
কণ্ঠশিল্পী দীপান্বিতা ডেকাৰ (Deepanwita Deka) ফটো AIৰ জৰিয়তে বিকৃত কৰি সামাজিক মাধ্যমত আপলোড কৰাৰ অভিযোগত হাছানুৰ ইছলাম নামৰ এজন যুৱকৰ বিৰুদ্ধে CIDত এজাহাৰ দাখিল কৰিছে কণ্ঠশিল্পীগৰাকীয়ে।
এজাহাৰত উল্লেখ কৰা অভিযোগ অনুসৰি, হাছানুৰ ইছলামে AI প্ৰযুক্তি ব্যৱহাৰ কৰি দীপান্বিতা ডেকাৰ ফটো বিকৃত কৰিছিল। পৰৱৰ্তী সময়ত বিকৃত ফটোখন সামাজিক মাধ্যমত আপলোড কৰাৰো অভিযোগ উত্থাপন কৰিছে কণ্ঠশিল্পীগৰাকীয়ে।

ঘটনাটোক লৈ কণ্ঠশিল্পীগৰাকীয়ে CIDৰ কাষ চাপি হাছানুৰ ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।
এজাহাৰত উত্থাপিত অভিযোগৰ ভিত্তিত বিষয়টো তদন্তৰ আওতালৈ আহিছে।













