
২৩টা বিৰোধী দলে যৌথভাৱে ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তলৈ এখন পত্ৰ লিখি ভোটাৰ তালিকাৰ বিশেষ নিবিড় প্ৰক্ৰিয়া আৰু নিৰ্বাচনৰ সৈতে জড়িত অন্যান্য বিষয়ক লৈ উদ্বেগ প্ৰকাশ কৰিছে। এজন নিৰ্দলীয় সাংসদেও স্বাক্ষৰ কৰা পত্ৰখনত নিৰ্বাচন আয়োগৰ “পক্ষপাতমূলক ভূমিকা”ৰ বাবে কেইবাটাও নিৰ্দিষ্ট অভিযোগ উত্থাপন কৰা হৈছে।

আঠ পৃষ্ঠাৰ এই পত্ৰখন প্ৰকাশ কৰি এআইচিচিৰ সাধাৰণ সম্পাদক কেচি বেণুগোপালে শুকুৰবাৰে ছ’চিয়েল মিডিয়াত নিৰ্বাচন আয়োগৰ ওপৰত লক্ষ্য কৰি লিখিছে, “সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহৰ পক্ষপাতিত্বমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাটো আমাৰ ন্যায়পালিকাৰ কৰ্তব্য- বিশেষকৈ আমাৰ গণতন্ত্ৰৰ ভেটি হিচাপে পৰিগণিত হোৱা সাংবিধানিক কাঠামোক ধ্বংস কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ এটা প্ৰতিষ্ঠান। আমাৰ গণতন্ত্ৰত অন্যায়ে যাতে প্ৰাধান্য নাপায় তাৰ সৰ্বোচ্চ দায়িত্ব উচ্চতম ন্যায়ালয়ৰ, যাতে নিৰ্বাচনী প্ৰক্ৰিয়াত আমাৰ কোটি কোটি লোকৰ সততা, জবাবদিহিতা আৰু আস্থা পুনৰুদ্ধাৰ হয়।”
বিৰোধী দলসমূহৰ পত্ৰখনত কেইবাটাও বিষয় উত্থাপন কৰি উচ্চতম ন্যায়ালয়ক ইয়াৰ প্ৰতিকাৰ ল’বলৈ অনুৰোধ জনাইছে। ইয়াৰে এটা হ’ল, নিৰ্বাচন আয়োগৰ নিৰপেক্ষতা আৰু এছআইআৰ প্ৰক্ৰিয়াৰ স্বচ্ছতা নিশ্চিত কৰা।
দ্বিতীয়তে, শাসকীয় দল বিজেপিক সুবিধা প্ৰদান কৰা। বিৰোধী দলসমূহে অভিযোগ কৰে যে বিহাৰ আৰু পশ্চিমবংগৰ দৰে ৰাজ্যত বিজেপিক ৰাজনৈতিক সুবিধা প্ৰদানৰ বাবে এছআইআৰ (SIR) প্ৰক্ৰিয়াৰ জৰিয়তে বিজেপিক ৰাজনৈতিক সুবিধা প্ৰদান কৰা হৈছে। আন ৰাজ্যতো একেধৰণৰ প্ৰচেষ্টা চলোৱা হৈছে।
গণতন্ত্ৰ আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত এনে পক্ষপাতিত্বমূলক হস্তক্ষেপ অবাঞ্চিত বুলি অভিযোগ কৰি পত্ৰখনত লিখা হৈছে, “ভোটাৰ তালিকা পুনৰীক্ষণৰ জৰিয়তে লাখ লাখ বৈধ ভোটাৰৰ নাম বাদ দিয়া হৈছে। ইয়াৰ ফলত নিৰ্বাচনৰ ফলাফলত প্ৰভাৱ পৰিব পাৰে আৰু ই দেশৰ গণতন্ত্ৰ আৰু মুক্ত নিৰ্বাচনী ব্যৱস্থাৰ বিৰোধী।” কংগ্ৰেছ-তৃণমুল-ডিএমকে-চিপিএমকে ধৰি বিৰোধী দলসমূহে মুখ্য ন্যায়াধীশৰ ওচৰত তাৎক্ষণিক ন্যায়িক হস্তক্ষেপৰ আবেদন জনাইছে।
লগতে আয়োগৰ কাৰ্যকলাপক ‘অসাংবিধানিক’ বুলি দাবী কৰি তেওঁলোকে কয়, যেতিয়া কোনো গণতান্ত্ৰিক প্ৰতিষ্ঠান (নিৰ্বাচন আয়োগৰ দৰে) বিতৰ্কিত কাৰ্যকলাপৰ সৈতে জড়িত হয়, তেতিয়া ন্যায়পালিকাই একমাত্ৰ ভৰসা হয়। গতিকে তেওঁলোকে সমগ্ৰ বিষয়টো ন্যায়িক তত্ত্বাৱধানত আনিবলৈ মুখ্য ন্যায়াধীশৰ ওচৰত আবেদন জনাইছে।











