ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Nepal floods : হিমস্খলনৰ প্ৰচণ্ড প্ৰবাহত কেৱল বোকা আৰু বোকা, নেপাল দুৰ্যোগৰ ৰহস্য কি

নিউজ ডেস্কঃ

News Desk by News Desk
August 31, 2026
Reading Time: 1 min read
A A
0
Nepal floods : নেপালৰ বিধ্বংসী বানত সন্ধানহীন অসমৰ ১২ জন লোক

RELATED POSTS

Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা

CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

Delhi Gangrape : বাছৰ ভিতৰত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পথত পেলাই থৈ পলায়ন চালক-কণ্ডাক্টৰৰ

New Logo Smal 4 | ASSAM TIMES POST

নেপালৰ দুৰ্যোগত (Nepal flood) কেৱল পানীয়েই নাছিল, তাৰ লগত মিহলি হৈ আহিছিল বোকা, মাটি আৰু সৰু সৰু শিলৰ এক বিশাল ধাৰা। তীব্ৰ শক্তিৰে গৰ্জন কৰি নিম্নভূমিৰ ফালে দ্ৰুগতিত আগুৱাই আহিছিল। যেন মৃত্যুদূত, তাৰ পৰা কোনো নিস্তাৰ নাই।

নেপালৰ ত্ৰিশূলী আৰু ভোটেকোশী নদীৰ আকস্মিক বানে হিমালয় উপত্যকাত এনে এক সৰ্বগ্ৰাসী স্ৰোতৰ সৃষ্টি কৰিছিল। দুৰ্যোগৰ পিছতো অব্যাহত থাকে মৃত্যু মিছিল। মাটি খান্দি আৰু বোকাৰ স্তূপ আঁতৰাই উদ্ধাৰৰ কাম চলি আছে। কিন্তু বিজ্ঞানীসকলে এই দুৰ্যোগৰ উৎসৰ বিষয়ে চিন্তা কৰিছে। কিহৰ বাবে ইমান ভয়াৱহ আকস্মিক বান হ’ল, তাৰ উত্তৰ পোৱা গৈছে। পাহাৰৰ এটা বিশাল হিমবাহ ভাঙি স্থানীয় অঞ্চলটো বানত বুৰ গৈছে। কিন্তু এটা প্ৰশ্নও আছে, ইমান বোকা কিয়? হিমালয়ৰ বৰফেৰে আবৃত শৃংগবোৰত ইমান বোকাময় মাটি ক’ৰ পৰা আহিল?

এই দুৰ্যোগৰ উৎপত্তি নেপাল-তিব্বত সীমান্তৰ সমীপৰ লাংটাং হিমালয় পৰ্বতমালাৰ লাংটাং লিৰুং শৃংগৰ উত্তৰ দিশত। প্ৰায় ৫২০০ মিটাৰ উচ্চতাত আছিল এই হিমবাহ। ই ভাঙি ১২০০ মিটাৰ তলত ডুব যায়। ইয়াৰ প্ৰভাৱত পানী ইমানেই ধ্বংসাত্মক হৈ পৰে যে বৰফৰ তৰপ ভাঙি পৰাৰ ফলত পাহাৰীয়া অঞ্চলত ভয়াৱহ ভূমিকম্পৰ সৃষ্টি হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.২। বিশেষজ্ঞসকলে প্ৰথমে ভাবিছিল যে পাহাৰৰ তলত মহাদেশীয় প্লেটৰ গতিবিধিৰ বাবেই হয়তো এই ভূমিকম্পৰ সৃষ্টি হৈছে। ইয়াৰ কাৰণে নদীৰ পানী ওফন্দি উঠাত আকস্মিক বানৰ সৃষ্টি হয়। কিন্তু পিছলৈ ছবিখন ক্ৰমান্বয়ে স্পষ্ট হৈ পৰে।

নেপালৰ আকস্মিক বানৰ উপত্যকাটোৰ প্ৰবল বোকাৰ ৰহস্য আন ঠাইত লুকাই আছে। সৰ্বগ্ৰাসী নদীখনে পাহাৰৰ ঢালৰ কাষেৰে আগবাঢ়ি যোৱাৰ লগে লগে উপত্যকাটো কাটি পলস, বালি, ঢিলা বোকা আৰু শিলৰ টুকুৰাবোৰ লৈ গৈছিল। কিন্তু ভোটেকোশীৰ পানীত দেখা পোৱা বোকা সোঁতৰ পৰিমাণ অকল উপত্যকাটোৰ পৰাই সংগ্ৰহ কৰা নহয়। আন এক গোপন কথাও উন্মোচন কৰিছে বিজ্ঞানীসকলে। নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ ভূ-পদাৰ্থবিজ্ঞানী গোৰান একষ্ট্ৰমে কয় যে হিমবাহৰ গুৰিতে বহুত বোকা আছে। গলি যোৱাৰ লগে লগে বৰফৰ চাদৰখন ভাঙি যায়। বৰফেৰে আবৃত হিমালয়ৰ কোনো কোনো ঠাইত মাটি বা শিলৰ ডাঠ তৰপ জমা হৈ থাকে।

