নিউজ ডেস্ক: ২০২০-২১ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত মত বিনিময় কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হয়৷ যোৱা ১ ফেব্ৰুৱাৰীত সংসদত দাখিল কৰা বাজেট সন্দৰ্ভত মত বিনিময় কৰাৰ উদ্দেশ্যে বিত্ত মন্ত্ৰীগৰাকীয়ে উদ্যোগখণ্ডৰ প্ৰতিনিধি, ব্যৱসায়ী, বিনিয়োগকাৰী আদিৰ লগত মত বিনিময় কৰে৷ ইয়াৰ লগতে বিত্ত মন্ত্ৰীগৰাকীয়ে অৰ্থনীতিবিদ, শিক্ষাবিদ, ৰাজনৈতিক বিশেষজ্ঞ, কৰ বিশেষজ্ঞ আৰু বিভিন্ন নেতাৰ সৈতে আলোচনা কৰে৷
উল্লেখ্য যে বিত্ত মন্ত্ৰীগৰাকীৰ লগত বিত্ত আৰু ডিএফএছৰ সচিব ৰাজীৱ কুমাৰ, অৰ্থনৈতিক বিভাগৰ সচিব অতনু চক্ৰৱৰ্তী, ৰাজহ সচিব ড° অজয় ভূষণ পাণ্ডে, ব্যয় সচিব টি ভি সোমনাথন, প্ৰত্যক্ষ কৰ আৰু শুল্কৰ কেন্দ্ৰীয় ব’ৰ্ডৰ অধ্যক্ষ পি চি মোদীয়ে সহযোগ কৰে৷ মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ অৰ্থনৈতিক দিশবোৰ উল্লেখ কৰি কৰৰ ক্ষেত্ৰত বাজেটখনে সহায় কৰিব বুলি কয়৷ লগতে আত্মসহায়ক গোটবোৰে অৰ্থনীতিত প্ৰভূত বৰঙনি আগবঢ়াই নিব পাৰে বুলি কয়৷ ইয়াৰ পূৰ্বে অসমৰ বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীক বিমান বন্দৰত আদৰণি জনায়৷