ASSAM TIMES POST
ডিফু : কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত বিনামুলীয়া টিনপাত বিতৰণত আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ উল্লেখযোগ্য যে, ৱেলফেয়াৰ ফৰ প্লেইন ট্ৰাইবচ এণ্ড আদাৰ বেকৱাৰ্ড ক্লাচেছ স্কীমৰ অন্তৰ্গত যোৱা কেইদিন ধৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা দুখীয়া ৰাইজক বিনামূলীয়া টিনপাত বিতৰণ কৰি আছিল ৷
এই সংক্ৰান্তত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে হিতাধিকাৰীসকলৰ নথি-পত্ৰত চহী কৰি হৰিলাল বস্তিত থকা হ’কাৰচ এণ্ড ভেণ্ডৰছ ৰিহেভিলেছন চেণ্টাৰত টিনপাতসমূহ দিয়াৰ ব্যৱস্থা কৰে৷ কিন্তু টিনপাত বিতৰণস্থলীত কোনো সুব্যৱস্থা নথকাত দূৰ-দূৰণিৰ পৰা অহা হিতিধিকাৰীসকল ভোকে-পিয়াহে গোটেই দিন বোন্দাপৰ দিও টিনপাতৰ পৰা বঞ্চিত হবলগীয়া হোৱাত ৰাইজ উত্তেজিত হৈ পৰে৷ ইয়াৰোপৰি একাংশ হিতাধিকাৰীৰ নথি-পত্ৰসমূহ ফালি-ছিঙি তলত পেলাই দিয়া অৱস্থাত উদ্ধাৰ কৰে বুলি অভিযোগ কৰে হিতাধিকাৰীসকলে ৷
ইপিনে উত্তেজিত জনতাই টিনপাত নোপোৱালৈকে আঁতৰি নাযায় বুলি ফেপেৰি পাতি বহে৷ আনহাতে উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ মোতায়ন কৰি ৰখা চিআৰপিএফ আৰু আৰক্ষীৰ লোকে উত্তেজিত জনতাক বুজাবলৈ চেষ্টা কৰাত দুয়োপক্ষৰ মাজত এক হূলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয় ৷ উত্তেজিত জনতাক ছত্ৰ ভংগ দিয়াবলৈ নিৰাপত্তাৰক্ষীয়ে মৃদু লাঠি চালনা কৰে ৷
হূলস্থূলীয়া মাজত প্ৰচণ্ড ঠেলা-হেঁচাত এগৰাকী ৬০ উৰ্দ্ধৰ বৃদ্ধা মহিলা কপাল আৰু মূখত গুৰুতৰ জখম প্ৰাপ্ত হয় ৷ মহিলাগৰাকী ডিফু ৮ কিল’ৰ ডক তেৰাঙ গাঁৱৰ ছাৰ্থে তেৰাঙৰ পত্নী কাৰেং ইংহীপী (৬০) বুলি জানিব পৰা গৈছে ৷ মহিলাগৰাকীক জখম হোৱা প্ৰত্যক্ষ কৰি উত্তেজিত জনতাই অধিক উত্তেজিত হৈ ধাৰাষাৰে শিলগুটি আৰু ইটাৰ টুকুৰা নিক্ষেপ কৰিবলৈ ধৰে৷ ইয়াৰ পিছত নিৰাপত্তাৰক্ষীৰ লোকে উপায়হীনহৈ শূন্যলৈ উদ্দেশ্য কৰি বহুকেইজাঁই গুলী চালনা কৰি প্ৰতিবাদকাৰীক খেদি পঠিয়ায় ৷
আহত মহিলাগৰাকীক ডিফু মেডিকেল হাস্পাতালত ভৰ্তি কৰা হয় ৷ ইয়াৰোপৰি উত্তেজিতাই জনতাই এটা মাৰুতি গাড়ীৰো ক্ষতি সাধন কৰে ৷ আনহাতে টিনপাত বিতৰণ ব্যৱস্থাৰ দায়িত্বত থকা ডিফু পৌৰ সভাৰ এগৰাকী কাৰ্যবাহী অভিযন্তাই জনায়যে, হিতাধিকাৰীসকলক টিনপাতসমূহ এটি নিৰ্দিষ্ট সময়ত নথি-পত্ৰসমূহ উপযুক্ত পৰীক্ষণৰ পিছত বিতৰণ কৰা হব বুলি ৰাইজক বুজোৱাৰ পিছতো ৰাইজে সেই কথা নামানি দিনটো টিনপাতৰ বাবে অপেক্ষা কৰি থাকে বুলি কয় ৷
ইপিনে কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক দেবজিত দেউৰীয়ে কয়যে, টিন বিতৰণ ব্যৱস্থাত উপযুক্ত কাউণ্টাৰ আৰু বিতৰণ ব্যৱস্থা উন্নত মানৰ নোহোৱাৰ বাবে এনে পৰিস্থিত উদ্ভৱ হবলৈ পালে বুলি কোৱাৰ লগতে আৰক্ষীৰ লাঠি চাৰ্জত মহিলাগৰাকী আহত হোৱা নাই বুলি তেওঁ কয় ৷ ইয়াৰোপৰি আহত মহিলাগৰাকীয়ে হাস্পাতালত সাংবাদিকক জানিবলৈ যে, তেওঁ হূলস্থূলৰ সময়ত ঠেলা-ধকাত পৰি গৈ আহত হয় ৷ আনহাতে দৰিদ্ৰ ৰাইজক টিনপাত বিতৰণ কৰিবলৈ গৈ হিতাধিকাৰীক অযথা শাৰাহাস্তি আৰু আৰক্ষীৰ লাঠিৰ কোব খাবলৈ এৰি দিয়া কাৰ্যক হিতাধিকাৰীসকলে ধিক্কাৰ দিয়ে৷