MISSING | ASSAM TIMES POST
হিমস্খলনৰ প্ৰচণ্ড প্ৰবাহত কেৱল বোকা আৰু বোকা, নেপাল দুৰ্যোগ

যদি ইয়াত দুবছৰ বা ততোধিক সময় বৰফেৰে জমা হৈ থাকে, তেন্তে সেই স্তৰটোক ভূতত্ত্বৰ ভাষাত ‘পাৰমাফ্ৰষ্ট’ বুলি কোৱা হয়। বিজ্ঞানীসকলৰ মতে, মাটিত আৱদ্ধ হৈ থকা এই কঠিন বৰফৰ স্তৰটোৱেও নেপালৰ আকস্মিক বানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইউনিভাৰ্চিটি অব ক’লৰাডো ব’ল্ডাৰৰ ভূতত্ত্ববিদ এলটন বায়াৰ্ছে কয়, “হিমবাহটোৱে যিটো পাৰ্মাফ্ৰষ্টৰ ওপৰত থিয় হৈ আছিল, সেই পাৰ্মাফ্ৰষ্ট গলি গৈছিল, যাৰ ফলত সমগ্ৰ বৰফৰ তৰপটো অস্থিৰ হৈ পৰিছিল। পাৰমাফ্ৰষ্টৰ পৰিৱৰ্তনে প্ৰায়ে পাহাৰ আৰু বৰফৰ তৰপৰ গঠন দুৰ্বল কৰি তোলে। ইয়াৰ ফলত বৃহৎ পৰিমাণৰ ভূমিস্খলন হ’ব পাৰে।” বায়াৰ্ছৰ মতে, ই কেৱল ভূমিস্খলন নহয়, ইয়াৰ পৰাই আৰম্ভ হোৱা এক ধাৰাবাহিক পৰিঘটনা। ই উপত্যকাৰ তলৰ অঞ্চলত ই ধ্বংসলীলাৰ সৃষ্টি কৰে। এই ক্ষেত্ৰতো সেয়াই হৈছিল।

কিহৰ পৰা কি ঘটিছে পৰিঘটনাৰ ক্ৰম ধৰি ৰাখে উপগ্ৰহৰ ছবিয়ে । চীনৰ পৰা লাভ কৰা উপগ্ৰহৰ ছবি বিশ্লেষণ কৰি নেপাল চৰকাৰে কয় যে তিব্বতৰ গিৰং কাউণ্টিৰ পৰা উৎপত্তি হোৱা লেণ্ডে খোলা নদী প্ৰথমে হিমবাহৰ ভূমিস্খলনৰ বাবে বন্ধ হৈ পৰিছিল। ফলত তাত এটা অস্থায়ী হ্ৰদ গঠন হয় আৰু অলপ সময়ৰ ভিতৰতে পানীৰ চাপত বিস্ফোৰণ ঘটে। পাছলৈ লেণ্ডে খোলা নদী ভোটেকোশী আৰু ত্ৰিশূলীৰ লগত মিলি যায়। ফলত সেই নদী দুখন আৰু ইয়াৰ অৱবাহিকাত পানীৰ সম্পূৰ্ণ চাপ পৰে। নেপালৰ ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফৰ ইণ্টিগ্ৰেটেড মাউণ্টেন ডেভেলপমেণ্টে এক বিবৃতিত কয় যে ঢাডিং জিলাৰ সমীপৰ ত্ৰিশূলী নদীৰ জলপৃষ্ঠ ৩০ মিনিটত ৯ মিটাৰ পৰ্যন্ত গৈছিল।

