
৪৫ দিন ধৰি সন্ধানহীন হৈ আছিল এজন ব্যক্তি। তেওঁৰ পৰিয়ালৰ লোকে তেওঁক বিচাৰি আছিল যদিও তেওঁৰ কোনো সন্ধান পোৱা নাছিল। পত্নীয়েও নিৰুদ্দেশৰ গোচৰ ৰুজু কৰিছিল। যেতিয়া সকলোৱে ঘটনাটোক নিৰুদ্দেশ হোৱা বুলি মানি ল’বলৈ ধৰে, তেতিয়াই এটা সন্দেহই গোটেই কাহিনীটো সলনি কৰি পেলালে।

জানিব পৰা মতে, ব্যক্তিজন নিৰুদ্দেশ হোৱা নাছিল, বৰঞ্চ হত্যা কৰা হৈছিল। পত্নীৰ বিৰুদ্ধে এই হত্যাৰ অভিযোগ। উত্তৰ প্ৰদেশৰ আগ্ৰাত সংঘটিত হৈছে এই ঘটনা। এই ঘটনাই মীৰাটত সৌৰভ ৰাজপুতৰ হত্যা, মেঘালয়ত ৰাজা ৰঘুবংশীৰ হত্যা আৰু শেহতীয়াকৈ পুনেত কেতন আগৰৱালাৰ হত্যাকাণ্ডৰ স্মৃতি সজীৱ কৰিছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, মৃত ব্যক্তিজনৰ নাম সুৰেন্দ্ৰ কুমাৰ শৰ্মা। তেওঁ আগ্ৰাৰ ছিকন্দ্ৰা থানা এলেকাৰ প্ৰাচী টাৱাৰ চৌকী অঞ্চলৰ বাসিন্দা আছিল। ১৮ মে’ত হঠাৎ নিৰুদ্দেশ হোৱাত সুৰেন্দ্ৰৰ পৰিয়ালৰ লোক চিন্তিত হৈ পৰে।
ওচৰ-চুবুৰীয়াই তেওঁৰ পত্নী ৰুবীক সোধাত তেওঁ কয় যে সুৰেন্দ্ৰ কেইদিনমানৰ বাবে বাহিৰলৈ ওলাই গৈছে। সোনকালেই ঘৰলৈ উভতি আহিব। শহুৰেকৰ ঘৰতো একে কথাই কৈছিল।
এসপ্তাহৰ পাছতো যেতিয়া সুৰেন্দ্ৰ ঘৰলৈ উভতি নাহিল, তেতিয়া তেওঁৰ পৰিয়ালৰ লোকে আৰক্ষীৰ ওচৰত নিৰুদ্দেশ সম্পৰ্কীয় এজাহাৰ দাখিল কৰে। সুৰেন্দ্ৰৰ পত্নীয়েও সুকীয়াকৈ এজাহাৰ দাখিল কৰে। আনকি সুৰেন্দ্ৰৰ পত্নীয়ে কান্দি কান্দি থানালৈ গৈ গিৰীয়েকক বিচাৰি উলিয়াবলৈ দাবী কৰে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, যোৱা ২৬ মে’ত সুৰেন্দ্ৰৰ পৰিয়ালে নিৰুদ্দেশৰ এজাহাৰ দাখিল কৰিছিল। তদন্তকাৰীয়ে সুৰেন্দ্ৰৰ পত্নীৰ সৈতেও কথা পাতিছিল।
তেতিয়াও তেওঁ দাবী কৰিছিল যে সুৰেন্দ্ৰই তেওঁক কৈছিল যে তেওঁ কেইদিনমানৰ বাবে ওলাই যাব। কিন্তু তেওঁ ক’লৈ গৈছে সেই বিষয়ে একো কোৱা নাছিল। অৱশ্যে ৰুবীৰ আচৰণ আৰু আচাৰ-ব্যৱহাৰত সুৰেন্দ্ৰৰ ঘৰৰ মানুহৰ সন্দেহ হৈছিল। এই বিষয়ে আৰক্ষীক অৱগত কৰাত ৰুবীক থানালৈ মাতি নি কেইবাবাৰো জেৰা কৰা হয়।
তাৰ পিছত তদন্তকাৰীয়ে কেইবাটাও তথ্যত অসামঞ্জস্যতা লক্ষ্য কৰে। অৱশ্যে তেওঁক বুজিবলৈ দিয়া নাছিল। ৰুবীৰ গতিবিধি নিৰীক্ষণ কৰা হৈছিল। এই গোচৰত শুকুৰবাৰে সুৰেন্দ্ৰৰ ঘৰত উপস্থিত হয় আৰক্ষী। তালাচী চলাই থকাৰ সময়তে তদন্তকাৰীয়ে এটা স্থানলৈ যায় আৰু তেওঁলোকৰ চকু পৰে এটা চিকচিকিয়া বাথৰুম।
সতেজভাৱে প্লাষ্টাৰ কৰা মজিয়াত নতুন টাইলছ লগোৱা আছিল। আৰক্ষীৰ সন্দেহৰ বাবেই বাথৰুমৰ মজিয়া ভাঙি পেলোৱাৰ কাম আৰম্ভ হয়। টাইলছ ভাঙি মজিয়া খন্দাৰ পিছত প্ৰথমে দেখা গ’ল কেইটামান আঙুলি। আৰু অধিক খন্দাৰ অন্তত এজন ব্যক্তিৰ মৃতদেহ ওলাই আহে। পৰিয়ালৰ লোকে সুৰেন্দ্ৰক চিনাক্ত কৰে।
তেওঁলোকে ৰুবীৰ বিৰুদ্ধে সুৰেন্দ্ৰক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে। তাৰ পিছত ৰুবীক গ্ৰেপ্তাৰ কৰা হয়। জেৰাৰ সময়ত ৰুবী ভাঙি পৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, সুৰেন্দ্ৰৰ পত্নীয়ে দাবী কৰিছে যে তেওঁৰ স্বামীয়ে কোনো কাম কৰা নাছিল। মদ খাই ঘৰলৈ আহি তেওঁক মাৰপিট কৰিছিল। বহুদিন ধৰি তেওঁ অত্যাচাৰ সহ্য কৰি আহিছিল।
১৮ মে’ত অশান্তি শিখৰত উপনীত হয়। আৰক্ষীয়ে দাবী কৰে যে তেওঁ সুৰেন্দ্ৰক হত্যা কৰাৰ পিছত বাথৰুমৰ মজিয়া খান্দি সমাধিস্থ কৰে। প্ৰমাণ ধ্বংস কৰিবলৈ আৰু যাতে কোনেও সন্দেহ নকৰে তাৰ বাবে তেওঁ বাথৰুম মেৰামতি কৰিছিল। তাত টাইলছ লগাই দিয়ে। অৱশ্যে শেষ ৰক্ষা নহ’ল। শুকুৰবাৰে স্বামীক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় ৰুবীক।












