
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যজুৰি অসম আৰক্ষীৰ বাল্যবিবাহ বিৰোধী মেগা অভিযান। এই অভিযানত সমগ্ৰ ৰাজ্যত মুঠ ৫২৪ জনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি সামাজিক মাধ্যমযোগে সদৰী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
ৰাজ্যৰ আন জিলাসমূহৰ লগতে কাছাৰ জিলাতো ব্যাপক অভিযান চলায় কাছাৰ আৰক্ষীয়ে। জিলাখনৰ বিভিন্ন থানাৰ অন্তৰ্গত অঞ্চলৰ পৰা মুঠ ২৭ জনক গ্ৰেপ্তাৰ কৰা হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, কাছাৰৰ সোণাই থানা এলেকাৰ পৰা ৮ জন, শিলচৰ থানা এলেকাৰ পৰা ৫ জন আৰু ধলাই থানা এলেকাৰ পৰা ৩ জনক গ্ৰেপ্তাৰ কৰা হৈছে। আনহাতে, বৰখলা, কাটিগড়া আৰু কালাইন থানা এলেকাৰ পৰা ২ জনকৈ গ্ৰেপ্তাৰ কৰা হয়।
ইয়াৰ উপৰি, কচুদৰম, উদাৰবন্দ, জিৰিঘাট, লক্ষীপুৰ আৰু জয়পুৰ থানা এলেকাৰ পৰা এজনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
গ্ৰেপ্তাৰ হোৱা লোকসকলক ইতিমধ্যে আদালতত হাজিৰ কৰোৱাৰ পিছত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, ৰাজ্যত বাল্যবিবাহ প্ৰতিৰোধৰ বাবে অসম চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। এই সামাজিক ব্যাধি নিৰ্মূল কৰাৰ লক্ষ্যৰে আগন্তুক দিনতো এনে অভিযান অব্যাহত থকাৰ সম্ভাৱনা আছে।