উচ্চ পাহাৰীয়া অঞ্চলত হঠাৎ এটা প্ৰাকৃতিক হ্ৰদ বিস্ফোৰণ আৰু তাৰ ফলত হোৱা বান নতুন কথা নহয়। বিজ্ঞানীসকলে দাবী কৰিছে যে জলবায়ু পৰিৱৰ্তনৰ বাবে এনে হ্ৰদ আৰু হিমবাহৰ তলত পাৰ্মাফ্ৰষ্টৰ পৰিমাণ পূৰ্বতকৈ অধিক বৃদ্ধি পাইছে। হিমালয় পৰ্বতমালাৰ উপৰি ভৱিষ্যতে দক্ষিণ আমেৰিকাৰ এণ্ডিজ বা ইউৰোপৰ আল্পছ পৰ্বততো এই দুৰ্যোগৰ সৃষ্টি হ’ব পাৰে। বৰ্তমান বিশ্বৰ কমেও ডেৰ কোটি লোক হিমবাহৰ হ্ৰদৰ ফলত বানৰ আশংকাত ভুগিছে। কিন্তু তিব্বতৰ শৃংগত হিমস্খলনৰ আগৰ পৰিস্থিতিৰ কোনো উপগ্ৰহৰ ছবিত অস্থায়ী হ্ৰদ দেখা পোৱা নগ’ল। অঞ্চলটোত বৰষুণৰ কোনো আগজাননী দিয়া হোৱা নাছিল। বায়াৰ্ছৰ মতে, এনে ঘটনা আগতীয়াকৈ ভৱিষ্যদ্বাণী কৰাটো সম্ভৱ নহয়। ইয়াৰ ওপৰত গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰভাৱৰ পৰিসৰ এতিয়াও স্পষ্ট হোৱা নাই। এই বিষয়ত অধিক বিশদ গৱেষণাৰ প্ৰয়োজন।

এনে দুৰ্যোগ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? বিজ্ঞানীসকলে কাৰ্যতঃ সকলোৱে এই বিষয়ে একমত। হিমবাহৰ তলৰ এনে বিপজ্জনক ঠাই চিনাক্ত কৰি তাত ব্যৱসায়িক বিনিয়োগ বন্ধ কৰিব লাগে। দুৰ্যোগ সংঘটিত হোৱা ভোটেকোশীৰ পাৰত একেবাৰে বসতি হ’ব নালাগে। একাংশ বিজ্ঞানীৰো মতে, দূৰৈৰ পাহাৰত হিমবাহৰ গতিবিধি নিৰীক্ষণ কৰাটো প্ৰয়োজনীয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: NepalFloods
Share4Tweet3Send

Related Posts

Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা
National-International

Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা

by News Desk
August 31, 2026
50
CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই
National-International

CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

by News Desk
August 31, 2026
50
Delhi Gangrape : বাছৰ ভিতৰত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পথত পেলাই থৈ পলায়ন চালক-কণ্ডাক্টৰৰ
National-International

Delhi Gangrape : বাছৰ ভিতৰত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পথত পেলাই থৈ পলায়ন চালক-কণ্ডাক্টৰৰ

by News Desk
August 31, 2026
50
Nepal floods : ৰাখে হৰি মাৰে কোনে, দুদিন ধৰি বোকাৰ স্তুপৰ তলত আবদ্ধ পাঁচ বছৰীয়া শিশুক উদ্ধাৰ
National-International

Nepal floods : ৰাখে হৰি মাৰে কোনে, দুদিন ধৰি বোকাৰ স্তুপৰ তলত আবদ্ধ পাঁচ বছৰীয়া শিশুক উদ্ধাৰ

by News Desk
August 31, 2026
50
Nepal floods : ভগৱানে ৰক্ষা কৰিলে, নেপাল দুৰ্যোগৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ৪১ পৰ্যটকৰ
National-International

Nepal floods : ভগৱানে ৰক্ষা কৰিলে, নেপাল দুৰ্যোগৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ৪১ পৰ্যটকৰ

by News Desk
August 31, 2026
50
PM Modi : প্ৰধানমন্ত্ৰী মোদীক উজবেকিস্তানৰ সৰ্বোচ্চ সন্মান প্ৰদান
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীক উজবেকিস্তানৰ সৰ্বোচ্চ সন্মান প্ৰদান

by News Desk
August 31, 2026
50
ADVERTISEMENT
Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা
National-International

Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা

August 31, 2026
50
CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই
National-International

CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

August 31, 2026
50
বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত
Assam

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

August 31, 2026
50
Delhi Gangrape : বাছৰ ভিতৰত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পথত পেলাই থৈ পলায়ন চালক-কণ্ডাক্টৰৰ
National-International

Delhi Gangrape : বাছৰ ভিতৰত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পথত পেলাই থৈ পলায়ন চালক-কণ্ডাক্টৰৰ

August 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা

Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা

August 31, 2026
CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

August 31, 2026
বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

August 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d