ASSAM TIMES POST
ডিফু : কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ছেছন হলত আজিৰ পৰা পৰিষদৰ ২৩৬ সংখ্যক অধিবেশন আৰম্ভ হৈছে ৷ পৰিষদৰ অধ্যক্ষ লংকি তিমুঙৰ অধ্যক্ষতা অনুষ্ঠিত হোৱা অধিবেশন খনত বিত্ত বিভাগৰো দায়িত্বত থকা কাৰবি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ২০২০-২০২১ বৰ্ষৰ বাবে ১৭২১’৪৫ লাখ টকাৰ ঘাটি বাজেট দাখিল কৰি সদস্য সকলৰ পৰা পৰামৰ্শ আৰু অনুমোদন জনাবলৈ অনুৰোধ জনায় ৷
মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে নতুন বিত্তীয় বৰ্ষৰ প্ৰথম বাৰৰ বাবে পৰিষদৰ প্ৰাক্তন সদস্য সকলৰ পেন্সন বাবে ১ কোটি ৫০ লাখ, কাৰবি ভাষাৰ অধ্যয়ণ কেন্দ্ৰৰ বাবে ১০ লাখ, কলা আৰু সংস্কতিৰ বাবে ৫০ লাখ, কাৰবি ভাষা উত্তৰণৰ বাবে ২০ লাখ, চিকিৎসা আৰু প্ৰাকৃতিক দূৰ্যোগৰ বাবে পূঁজী ধাৰ্য কৰা হৈছে বুলি সদনত অৱগত কৰে ৷তেওঁ লগতে হামৰেণ ৰংহাঙ ৰংবঙৰ পৰা কাৰবি ৰজাৰ অহা- যোৱাৰ অন্তৰায় দূৰ কৰাৰ বাবে বাজেটত ১০ লাখ টকা আৰু ইন্ধনৰ ৩ লাখ টকা ধাৰ্য কৰা হৈছে বুলিও সদনক অৱগত কৰায় ৷
ইয়াৰ পূৰ্বে মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে হাডক’ৰ তিনিটা বিশেষ প্ৰকল্পৰ সংক্ৰান্তত অনুমোদন লাভ কৰিবলৈ সদনত এক প্ৰতিবেদন দাখিল কৰে ৷ সদ্য প্ৰয়াত প্ৰাক্তন সদস্য ছাৰছিং তিমুঙৰ আত্মাৰ সদ্গতি লাভৰ বাবে সদনত এক মিনট সময় মৌন প্ৰাৰ্থনাও কৰা হয় ৷













