
কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ আৰক্ষীয়ে আজি পুৱা ছটাকৈ গভাইত গৰু চুৰ আটক কৰিবলৈ সক্ষম হয় ! ডিফুৰ পথেৰে মাঞ্জা থানাৰ অন্তৰ্গত দিছামা ২ নং অঞ্চলৰ পৰা গৰু চুৰি কৰি AS-01GG 7927 নম্বৰৰ এখন কলা ৰঙৰ চাৰিচকীয়া স্কৰপিঅ’ বিলাসী বাহনত চোৰাং গৰু লৈ উধাও হয় !

কিছু সংখ্যক ৰাইজ চুৰ কেইটাক পিছা কৰে আৰু এই সম্ভেদ লাভ কৰাত গৰুচোৰৰ দলটোৱে বাহন সহ দিছামা ২ নং অঞ্চলৰ পৰা পলায় কৰে যদিও পাছে পাছে ৰাইজে খেদি আহে ! অৱশেষত হাওৰাঘাটৰ বৰ বিল গাওঁত ৰাইজৰ সহযোগত হাওৰাঘাট থানাৰ আৰক্ষীয়ে ছয়টা গৰুচোৰ আটক কৰিবলৈ সক্ষম হয়।
ধৃত গৰুচোৰ কেইটাৰ নাম মুকছিদুল ইছলাম (২৬) বছৰ , মুকলেছ আলী (২৮)বছৰ , আছৰাফুল ইছলাম (২৭)বছৰ , মুকাৰুল ইছলাম (২২)বছৰ , আবদুল নাছিৰ (২৭)বছৰ আৰু ফৰিদুল ইছলাম (২৫)বছৰ আটাইকেইজন
গৰুচোৰ ঘৰ নগাঁও জিলাত বুলি চুৰ কেইটাই পৰা জানিব পৰা গৈছে













