ASSAM TIMES POST
ডিফু : অসম-নগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৰ বোকাজান মহকুমাৰ অন্তৰ্গত ডিলাইত ডিলাই আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ঘটনাৰ বিৱৰণী অনুসৰি এক গোপন সূত্ৰৰ ভিত্তিত ডিলাই আৰক্ষীয়ে আজি ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত এক অভিযান চলাই আৰু চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ ডিমাপুৰৰ পৰা নগাঁও অভিমুখী এনএল-০৫-বি-১১৫৭ নম্বৰৰ এখন যাত্ৰীবাহী বাছৰ পৰা এগৰাকী মহিলাসহ এজন পুৰুষ ড্ৰাগছ সৰবৰাহকাৰী আটক কৰে।
আৰক্ষীয়ে বাছখনৰ পৰা ৫০ টা কণ্টেইনাৰত ৬০০ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৫০ লাখ টকা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। অভিযানৰ সময়ত আৰক্ষীয়ে বাছখনৰ পৰা খুছিদা বেগম আৰু ইমৰাণ হুছেইনক আটক কৰাৰ পাছত তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত নগাঁও জিলাত অভিযান চলাই জামাল উদ্দিন আৰু মইন উদ্দিন নামৰ আন দুজন লোকক আটক কৰে।
উল্লেখ্য যে ড্ৰাগছ ক্ৰয় কৰিবলৈ অহা জামাল উদ্দিনৰ এএছ-০২-জেড-০৯৫৯ নম্বৰৰ টাটা নেক্সন গাড়ীখনো আৰক্ষীয়ে জব্দ কৰাৰ লগতে ঘটনা সন্দৰ্ভত ডিলাই আৰক্ষী থানাত এক গোচৰ পঞ্জীয়ন কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।













