বতাহৰ সৰ্বোচ্চ গতি ঘণ্টাত ৯০ কিলোমিটাৰো হ’ব পাৰে। স্থলভাগত প্ৰৱেশৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত ঘূৰ্ণীবতাহে অধিক শক্তি হেৰুৱাই গভীৰ নিম্নচাপলৈ পৰিণত হ’ব। যোৱা ২৪ ঘণ্টাত ঘূৰ্ণীবতাহ আকভানে নিজৰ গতিপথ সলনি কৰি ওড়িশাৰ দিশে আগবাঢ়িছে। প্ৰথম অৱস্থাত অন্ধ্ৰপ্ৰদেশৰ ক’ৰবাত খুন্দা মাৰিব বুলি ভবা হৈছিল। পিছত বতৰ বিজ্ঞান বিভাগে উত্তৰ অন্ধ্ৰপ্ৰদেশ আৰু দক্ষিণ ওড়িশাৰ উপকূলত স্থলপথত প্ৰৱেশ কৰিব বুলি অৱগত কৰে। দক্ষিণ ওড়িশাৰ জিলাসমূহত জাৰি কৰা হৈছে দুৰ্যোগৰ সতৰ্কবাণী।
ঘূৰ্ণীবতাহৰ নিম্নচাপৰ বাবে শুকুৰবাৰ আৰু শনিবাৰে পুৰীকে ধৰি ওড়িশাৰ কেইবাখনো জিলাত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। আন জিলাসমূহ হ’ল ভদ্ৰক, কটক, গাজাপতি, গঞ্জাম, জগতসিংহপুৰ, জাজপুৰ, খুৰদা, কেন্দ্ৰপাৰা আৰু নয়াগড়। কোৰাপুট আৰু মালকানগিৰিতো প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে। বৃহস্পতিবাৰৰ পৰা শুকুৰবাৰৰ পুৱালৈকে ওড়িশাৰ ভিতৰত সৰ্বাধিক বৰষুণ হয় গোপালপুৰত। এই সময়ছোৱাত ১৬৬ মিলিমিটাৰ বৰষুণ হৈছে। শুকুৰবাৰে পুৱা ৪.৩০ বজালৈকে ওড়িশাৰ চান্দবালিত ৯০ মিলিমিটাৰ, পাৰাদীপত ৮৪ মিলিমিটাৰ আৰু পুৰীত ৭৩ মিলিমিটাৰ বৰষুণ হৈছে।
ৰাজ্যিক প্ৰশাসনে ওড়িশাৰ আটাইকেইখন জিলাৰ পৰা কমেও তিনি লাখ লোকক আঁতৰাই নিছে, য’ত দুৰ্যোগৰ সতৰ্কবাণী আছে। ২৫২৩ টা আশ্ৰয় শিবিৰ মুকলি কৰা হৈছে। জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ওড়িশা প্ৰশাসনে ৪২৩টা উদ্ধাৰকাৰী দল মোতায়েন কৰিছে। এনডিআৰএফৰ ১৪টা দল, ওড়িশা দুৰ্যোগ সঁহাৰি বাহিনীৰ ৬০টা আৰু অগ্নিনিৰ্বাপক বাহিনীৰ ১৩১টা দল আছে। শুকান খাদ্য, খোৱাপানী, অত্যাৱশ্যকীয় ঔষধ, চেনিটেৰী পেড, শিশুৰ খাদ্য আশ্ৰয় শিবিৰত যোগান ধৰিবলৈ মজুত ৰখা হৈছে। ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে এই দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰশাসনৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে।
ঘূৰ্ণীবতাহৰ বাবে ১৯ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ বন্দে ভাৰতকে ধৰি পুৰীলৈ যোৱা কেইবাখনো ৰে’ল বাতিল কৰা হৈছে। শুকুৰবাৰে কেইবাখনো টাটানগৰ-বাদামপহাৰ মেমু, বালেশ্বৰ-গোপীনাথপুৰ নীলগিৰি মেমু, টাটানগৰ-ব্ৰহ্মপুৰ এক্সপ্ৰেছো বাতিল কৰা হৈছে।













