
তামুলপুৰ ভূটান সীমান্তত ভয়ংকৰ ৰূপ ধাৰন কৰিছে হাতী-মানুহৰ সংঘাতে। ভূটান সীমান্তৰ হাতীডুবা আৰু এন চি আঙাৰকাটাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত দুজন লোক। নিহত বোৱা লোহাৰ (55) আৰু বুধুৱা পাইক (50)। পুৱা পথাৰলৈ ওলাই যাওতে বনৰীয়া হাতীয়ে আক্ৰমণ কৰাত থিতাতে নিহত হয় লোক দুজন৷ কালিও ভূটান সীমান্তৰ পাহাৰপুৰত হাতীৰ আক্ৰমনত নিহত হৈছিল এজন লোক৷
উল্লেখ্য যে, খাদ্যৰ সন্ধানত ভূটান পাহাৰৰ পৰা নামি বনৰীয়া হাতীৰ বৃহৎ জাক এটাই বিগত কিছু দিন ধৰি তামুলপুৰ জিলাৰ ভূটান সীমান্তত উপদ্ৰৱ চলাই মানুহৰ ঘৰদুৱাৰ,তামোল বাৰী ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে বিঘাই বিঘাই গেৰ ধৰা তথা পকা ধান খায়,গচকি তহিলং কৰি আহিছে৷













