
নিৰ্বাচন আয়োগে মঙলবাৰে ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধনী (SIR) সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰে। আয়োগৰ ভিতৰত মতানৈক্য থকা বুলি উত্থাপিত অভিযোগ খাৰিজ কৰি উচ্চতম ন্যায়ালয়ত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু দুই নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীয়ে যৌথ শপতনামা দাখিল কৰে। ইয়াৰ উত্তৰত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ বিচাৰপীঠে কয় যে আমি সকলো জানো। একে সময়তে শীৰ্ষ আদালতে কয় যে এছআইআৰৰ সৈতে জড়িত সকলো পদক্ষেপ পৰীক্ষা কৰা হ’ব।
মঙলবাৰে শীৰ্ষ আদালতত এছআইআৰ গোচৰৰ শুনানিৰ পূৰ্বে আয়োগে শপতনামা দাখিল কৰে। ইয়াত কোৱা হৈছে যে আয়োগৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত কোনো ধৰণৰ মতানৈক্য নাই। সাংবিধানিক নিয়ম অনুসৰি সকলো সিদ্ধান্ত লোৱা হৈছিল। কোনো বিষয়ত ভিন্নমতৰ অৰ্থ মতানৈক্য নহয় বুলি উল্লেখ কৰি আয়োগে শপতনামাত কয়, “যিকোনো সিদ্ধান্ত গ্ৰহণৰ ওপৰত আলোচনাৰ সময়ত সদস্যসকলৰ মাজত বিভিন্ন মতামত বা প্ৰশ্ন থাকিব পাৰে। কিন্তু ইয়াক মতানৈক্য বুলি লেবেল লগোৱাটো সঠিক নহয়।”

আয়োগৰ দাবী যে নিয়ম অনুসৰি ফাইলটো প্ৰথমে নিৰ্বাচন আয়ুক্তৰ হাতলৈ যায়, তাৰ পিছত মুখ্য নিৰ্বাচন আয়ুক্তৰ ওচৰলৈ যায়। জৰুৰী ক্ষেত্ৰত অনুমোদন অনলাইনতো লোৱা হয় আৰু তাৰ পিছত পঞ্জীয়ন কৰা হয়। কোনো ফাইলত নিৰ্বাচন আয়ুক্তসকলে লিখা টোকা বা প্ৰশ্নক আয়োগৰ চূড়ান্ত সিদ্ধান্ত বুলি গণ্য কৰিব নোৱাৰিব। সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ ভিত্তিত গোচৰ ৰুজু কৰা বুলিও দাবী কৰে।
শপতনামাত আয়োগে কোনো আভ্যন্তৰীণ নথি সংবাদ মাধ্যমত প্ৰকাশৰ অনুমতি নিদিয়াৰ কথাও উল্লেখ আছে। আয়োগে দাখিল কৰা শপতনামাৰ বিশদ সঁহাৰি দাখিল কৰিবলৈ ১০ দিনৰ সময় বিচৰাত আদালতে মঞ্জুৰ কৰে। ১৭ নৱেম্বৰত এই গোচৰৰ পৰৱৰ্তী শুনানি নিৰ্ধাৰণ কৰা হৈছে।










