ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rahul Gandhi I২০১৪ চনত ‘ভোট চুৰি’ৰ দাবী সত্ত্বেও নিৰ্বাচন কিয় বৰ্জন কৰা নাছিল, চিকাগো বিশ্ববিদ্যালয়ত ৰাহুল গান্ধীৰ ব্যাখ্যা

News Desk by News Desk
November 20, 2026
Reading Time: 1 min read
A A
0
Rahul Gandhi I২০১৪ চনত ‘ভোট চুৰি’ৰ দাবী সত্ত্বেও নিৰ্বাচন কিয় বৰ্জন কৰা নাছিল, চিকাগো বিশ্ববিদ্যালয়ত ৰাহুল গান্ধীৰ ব্যাখ্যা

RELATED POSTS

PM Modi I ৰাহুল গান্ধীৰ ‘অৰ্থনৈতিক দুৰ্যোগ’ মন্তব্যৰ প্ৰত্যুত্তৰ দি পৰিসংখ্যা দাঙি ধৰিলে মোদীয়ে

Amit Shah I সন্ত্ৰাসবাদী নেটৱৰ্ক নিৰ্মূল কৰিবলৈ পলাতক অপৰাধীক দেশলৈ ঘূৰাই আনিবলৈ অমিত শ্বাহৰ নিৰ্দেশ

Cyclone Akvan I ঘূৰ্ণীবতাহ আকভানৰ স্থলপথত প্ৰৱেশ, ওড়িশাত প্ৰবল বৰষুণ

New Logo Smal 1 | ASSAM TIMES POST

‘ভোট চুৰি’ বিতৰ্কত নতুন উপাদান সংযোজন কৰিলে ৰাহুল গান্ধীয়ে (Rahul Gandhi)। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁৰ হাতত ‘চুৰি’ৰ প্ৰমাণ আছে বুলি অভিযোগ উত্থাপন কৰে। ইয়াৰ পিছতো ৰাহুল গান্ধীয়ে এই বিষয়ত ৰাজহুৱাভাৱে কিয় মাত মতা নাছিল বা কংগ্ৰেছে নিৰ্বাচন বৰ্জনৰ পথত কিয় আগবাঢ়িব পৰা নাই সেই কথাও বুজাই দিয়ে। মঙলবাৰে আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পাছতে লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুলে বুধবাৰে চিকাগো বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সৈতে বাৰ্তালাপ কৰে। তাত তেওঁ ভাৰতৰ গণতন্ত্ৰক ‘পবিত্ৰ’ আখ্যা দি কয় যে যেতিয়ালৈকে সাধাৰণ ৰাইজে বুজি নাপায় যে সমগ্ৰ ব্যৱস্থাটো ধ্বংস হৈ গৈছে, তেতিয়ালৈকে কংগ্ৰেছে নিৰ্বাচনী পৰাজয় মানি ল’বলৈ সাজু। ৰাহুল গান্ধীৰ মন্তব্যই ইংগিত দিয়ে যে ‘ভোট চুৰি’ৰ বাবে বাৰে বাৰে নিৰ্বাচনী পৰাজয়ৰ সন্মুখীন হৈছে কংগ্ৰেছ।

Rahul Gandhi I
২০১৪ চনত ‘ভোট চুৰি’ৰ দাবী সত্ত্বেও নিৰ্বাচন কিয় বৰ্জন কৰা নাছিল, চিকাগো বিশ্ববিদ্যালয়ত ৰাহুল গান্ধীৰ ব্যাখ্যা:

চিকাগো বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক ৰাহুল গান্ধীয়ে কয় যে তেওঁৰ দলে কেৱল কংগ্ৰেছৰ নিৰ্বাচনী প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন কৰাই নহয়, নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিব। লগতে দাবী কৰে যে কংগ্ৰেছে যদি নিৰ্বাচন বৰ্জনৰ পথত আগবাঢ়ি যায় তেন্তে লগে লগে গণতন্ত্ৰৰ যৱনিকা পৰিব। লগতে তেওঁ মন্তব্য কৰে যে কংগ্ৰেছে ভাৰতীয় গণতন্ত্ৰৰ অন্ত হোৱাটো নিবিচাৰে। ৰাহুল গান্ধীয়ে কয়, “আমাৰ কৌশল হ’ল কি চলি আছে তাক উদঙাই দিয়া। গণতান্ত্ৰিক ব্যৱস্থা সম্পূৰ্ণৰূপে ভাঙি গৈছে, মানুহে সেইটো বুজি নোপোৱালৈকে পৰাজয় গ্ৰহণ কৰিম। কিন্তু একে সময়তে আমি নিৰ্বাচনী গাঁথনি ভাঙিব নিবিচাৰো।” একে সময়তে ৰাহুল গান্ধীয়ে লগতে কয়, “ভাৰতীয় গণতন্ত্ৰত এটা সমস্যাৰ সৃষ্টি হৈছে- ১০০, ২০০, ৩০০ শতাংশ প্ৰমাণ অবিহনে মোৰ বাবে কোৱাটো কঠিন।”

