
বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীৰ ঘনিষ্ট, সাংস্কৃতিক কৰ্মী, ঠিকাদাৰ আৰু হাগ্ৰামাৰ সতে ছাঁৰ দৰে লাগি থকা মহেশ ব্ৰহ্ম (Mahesh Brahma) (৪৭)ৰ মৃতদেহ উদ্ধাৰ (Recovering dead body)। কোকৰাঝাৰ খাৰগাঁওস্থিত নতুন ৰে’লৱে উৰণীয়া সেতুত ফাঁচি লগা অৱস্থাত উদ্ধাৰ মহেশ ব্ৰহ্মৰ মৃতদেহ। এডাল ৰছীত ফাঁচি লগা অৱস্থাত ওলমি আছিল মৃতদেহটো। এয়া হত্যা নে আত্মহত্যা তাকে লৈ তীব্ৰ চাঞ্চল্য। কোনো ঘাতকে হত্যা কৰি এনেদৰে ওলমাই থব পাৰে বুলিও একাংশই সন্দেহ কৰিছে।

আনহাতে পৰিয়ালৰ সদস্যই আত্মহত্যা নহয় বুলি দাবী কৰিছে। ঘটনাস্থলীত উপস্থিত আৰক্ষী, দণ্ডাধীশ। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তোৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আনহাতে ঘটনাৰ প্ৰকৃত কাৰণ বিচাৰি আৰক্ষীৰ তদন্ত আৰম্ভ। ঘটনাস্থলীত উপস্থিত বিটিচিৰ কাৰ্যবাহী সদস্য প্ৰকাশ বসুমতাৰী। চৰজমিন তদন্ত কৰি ঘটনাৰ প্ৰকৃত কাৰণ উলিয়াবলৈ আৰক্ষীলৈ আহ্বান কাৰ্যবাহী সদস্য প্ৰকাশ বসুমতাৰীৰ। উল্লেখ্য যে, মহেশ ব্ৰহ্মৰ সাংস্কৃতিক জগতত অৱদান আছিল আৰু তেওঁ এগৰাকী নিৰ্জু স্বভাৱৰ ব্যক্তি আছিল। তেওঁৰ দৰে এগৰাকী নিৰ্জু ব্যক্তিৰ মৃত্যুত কোকৰাঝাৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৰণোত্তোৰ পৰীক্ষাৰ অন্তত মৃত্যুৰ প্ৰকৃত কাৰণ বাহিৰ হ’ব বুলি আশা কৰা হৈছে।













