অজন্তা তালুকদাৰ, বোকাখাত, ২ মাৰ্চঃ
অসমীয়া জাতীয় জীৱনত নৱজাগৰণৰ সৃষ্টি কৰি অসমীয়া সংস্কৃতিক চহকী কৰি যোৱা পুৰণি সোণোৱালী সংগীতক যুগজয়ী কৰি ৰখাৰ উদ্দেশ্যে আৰু সংগীতৰ জড়িয়তে সমাজত শান্তিৰ বাতাবৰণ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে বােকাখাত সাংস্কৃতিক মঞ্চ আৰু বােকাখাত নগৰ মইনা পাৰিজাতৰ উদ্যোগত অসমৰ কিংবদন্তী শিল্পী সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আৰু অসমৰ প্রতিষ্ঠিত গায়ক জুবিন গাৰ্গৰ গীতৰ প্রতিযােগিতা ১ মার্চত বোকাখাতৰ ইন্দিৰা গান্ধী শিশু স্মাৰক উদ্যানত অনুষ্ঠিত হৈ যায়। সেই উদ্দেশ্যে পুৱা পতাকা উত্তোলন কৰে বোকাখাত সাংস্কৃতিক মঞ্চ আৰু বোকাখাত মইনা পাৰিজাতৰ সভাপতি দুলাল ডেকাই, বন্তি প্ৰজ্বলন কৰে বোকাখাত মহকুমা কবি সন্মিলনৰ সভাপতি অমৰ শৰ্মা, জ্যেষ্ঠ সাংবাদিক উত্তম শইকীয়া, বিশিষ্ট সংগীত শিল্পী বিজয় শৰ্মা, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, কবি সাংবাদিক অজন্তা তালুকদাৰ আৰু বোকাখাত মহকুমা কবি সন্মিলনৰ সাংগঠনিক সম্পাদিকা মৃদুস্মিতা শৰ্মাই।
অনুষ্ঠানৰ মঞ্চ উদ্বোধন কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতুশৰ্মা ৰাজখোৱাই। বিচাৰক তিনিগৰাকী ক্ৰমে তেজপুৰৰ সীমান্ত কাকতি, যোৰহাটৰ মানসজ্যোতি বৰা আৰু বোকাখাতৰ পৰিস্মিতা শৰ্মা। ভূপেন্দ্ৰ সংগীতৰ একক শাখাৰ প্ৰতিযোগিতাৰ ননী দুৱৰা সোঁৱৰণি প্ৰথম পুৰস্কাৰ লাভ কৰে তেজপুৰৰ ৰৌদ্ৰোজ্বল কাশ্যপে। দীপক শ্ৰীবাস্তৱ সোঁৱৰণি দ্বিতীয় পুৰস্কাৰ লাভ কৰে শিৱসাগৰৰ অনুস্কা তৰংগিনী বৰুৱাই। অজিত দত্ত সোঁৱৰণি তৃতীয় পুৰস্কাৰ যুটীয়াভাৱে লাভ কৰে ক্ৰমে তেলগৰম, গোলাঘাটৰ আইলিণ গগৈ আৰু শিৱসাগৰৰ উৰ্মীমালা গগৈয়ে। জুবিন গাৰ্গৰ নিৰ্বাচিত গীতৰ প্ৰতিযোগিতাত বিপুল চন্দ্ৰ গোস্বামী সোঁৱৰণি প্ৰথম পুৰস্কাৰ লাভ কৰে শিৱসাগৰৰ দীক্ষিতা বৰাই।
ভাস্কৰ ফুকন আৰু পৰিয়ালবৰ্গই প্ৰদান কৰা দ্বিতীয় পুৰস্কাৰ লাভ কৰে শিৱসাগৰৰ অনুস্কা তৰংগিনী বৰুৱাই আৰু দিলীপ হাজৰিকা সোঁৱৰণি তৃতীয় পুৰস্কাৰ যুটীয়াভাৱে লাভ কৰে নুমলীগড় নগৰাঞ্চলৰ ৰাশিকা দাস আৰু শিৱসাগৰৰ তন্ময়ী নাথে। বঁতা বিতৰণী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বোকাখাত নাট্যমন্দিৰৰ সভাপতি বিশিষ্ট সমাজকৰ্মী দিলীপ শইকীয়া আৰু নুমলীগড় নগৰাঞ্চলৰ নুপুৰ সংগীত বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰণৱ শইকীয়া। এই অনুষ্ঠানতে সম্বৰ্দ্ধনা জনোৱা হয় বিশিষ্ট সাংস্কৃতিক কৰ্মী বীণা মহন্ত আৰু বোকাখাত যান বাহন আৰক্ষী বিষয়া গোবিন কাকতিক। বিগত বৰ্ষৰ পুৰস্কাৰৰ দাতা পলিমা চেতিয়া বসুমতাৰীৰ লগতে বিগত আৰু চলিত বৰ্ষৰ পুৰস্কাৰ দাতা ক্ৰমে জুপিতা গোস্বামী, ৰুণুমী দত্তকো আয়োজক সমিতিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে ।
আনহাতে বোকাখাতৰ শিক্ষয়িত্ৰী কবি ৰঞ্জিতা শইকীয়া গগৈৰ কাব্য সংকলন “বতাহৰ সুহুৰিত” উন্মোচন কৰে বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপিকা তথা বিশিষ্ট প্ৰৱন্ধকাৰ, গল্পকাৰ ঔপন্যাসিক ড° ৰুবী বৰাই। অনুষ্ঠানৰ আৰম্ভণিতে অনুৰাগ শংকৰৰ পৰিচালনাত বোকাখাত মইনা পাৰিজাতৰ হদস্যা আৰু স্থানীয় মহিলাৰ দ্বাৰা সমবেত সংগীত পৰিবেশন কৰা হয়। সন্ধিয়া গীত পৰিৱেশন কৰে বোকাখাত সাংস্কৃতিক মঞ্চৰ সম্পাদক সৌৰভ হাজৰিকা, মিছ কিড ইণ্ডিয়া খ্যাত বোকাখাতৰ কণমানি শিল্পী নিকিতা বৰা, গীতিকাৰ সুৰকাৰ বিশিষ্ট লোকগীত শিল্পী অতুল বেজবৰুৱা আৰু সাংবাদিক ৰঞ্জিত ৰজকে।সমগ্ৰ অনুষ্ঠানৰ আঁত ধৰে বোকাখাত সাংস্কৃতিক মঞ্চৰ উপদেষ্টা তথা কবি সাংবাদিক অজন্তা তালুকদাৰে। বোকাখাত সাংস্কৃতিক মঞ্চৰ সম্পাদক তথা অনুষ্ঠানটোৰ সামগ্ৰিক পৰিকল্পক সৌৰভ হাজৰিকাই প্ৰতিযোগিতাখনিত বোকাখাতৰ ৰাইজৰ সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। শলাগৰ শৰাই দুয়োটি উদ্যোক্তা অনুষ্ঠানৰ সভাপতি দুলাল ডেকাই।