ৰাহুল গান্ধীয়ে কয় যে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বিশাল জয়ক লৈ কংগ্ৰেছৰ ভিতৰতো প্ৰশ্ন উত্থাপন হৈছিল। ৰাহুল গান্ধীয়ে কয়, “২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত আমিও অনুভৱ কৰিছিলোঁ যে ক’ৰবাত খেলিমেলি হৈছে। কাৰণ যি মাৰ্জিনত বিজেপি জয়ী হৈছিল, তাৰ কোনো ব্যাখ্যা নাই। কিন্তু সেই সময়ত আমাৰ হাতত প্ৰমাণ নাছিল।” ৰায়বৰেলীৰ সাংসদগৰাকীয়ে লগতে কয়, “যেতিয়া মই প্ৰমাণ পাই দলৰ জ্যেষ্ঠ নেতাক দেখুৱাইছিলোঁ, তেতিয়া তেওঁলোকে মোক এই বিষয়ে একো নক’বলৈ কৈছিল।” এই ভিত্তিত তেওঁ দাবী কৰে যে নিৰ্বাচন আয়োগৰ বিষয়াসকলে ‘ভোট চুৰি’ৰ বহু তথ্য বিৰোধীক গতাই দিছে।

ইফালে ৰাহুল গান্ধীৰ ভাষণৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত পোষ্ট কৰি বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীয়ে ৰাহুল গান্ধীক আক্ৰমণ কৰে। বিজেপিয়ে দাবী কৰিছে যে ভিডিঅ’টোত ৰাহুলে ভাৰতীয় গণতন্ত্ৰক অসুস্থ বুলি অভিহিত কৰিছে। বিজেপিৰ মুখপাত্ৰগৰাকীয়ে ছ’চিয়েল মিডিয়াত লিখিছে, “বিদেশৰ মাটিত থিয় হৈ ভাৰতীয় গণতন্ত্ৰক অসুস্থ বুলি অভিহিত কৰি ৰাহুলে পুনৰবাৰ প্ৰমাণ কৰিলে যে তেওঁ বংশবাদী শাসনক ভালপায় আৰু গণতন্ত্ৰক ঘৃণা কৰে।” তেওঁ ৰাহুল গন্ধীক ‘ভাৰতবিৰোধী অপপ্ৰচাৰৰ নেতা’ বুলিও অভিহিত কৰে। উল্লেখ্য যে বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ আৰু ককৰোচ জনতা পাৰ্টীয়ে বিগত কিছুদিন ধৰি দিল্লীৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰি এছআইআৰ প্ৰক্ৰিয়াত অনিয়মৰ অভিযোগ উত্থাপন কৰি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী জনাইছে। উৎসৱৰ বতৰ শেষ হ’লেই আন এক আন্দোলন আৰম্ভ কৰিবলৈ সাজু হৈছে বিৰোধী দলসমূহে। এই পৰিৱেশত ৰাহুল গান্ধীয়ে আমেৰিকাৰ মাটিৰ পৰা ‘ভোট চুৰি’ৰ অভিযোগ উত্থাপন কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: চিকাগো বিশ্ববিদ্যালয়তনিৰ্বাচন কিয় বৰ্জন কৰা নাছিল২০১৪ চনত ‘ভোট চুৰি’ৰ দাবী সত্ত্বেওৰাহুল গান্ধীৰ ব্যাখ্যা
Share4Tweet3Send

Related Posts

PM Modi I ৰাহুল গান্ধীৰ ‘অৰ্থনৈতিক দুৰ্যোগ’ মন্তব্যৰ প্ৰত্যুত্তৰ দি পৰিসংখ্যা দাঙি ধৰিলে মোদীয়ে
National-International

PM Modi I ৰাহুল গান্ধীৰ ‘অৰ্থনৈতিক দুৰ্যোগ’ মন্তব্যৰ প্ৰত্যুত্তৰ দি পৰিসংখ্যা দাঙি ধৰিলে মোদীয়ে

by News Desk
November 20, 2026
50
Amit Shah : অনুপ্ৰৱেশৰ বাবে জনগাঁথনিৰ ওপৰত প্ৰভাৱ অধ্যয়ন কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ কমিটী গঠন
National-International

Amit Shah I সন্ত্ৰাসবাদী নেটৱৰ্ক নিৰ্মূল কৰিবলৈ পলাতক অপৰাধীক দেশলৈ ঘূৰাই আনিবলৈ অমিত শ্বাহৰ নিৰ্দেশ

by News Desk
November 20, 2026
50
Cyclone Akvan I ঘূৰ্ণীবতাহ আকভানৰ স্থলপথত প্ৰৱেশ, ওড়িশাত প্ৰবল বৰষুণ
National-International

Cyclone Akvan I ঘূৰ্ণীবতাহ আকভানৰ স্থলপথত প্ৰৱেশ, ওড়িশাত প্ৰবল বৰষুণ

by News Desk
November 20, 2026
50
Akhilesh Yadav I অখিলেশ যাদৱৰ ৰোডশ্ব’ত বুলড’জাৰৰ খুন্দাত বিজেপি নেতাৰ নাবালক পুত্ৰৰ মৃত্যু
National-International

