
কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ একলব্য মডেল আৱাসিক স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। বিভিন্ন দাবীত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰে। ইফালে বিদ্যালয়খনৰ শিক্ষকৰ ওপৰত উঠিছে বৰ্ণবৈষম্যৰ অভিযোগ। জনজাতীয় ছাত্ৰ-ছাত্ৰীক চাইনিজ বুলি অভিহিত কৰাৰ লগতে অশালীন ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ-ছাত্ৰীসকলে।
উল্লেখ্য যে খোৱাপানী, বিদ্যুত, পৰিৱেশৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, শৈক্ষিক সামগ্ৰীৰ অভাৱকে ধৰি বিদ্যালয়খন বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে। আনহাতে, বিদ্যালয়খনত পূৰ্বতে খাদ্যত বিষক্ৰিয়াৰ দৰে ঘটনাও সংঘটিত হৈছিল। ১৮০ গৰাকী ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনৰ বৰ্তমান আধাসংখ্যক হাওৰাঘাট পৌৰসভাত আছে।













