ASSAM TIMES POST
ডিফু, ১২ মাৰ্চ: বুধবাৰে ডিফুৰ হৰিলাল বস্তিত দৰিদ্ৰ ৰাইজৰ মাজত ‘ৱেলফেয়াৰ ফৰ প্লেইন ট্ৰাইব এণ্ড আদাৰ বেকৱাৰ্ড ক্লাছেজ’ আঁচনিৰ অধীনত টিনপাত বিতৰণস্থলীত উদ্ভৱ হোৱা অপ্ৰিতীকৰ পৰিস্থিতি আৰু হিতাধিকাৰীৰ ওপৰত আৰক্ষীৰ লাঠি চাৰ্জ, শূন্যলৈ গুলীচালনা আৰু এগৰাকী আশীতীপৰ বিধৱামহিলা গুৰুতৰভাৱে আহত হোৱা ঘটনাত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ লগতে কেএছএ, কেএনচিএ আৰু আইপোৱাই তীব্ৰ গৰিহণা দিছে ৷
এইলৈ আজি ডিফুৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত জিলা কংগ্ৰেছে এক সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদমেলত জিলা কংগ্ৰছৰ উপসভাপতি ৰতন ইংতিয়ে কয় যে, নিজ সমৰ্থনকাৰীসকলক বিনামূলীয়া টিনপাত বিতৰণ কৰিবলৈ গৈ টিনপাত দিয়াৰ পৰিৱৰ্তে তেওলোকক নিৰাপত্তাৰক্ষীৰ হতুৱাই হাৰাশিস্তি কৰা কাৰ্য জিলা কংগ্ৰেছে কেতিয়াও মানি ল’ব নোৱাৰে কংগ্ৰেছৰ ১৫ বছৰীয়া শাসন কালত ৰাজহুৱা বিতৰণ ব্যৱস্থাত জিলাখনত কেতিয়াও এনে আইন- শৃংখলা পৰিস্থিতিৰ উদ্ভৱ হোৱা নাছিল বুলি কয় নেতাগৰাকীয়ে ৷
আনহাতে জিলা কংগ্ৰেছৰ আনগৰাকী উপসভাপতিয়ে কয় যে, নিৰাপত্তাৰক্ষী আৰু হিতাধিকাৰীৰ মাজত হোৱা হুলস্থুলীয়া পৰিবেশৰ মাজত ৮০ বছৰীয়া মহিলা কাৰেং ইংহীপীৰ চিকিৎসাৰ যাৱতীয় খৰছ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদে বহন কৰিব লাগে বুলি দাবী জনায় ৷ ইয়াৰোপৰি জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ডা: মংবে ৰংপিয়ে কয় যে, উক্ত টিনপাত ল’বলৈ দূৰদূৰণিৰ গাঁৱৰ পৰা হিতাধিকাৰীসকল বাছ ভাড়া কৰি ডিফুলৈ টিন ল’বলৈ অহা কাৰ্য বিজেপি শাসিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শাসনকালত উন্নয়ণৰ স্বৰূপ উন্মোচিত হৈছে বুলি কটাক্ষ কৰে ৷
সংবাদমেলৰ পিছত জিলা কংগ্ৰেছৰ হৈ ডা: মংবে’ ৰংপিসহ জিলা কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত আহত হোৱা মহিলা কাৰেং ইংহীপীৰ স্বাস্থ্যৰ বুজ লয় ৷ ইপিনে ডিফু-লামডিং ৰোড স্থিত কেএছএ কাৰ্যালয়তো এক সংবাদমেল অনুষ্ঠিত কৰি কেএছএৰ সভাপতি ছিমিয়ণ ৰংফাৰে সমগ্ৰ ঘটনাক নিন্দা কৰাৰ লগতে আহত বৃদ্ধা মহিলাগৰাকীৰ চিকিৎসা আৰু আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ কৰ্তৃপক্ষক দাবী জনায়।