Akhilesh Yadav I অখিলেশ যাদৱৰ ৰোডশ্ব’ত বুলড’জাৰৰ খুন্দাত বিজেপি নেতাৰ নাবালক পুত্ৰৰ মৃত্যু

by Staff Reporter
November 19, 2026
50
Delhi Police I ভিৰ নিয়ন্ত্ৰণৰ সময়ত মহিলা আৰক্ষীয়েহে মহিলাক চম্ভালিব লাগিব বুলি কোনো বাধ্যবাধকতা নাই, ছুপ্ৰিম কোৰ্টত দিল্লী আৰক্ষী
National-International

Delhi Police I ভিৰ নিয়ন্ত্ৰণৰ সময়ত মহিলা আৰক্ষীয়েহে মহিলাক চম্ভালিব লাগিব বুলি কোনো বাধ্যবাধকতা নাই, ছুপ্ৰিম কোৰ্টত দিল্লী আৰক্ষী

by Staff Reporter
November 18, 2026
50
Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য
National-International

Sonia Gandhi memoir I বিয়াৰ প্ৰথম বছৰত শাহুৱেকৰ ভয়ত থৰ থৰকৈ কঁপিছিল ছোনিয়া

by News Desk
November 18, 2026
50
ADVERTISEMENT
PM Modi I ৰাহুল গান্ধীৰ ‘অৰ্থনৈতিক দুৰ্যোগ’ মন্তব্যৰ প্ৰত্যুত্তৰ দি পৰিসংখ্যা দাঙি ধৰিলে মোদীয়ে
National-International

PM Modi I ৰাহুল গান্ধীৰ ‘অৰ্থনৈতিক দুৰ্যোগ’ মন্তব্যৰ প্ৰত্যুত্তৰ দি পৰিসংখ্যা দাঙি ধৰিলে মোদীয়ে

November 20, 2026
50
Rahul Gandhi I২০১৪ চনত ‘ভোট চুৰি’ৰ দাবী সত্ত্বেও নিৰ্বাচন কিয় বৰ্জন কৰা নাছিল, চিকাগো বিশ্ববিদ্যালয়ত ৰাহুল গান্ধীৰ ব্যাখ্যা
National-International

Rahul Gandhi I২০১৪ চনত ‘ভোট চুৰি’ৰ দাবী সত্ত্বেও নিৰ্বাচন কিয় বৰ্জন কৰা নাছিল, চিকাগো বিশ্ববিদ্যালয়ত ৰাহুল গান্ধীৰ ব্যাখ্যা

November 20, 2026
50
Amit Shah : অনুপ্ৰৱেশৰ বাবে জনগাঁথনিৰ ওপৰত প্ৰভাৱ অধ্যয়ন কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ কমিটী গঠন
National-International

Amit Shah I সন্ত্ৰাসবাদী নেটৱৰ্ক নিৰ্মূল কৰিবলৈ পলাতক অপৰাধীক দেশলৈ ঘূৰাই আনিবলৈ অমিত শ্বাহৰ নিৰ্দেশ

November 20, 2026
50
Cyclone Akvan I ঘূৰ্ণীবতাহ আকভানৰ স্থলপথত প্ৰৱেশ, ওড়িশাত প্ৰবল বৰষুণ
National-International

Cyclone Akvan I ঘূৰ্ণীবতাহ আকভানৰ স্থলপথত প্ৰৱেশ, ওড়িশাত প্ৰবল বৰষুণ

November 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi I ৰাহুল গান্ধীৰ ‘অৰ্থনৈতিক দুৰ্যোগ’ মন্তব্যৰ প্ৰত্যুত্তৰ দি পৰিসংখ্যা দাঙি ধৰিলে মোদীয়ে

PM Modi I ৰাহুল গান্ধীৰ ‘অৰ্থনৈতিক দুৰ্যোগ’ মন্তব্যৰ প্ৰত্যুত্তৰ দি পৰিসংখ্যা দাঙি ধৰিলে মোদীয়ে

November 20, 2026
Rahul Gandhi I২০১৪ চনত ‘ভোট চুৰি’ৰ দাবী সত্ত্বেও নিৰ্বাচন কিয় বৰ্জন কৰা নাছিল, চিকাগো বিশ্ববিদ্যালয়ত ৰাহুল গান্ধীৰ ব্যাখ্যা

Rahul Gandhi I২০১৪ চনত ‘ভোট চুৰি’ৰ দাবী সত্ত্বেও নিৰ্বাচন কিয় বৰ্জন কৰা নাছিল, চিকাগো বিশ্ববিদ্যালয়ত ৰাহুল গান্ধীৰ ব্যাখ্যা

November 20, 2026
Amit Shah : অনুপ্ৰৱেশৰ বাবে জনগাঁথনিৰ ওপৰত প্ৰভাৱ অধ্যয়ন কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ কমিটী গঠন

Amit Shah I সন্ত্ৰাসবাদী নেটৱৰ্ক নিৰ্মূল কৰিবলৈ পলাতক অপৰাধীক দেশলৈ ঘূৰাই আনিবলৈ অমিত শ্বাহৰ নিৰ্দেশ

November 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d