
বেংগালুৰুত এগৰাকী ৪৭ বছৰীয়া বিজ্ঞানীয়ে আত্মহত্যা কৰে। এৰ’নটিকেল ডেভেলপমেণ্ট এজেন্সীত (এডিএ) কৰ্মৰত লোকজনে ছিগেহল্লীৰ বাসগৃহৰ চতুৰ্থ মহলাৰ পৰা জঁপিয়াই পৰে। কৰ্মক্ষেত্ৰত অত্যধিক মানসিক চাপৰ বাবেই তেওঁ আত্মহত্যা কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ। মৃত লোকজনৰ নাম শাৰদ কাটিয়াৰ (Sharad Katiyar)। তেওঁ বেংগালুৰুৰ এডিএৰ প্ৰগ্ৰেমিং বিভাগত কাম কৰিছিল। তেওঁ লাইট কম্বেট এয়াৰক্ৰাফ্ট (LCA) Mk2 প্ৰগ্ৰেমিঙৰ দায়িত্বত আছিল। ছিগেহল্লীৰ ঘৰৰ তৃতীয় মহলাত পৰিয়ালৰ সৈতে তেওঁ বাস কৰিছিল। এমাহতকৈ অধিক সময় ধৰি কৰ্মক্ষেত্ৰত অত্যন্ত মানসিক চাপৰ সন্মুখীন হোৱা বুলি পৰিয়ালৰ দাবী। ওচৰৰ চিকিৎসালয় এখনত মনোবিজ্ঞানীৰ পৰামৰ্শ লৈছিল। তেতিয়াই তেওঁ গম পায় যে তেওঁ হতাশাত ভুগিছে।
পৰিয়ালটোৱে লগতে অভিযোগ কৰে যে তেওঁৰ হতাশাৰ বিষয়ে জনোৱাৰ পিছতো কৰ্মক্ষেত্ৰত মানসিক চাপ কমি যোৱা নাছিল। ২১ অক্টোবৰত শাৰদে নেশ্যনেল ইনষ্টিটিউট অব মেণ্টেল হেল্থ এণ্ড নিউৰ’ছায়েন্সৰ (NIMHANS) আন এজন মনোৰোগ বিশেষজ্ঞক সাক্ষাৎ কৰে। চিকিৎসকে তেওঁক কিছু ঔষধ দিছিল।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, ঘটনাৰ দিনা সন্ধিয়া ৭.৩০ বজাৰ পৰা ৮ বজাৰ ভিতৰত চতুৰ্থ আৰু পঞ্চম মহলাৰ মাজৰ চিৰিৰ অৱতৰণ স্থানত উপস্থিত হয় শাৰদ। তাত থকা খিৰিকী এখনৰ পৰা তেওঁ জঁপিয়াই দিয়ে। সংকটজনক অৱস্থাত তেওঁৰ পৰিয়ালৰ লোকে উদ্ধাৰ কৰি কে এছ হাল্লীৰ এখন চিকিৎসালয়লৈ লৈ যায়। চিকিৎসকে তাতেই তেওঁক মৃত ঘোষণা কৰে।

পৰিয়ালটোৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৯৪ নং ধাৰাত অস্বাভাৱিক মৃত্যুৰ গোচৰ পঞ্জীয়ন কৰে। ২২ অক্টোবৰত আৰক্ষীয়ে ঘটনাস্থলীত গৈ প্ৰমাণ সংগ্ৰহ কৰে। শাৰদৰ পত্নী, পিতৃ আৰু মাতৃৰ বক্তব্যও লিপিবদ্ধ কৰা হয়। বিতং তদন্তৰ অন্তত তেওঁৰ আত্মহত্যাৰ কাৰণ জানিব পৰা যাব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
এডিএৰ এজন বিষয়া কৃষ্ণ ৰাজেন্দ্ৰই কয় যে শাৰদে এনে সমস্যাৰ সন্মুখীন হৈছে বুলি তেওঁৰ কোনো ধাৰণা নাছিল। তেওঁ কয়, “আমি তেওঁৰ কেইবাজনো সহকৰ্মীৰ সৈতে কথা পাতিছিলো। তেওঁলোকেও এই বিষয়ে একো নাজানিছিল। ইয়াৰ বাহিৰেও আমি যোৱা বছৰ কৰ্মচাৰীসকলৰ সুবিধাৰ্থে মানসিক স্বাস্থ্যৰ ওপৰত বহু আলোচনা-চক্ৰৰ আয়োজন কৰিছিলোঁ।”
তেওঁ দাবী কৰে যে শাৰদে কেৱল কামৰ চাপৰ বাবেই আত্মহত্যা কৰা নাছিল। যদিও তেওঁ স্বীকাৰ কৰে যে সকলো ক্ষেত্ৰতে কাম সম্পূৰ্ণ কৰাৰ নিৰ্দিষ্ট সময়সীমা থাকে। ফলত কিছু হেঁচা পৰিছে। কিন্তু তাৰ বাবে কৰ্মচাৰীসকলে বেছি সময় কাম কৰিবলৈ বাধ্য নহয়। পুৱা ৮.৩০ বজাৰ ভিতৰত কৰ্মচাৰীসকল কাৰ্যালয়লৈ আহে। সন্ধিয়া ৬ বজাৰ ভিতৰত ঘৰলৈ যায়।
ৰাজেন্দ্ৰই লগতে কয় যে শাৰদে তেওঁৰ চিকিৎসাৰ বাবে সংস্থাটোৰ পৰা কিবা আৰ্থিক সাহায্য বিচাৰিছিল নেকি সেই বিষয়ে সোধা-পোছা কৰিছে। তেওঁ দাবী কৰে যে তেওঁৰ এনে কোনো তথ্য লক্ষ্যত পৰা নাই। তেওঁৰ আত্মহত্যাক “দুৰ্ভাগ্যজনক কাণ্ড” বুলি অভিহিত কৰি কৰ্মচাৰীসকলক এডিএৰ বিষয়াসকলৰ পৰা কোনো ধৰণৰ সহায় ল’বলৈ কুণ্ঠাবোধ নকৰিবলৈ কয়।










