ASSAM TIMES POST
নিউজ ডেস্ক
এক পাশৱিক হত্যাকাণ্ড সংঘটিত হৈছে এইবাৰ ডিমাহাছাওৰ উমৰাংচত। পুত্ৰৰ জন্মদিন পালনৰ দিনটোতে গচকী-মৰিয়াই স্বামীয়ে হত্যা কৰিলে নিজ পত্নীক। এই ঘটনা সংঘটিত হৈছে ডিমাহাছাওৰ উমৰাংচৰ ৩ কিলোমিটাৰ নামৰ ঠাইডোখৰত। আৰু এই পাশৱিক হত্যাকাণ্ড যোৱা বৃহস্পতিবাৰে সংঘটিত হৈছিল যদিও সংবাদ মাধ্যমৰ যোগেদি ভুক্তভোগী মহিলা অৰ্থাৎ কল্পনা দেৱীৰ উপায়হীন পৰিয়ালটোয়ে ঘটনাৰ উচিত তদন্ত আৰু অপৰাধী স্বামী কমল ছেত্ৰীৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী কৰাৰ লগতে কৰজোৰ কৰি আৰক্ষীচকী, দল সংগঠনৰ সহায় সহযোগিতা বিচাৰি হাঁহাকাৰ কৰি ফুৰিছে।

উল্লেখযোগ্য যে ঘটনাৰ বিবৰণি মতে কল্পনা দেৱী আৰু কমল ছেত্ৰীৰ পুত্ৰৰ জন্মদিন পালন কৰাৰ দিনটোত প্ৰথমে স্বামী কমল ছেত্ৰীয়ে নিশা প্ৰায় ২-৩ মান বজাত কয়লাৰ ক’লা ব্যৱসায় সামৰি নিজৰ ঘৰলৈ বুলি উভতি আহে আৰু তাৰ পাছত সৃষ্টি হয় পত্নীৰ সৈতে এক তৰ্ক বিতৰ্কৰ। আৰু শেহতীয়াকৈ এই তৰ্ক বিতৰ্কই লৈ এক ভয়াবহ ৰূপ। অৰ্থাৎ কমল ছেত্ৰীয়ে নিশাই পাশৱিকভাৱে গচকী-মৰিয়াই নিজ পত্নীক হত্যা কৰি পলায়ন কৰে চুবুৰীয়া ৰাজ্য মেঘালয় লৈ বুলি। ঘটনা সন্দৰ্ভত কমল ছেত্ৰীৰ আপোন মোমায়েকে কিদৰে আৰু কেনেকৈ কোমলে পত্নীক হত্যা কৰিছিল সেই বিষয়ে সাংবাদিকৰ সন্মুখত বিতংকৈ বৰ্ণনা কৰে।
অৱশ্যে ইতিমধ্যে আৰক্ষীয়ে পলায়ন কৰা অভিযুক্ত অপৰাধী কমল ছেত্ৰীক আটক কৰি জেললৈ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও কমল ছেত্ৰীয়ে প্ৰথমা পত্নীক নিৰ্যাতন চলায় হত্যা কৰিছিল বুলিও কল্পনা পৰিয়ালে অভিযোগ উত্থাপিত কৰিছে। সেয়েহে যাতে এইবাৰো অভিযুক্তি কমল ছেত্ৰীয়ে ধনবল অথবা আন কোনো সুৰুঙাৰে সাৰি যাব নোৱাৰে তাৰ বাবে আইন অথবা প্ৰশাসনৰ ওচৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে কল্পনাৰ পৰিয়াল বৰ্গই।













