
শিক্ষকৰ উপস্থিতিত শ্ৰেণীকোঠাত পাঠদান চলি থকাৰ সময়তে এজন যুৱকে হঠাতে দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত প্ৰৱেশ কৰি যন্ত্ৰচালিত কৰতেৰে দুগৰাকী ছাত্ৰীক আক্ৰমণ কৰাৰ অভিযোগ। অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ জিলাৰ ৰাপ্তডু গাঁৱৰ জিলা পৰিষদ হাইস্কুলত শনিবাৰে পুৱা প্ৰায় ১০.৩০ বজাত সংঘটিত হয় এই ঘটনা। এই আক্ৰমণত আহত হয় দুয়োগৰাকী ছাত্ৰী। ইয়াৰে এগৰাকীৰ অৱস্থা সংকটজনক। পলাবলৈ চেষ্টা কৰি থকা অৱস্থাত ধৰ্মাৱৰাম ৰেল ষ্টেচনৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত যুৱকজনক।
আৰক্ষীৰ প্ৰাৰম্ভিক তথ্য অনুসৰি, গ্ৰেপ্তাৰ হোৱা ২১ বছৰীয়া যুৱকজনৰ নাম হেমন্ত ওৰফে ডাম্মু। শ্ৰীসত্য সাই জিলাৰ ধৰ্মবৰাম মণ্ডলৰ নাগালুৰ বাসিন্দা আৰু ভুক্তভোগী ছাত্ৰীৰ দূৰ সম্পৰ্কীয়। আৰক্ষীৰ সূত্ৰ অনুসৰি, বিদ্যালয়খনৰ মেৰামতিৰ কাম চলি থকাৰ বাবে নিৰাপত্তাৰক্ষী আৰু একাংশ শিক্ষকে যুৱকজনৰ হাতত যন্ত্ৰচালিত কৰত প্ৰথমে দেখি মিস্ত্ৰী বুলি ভাবিছিল। তাৰ সুযোগ লৈ তেওঁ শ্ৰেণীকোঠাত প্ৰৱেশ কৰে। মূল ভুক্তভোগী ছাত্ৰীগৰাকীৰ ডিঙি আৰু পেটত গভীৰ ঘা হোৱাৰ লগতে সোঁহাতখন প্ৰায় বিচ্ছিন্ন হৈ গৈছে। তেওঁক বচাবলৈ চেষ্টা কৰি আহত হয় আন এগৰাকী সহপাঠী।

তেজেৰে লুতুৰি-পুতুৰি হৈ থকা ছাত্ৰী দুগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। সংকটজনক অৱস্থাত থকা ছোৱালীজনীৰ তাতেই জটিল অস্ত্ৰোপচাৰ চলি আছে। উন্নত চিকিৎসাৰ বাবে তেওঁক এয়াৰ এম্বুলেন্সেৰে বেংগালুৰুৰ এখন চিকিৎসালয়লৈ বদলি কৰাৰ প্ৰস্তুতি কৰা হৈছে। চকুৰ সন্মুখত হোৱা ভয়ংকৰ আক্ৰমণৰ বাবে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত চৰম আতংক বিয়পি পৰিছে। এই আক্ৰমণৰ সঠিক কাৰণ জানিবলৈ আৰক্ষীয়ে বিতং তদন্ত আৰম্ভ কৰিছে। হাৰাশাস্তি আৰু প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবেই এই আক্ৰমণ সংঘটিত হৈছে নেকি সেই বিষয়েও তদন্ত চলি আছে। অভিভাৱকসকলে প্ৰশ্ন উত্থাপন কৰিছে যে যন্ত্ৰচালিত কৰত লৈ এজন যুৱকে কেনেকৈ কোনো বাধা নোহোৱাকৈ শ্ৰেণীকোঠাত উপস্থিত হ’ল। সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটো নিৰীক্ষণ কৰি আছে ৰাজ্যৰ গৃহমন্ত্ৰী ভি অনিতাই।
ইফালে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে এই ঘটনাক তীব্ৰ গৰিহণা দিছে। তেওঁ ছ’চিয়েল মিডিয়া ‘এক্স’ত লিখিছে, “শ্ৰেণীকোঠাৰ ভিতৰত দশম শ্ৰেণীৰ ছাত্ৰী এগৰাকীৰ ওপৰত কৰা এই বৰ্বৰ আক্ৰমণত মই গভীৰভাৱে স্তম্ভিত আৰু ক্ষুব্ধ হৈছোঁ। বিদ্যালয়ৰ ভিতৰত আমাৰ ছোৱালীক লক্ষ্য কৰি লোৱাসকলৰ সমাজত কোনো স্থান নাই। মই ব্যক্তিগতভাৱে তেওঁৰ শাৰীৰিক অৱস্থাৰ ওপৰত নজৰ ৰাখিছোঁ আৰু চিকিৎসকক নিৰ্দেশ দিছোঁ যে তেওঁৰ চিকিৎসাত সৰ্বোচ্চ অগ্ৰাধিকাৰ দিব লাগে। এই কাণ্ডৰ দোষীক দ্ৰুত আৰু কঠোৰতম আইনী শাস্তি দিয়াটো নিশ্চিত কৰাৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়া হৈছে।”













