ASSAM TIMES POST
আছিফ আলি: আজি ৰাজ্যিক শিশু সুৰক্ষা দিৱস ।অসমৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰতো পালন কৰা হৈছে এই দিন ।শিৱসাগৰ কৌমুদালয়ৰ শিশু গৃহত শিৱসাগৰ শিশু সুৰক্ষা সমিতিৰ পৃষ্ঠপোষকতাত, জিলা শিশু সুৰক্ষা গোটৰ উদ্যেগত আৰু জিলা আইন সেৱা প্ৰাধিকৰণ ও কৌমুদালয়ৰ সহযোগত এই দিন পালন কৰা হয়।
আজি ৰাজ্যিক শিশু সুৰক্ষা দিৱস উপলক্ষে অহানা শিশু গৃহত কণ কণ শিশু সকলৰ লগতে বিভিন্ন লোকৰ উপস্থিতিত এই দিৱস পালন কৰা হয়। শিশু সকলৰ মাজত ছবি অঁকাক ধৰি বিভিন্ন প্ৰতিযোগিতা আৰু গীত মাতৰ মাজেৰে দিনযোৰ কাৰ্যসূচী পালন কৰা হয়। এই বছৰ দিৱসৰ মূল চিন্তা সুস্থ আৰু সুমোচিত পৰিবেশৰ মাজত শিশু সকলৰ প্ৰতিভা বিকাশত সহায়ক হোৱা ।
উল্লেখযোগ্য যে ২০১৪ চন ৰ পৰা অসমত এই দিৱস অনুষ্ঠিত হৈ আহিছে ।ভাৰতীয় পয্যায়ত অসমে প্ৰথম ৪ মাৰ্চ তাৰিখে এই দিন উদযাপন কৰিছিল ।তাৰ পৰৱৰ্তী পৰ্যায়ত ভাৰতৰ আন আন দেশ ত এই দিৱস পালন কৰা হৈছে।