
বান বিধ্বস্ত নেপালৰ (Nepal floods) পৰা বিগত ২৪ ঘণ্টাত আৰু তিনিজন ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে। এই কথা শুকুৰবাৰে নিশা ভাৰতীয় বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে নিজৰ এক্স হেণ্ডেলত এক পোষ্টত প্ৰকাশ কৰে। তেওঁ এই পৰ্যন্ত কিমান ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে তাৰ পৰিসংখ্যাও দিয়ে।
২৪ আগষ্টত আকস্মিক বানৰ পিছৰ পৰা অস্থিৰ হৈ পৰিছে নেপাল। বহু ভাৰতীয় আবদ্ধ হৈ পৰিছে। ইয়াৰে অধিকাংশই পৰ্যটক। একাংশ কৰ্মস্থলীলৈ যোৱাৰ পিছত নেপালত আবদ্ধ হৈ আছে। ইয়াৰে বহুতৰে সন্ধান পোৱা গৈছে। এতিয়াও সন্ধানহীন হৈ আছে বহু ভাৰতীয়। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শুকুৰবাৰে তিনিজন ভাৰতীয়ক উদ্ধাৰ কৰাৰ কথা ঘোষণা কৰে।
ত্ৰিশূলী বজাৰ অঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছে তিনিওজন ভাৰতীয়ক। জয়ছোৱালে তেওঁলোকক চিনাক্ত কৰে। উদ্ধাৰ কৰা ভাৰতীয় তিনিজনৰ ভিতৰত এটা পাঁচ বছৰীয়া শিশুও আছে। উদ্ধাৰ হোৱা ভাৰতীয়কেইজন হৈছে অভিজিৎ সুৰেশ পাৱাৰ, দীপিকা অভিজিত পাৱাৰ আৰু সমৰ্থ অভিজিত পাৱাৰ। প্ৰাথমিক হিচাপ অনুসৰি, তিনিওজনেই একেটা পৰিয়ালৰ সদস্য। পিতৃ-মাতৃ আৰু তেওঁলোকৰ সন্তান। জয়ছোৱালে কয় যে উদ্ধাৰ কৰা ভাৰতীয়সকলৰ সৈতে নেপালত থকা ভাৰতীয় দূতাবাসৰ যোগাযোগ আছে। বিমানযোগে তেওঁলোকক ভাৰতলৈ ঘূৰাই অনা হ’ব।

শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনাইছিল যে নেপাল-তিব্বত সীমান্তত আকস্মিক বানৰ বাবে এতিয়াও ২৭৫ জন ভাৰতীয় নিৰুদ্দেশ হৈ আছে। অৱশ্যে ১৬৯ জন ভাৰতীয়ক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। ইয়াৰ ভিতৰত ত্ৰিশূলী বজাৰ অঞ্চলৰ পৰা উদ্ধাৰ হোৱা ভাৰতীয় তিনিজনো আছে।
ভাৰতে আৰম্ভণিৰে পৰাই নেপাললৈ সহায়ৰ হাত আগবঢ়াইছে। ভাৰতৰ পৰা বিধ্বস্ত নেপাললৈ উৰাজাহাজেৰে সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে। শুকুৰবাৰলৈকে নেপাললৈ প্ৰেৰণ কৰা হৈছে ৯৫ টন সাহায্য সামগ্ৰী। জয়ছোৱালে কয় যে ভাৰত চৰকাৰ অহৰহ নেপাল চৰকাৰৰ সৈতে যোগাযোগত আছে। নেপালৰ প্ৰয়োজন অনুযায়ী ভাৰতে সাহায্য আগবঢ়াই যাব। কেৱল সাহায্য সামগ্ৰীয়েই নহয়, ভাৰতৰ পৰা উদ্ধাৰকাৰী দলো নেপাললৈ প্ৰেৰণ কৰা হৈছে। ফৰেনছিক দলো গৈছে।
নেপাল চৰকাৰে প্ৰদান কৰা তথ্য অনুসৰি, শুকুৰবাৰে নিশালৈকে দেশৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পৰা মুঠ ১২৯৫টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। অৱশ্যে ১২ হাজাৰৰো অধিক লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। উদ্বিগ্নতা এতিয়াও শেষ হোৱা নাই। নিৰুদ্দেশ হোৱা লোকৰ সংখ্যা এতিয়াও ৫ হাজাৰ।













