ASSAM TIMES POST
ডিফু, ১ মাৰ্চ: আঠদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আজিৰে পৰা হাওৰাঘাট গাওঁ নামঘৰ প্ৰাংগণত আৰম্ভ হৈছে হাওৰাঘাট আঞ্চলিক বৈদিক বৈষ্ণৱ মহাসভাৰ একবিংশতিতম্ অধিৱেশন আৰু অখণ্ড ভাগৱত পাঠ অনুষ্ঠান। পুৱা প্ৰাত:প্ৰসঙ্গ, ধৰ্ম ধ্বজা উত্তোলন, গছপুলি ৰোপণৰ লগতে হাওৰাঘাট নগৰৰ মাজেদি উলিওৱা হয় ভাগৱত শোভাযাত্ৰা।
নামাচাৰ্য ভৱেশ বৰাই আঁত ধৰে এই শোভাযাত্ৰাৰ। ইপিনে এই অনুষ্ঠানৰ লগত সংগতি যমুনা নৈৰ পাৰত গঢ়ি তোলা হৈছে এক নান্দনিক পৰিৱেশ। আনহাতে ৮ মাৰ্চৰ বিয়লি ২ বজাত ধৰ্মালোচনী সভাৰে এই অধিবেশনৰ সামৰণি পৰিব। উল্লেখ্য যে অনুষ্ঠানত সকলো স্তৰৰ লোকৰ সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে।