
গুৱাহাটীৰ বেলতলাৰ বশিষ্ঠপুৰৰ ৪নং উপপথত সংঘটিত ৰিয়া তালুকদাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য পোহৰলৈ আহিছে।
আৰক্ষীৰ জেৰাত স্বামী ৰামানুজ গোস্বামীয়ে পত্নী ৰিয়া তালুকদাৰক হত্যাৰ কথা স্বীকাৰ কৰাৰ লগতে পৰকীয়া প্ৰেমৰ বাবেই এই হত্যাকাণ্ড সংঘটিত কৰা বুলি বিস্ফোৰক স্বীকাৰোক্তি দিয়াৰ তথ্য পোহৰলৈ আহিছে।
হত্যাকাণ্ড সংঘটিত কৰাৰ পিছত ৰামানুজে মৃতদেহৰ কাষতে ভাত বনাই খাইছিল বুলিও আৰক্ষীৰ জেৰাত প্ৰকাশ।
ইয়াৰ পিছত মৃতদেহৰ কাষতে বহি বহু সময় ধৰি কান্দি থকাৰ পিছত ৰামানুজে সেই স্থানৰ পৰা ওলাই আহিছিল বুলি আৰক্ষীৰ জেৰাত প্ৰকাশ কৰিছে ।
ইফালে, হত্যাকাণ্ডৰ পিছত দিশপুৰ থানাত আত্মসমৰ্পণ কৰে ৰামানুজে। পিছত দিশপুৰ আৰক্ষীয়ে তেওঁক হাতীগাঁও আৰক্ষী থানাত গতাই দিয়ে।
বশিষ্ঠপুৰৰ ভাড়াঘৰত ৰিয়া তালুকদাৰৰ মৃতদেহ দুটা ভাগত উদ্ধাৰ হৈছিল। এখন দাৰে ঘপিয়াই হত্যা কৰাৰ পিছত ৰিয়াৰ ছিন্ন মুণ্ড ফ্ৰীজত ভৰাই থোৱা হৈছিল বুলি প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে। মৃতদেহৰ আনটো অংশ মজিয়াত পৰি আছিল আৰু সেই অংশটো বস্ত্ৰহীন অৱস্থাত উদ্ধাৰ হৈছিল।

ঘটনাস্থলীৰ পৰা এখন দা, সুৰাৰ বটল, তেজৰ দাগকে ধৰি বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰা হৈছে। ঘৰৰ বহু সামগ্ৰীও সিঁচৰতি হৈ আছিল।
স্থানীয় লোকৰ মতে, শনিবাৰে নিশা ঘৰৰ ভিতৰৰ পৰা চিঞৰ-বাখৰ আৰু কান্দোনৰ শব্দ শুনা গৈছিল। প্ৰায় নিশা ৮ বজাত ৰামানুজক শেষবাৰৰ বাবে দেখা পোৱা গৈছিল বুলি জানিব পৰা গৈছে।
দম্পতীহালৰ মাজত সঘনাই কাজিয়া হৈছিল বুলিও ওচৰ-চুবুৰীয়াই আৰক্ষীক জানিবলৈ দিছে। শনিবাৰে নিশা কেৱল ৰামানুজৰ মাতহে শুনা গৈছিল আৰু তেওঁ ভয় খাই কান্দি থকা যেন অনুভৱ হৈছিল বুলি স্থানীয় লোকৰ ভাষ্য।
ঘৰৰ দুৱাৰত ভিতৰৰ পৰা লক লগোৱা নাছিল। বৰং এপাত মোজাৰে দুৱাৰখন চেপা দি ৰখা হৈছিল বুলি আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে।
শনিবাৰে ৰামানুজে নিজৰ চুলিৰ ষ্টাইল সলনি কৰিছিল বুলিও জানিব পৰা গৈছে। তেওঁ ড্ৰাগছৰ প্ৰতি আসক্ত আছিল আৰু প্ৰায় তিনিমাহ পুনৰ্বাসন কেন্দ্ৰত থকাৰ তথ্যও পোহৰলৈ আহিছে।
প্ৰায় ছমাহ পূৰ্বে ৰিয়া আৰু ৰামানুজৰ বিবাহ হৈছিল। ৰিয়া তালুকদাৰ নুনমাটিৰ বাসিন্দা আৰু ফেন্সীবজাৰৰ এ চি মাৰ্কেটৰ এখন বুটিকত কাম কৰিছিল। পিতৃ-মাতৃহীন ৰিয়াৰ এজন ভাতৃ আছে বুলি জানিব পৰা গৈছে।
ঘৰৰ পৰা ওলোৱা দুৰ্গন্ধৰ ভিত্তিত ওচৰ-চুবুৰীয়াই আৰক্ষীক খবৰ দিয়াৰ পিছতে ঘটনাটো পোহৰলৈ আহে। ফৰেনছিক দলে ইতিমধ্যে পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰিছে।
মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হৈছে। ঘটনাটোৰ অধিক তদন্ত CID-এ অব্যাহত ৰাখিছে।
আৰক্ষীৰ তদন্তত হত্যাকাণ্ডৰ সম্পূৰ্ণ কাৰণ, ঘটনাৰ ক্ৰম আৰু পৰকীয়া সম্পৰ্কৰ ভূমিকা অধিক স্পষ্ট হ’ব।












