
জে এন ইউৰ প্ৰাক্তন ছাত্ৰ নেতা ওমৰ খালিদৰ (Umar Khalid) অন্তৱৰ্তীকালীন জামিন আবেদন নাকচ কৰিলে দিল্লীৰ এখন আদালতে। অসুস্থ মাতৃক চোৱাচিতা কৰিবলৈ আৰু খুড়াকৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিবলৈ জামিন বিচাৰিছিল।

দিল্লীৰ কাৰ্কাৰডুমা আদালতৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ সমীৰ বাজপেয়ীয়ে মঙলবাৰে এই আবেদন নাকচ কৰে। ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত উত্তৰ-পূব দিল্লীত কা আৰু এন আৰ চি বিৰোধী প্ৰতিবাদক লৈ বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছিল। এই ঘটনাত ৫৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৭০০ৰো অধিক লোক আহত হয়।
ওমৰ খালিদ আৰু তেওঁৰ সহযোগীসকলেই এই আক্ৰমণৰ ‘মাষ্টাৰমাইণ্ড’ বুলি অভিযোগ উত্থাপন কৰে আৰক্ষীয়ে। তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ইউ এ পি এ আৰু বি এন এছৰ কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হয়।
মাত্ৰ এদিন পূৰ্বে উচ্চতম ন্যায়ালয়ৰ ৰায়দানে ওমৰক আশাৰ নতুন ৰশ্মি দিছিল। কিন্তু ২৪ ঘণ্টাৰ ভিতৰতে তেওঁ এই আদালতৰ নিৰ্দেশৰ সৈতে এক বৃহৎ নিৰাশাৰ সন্মুখীন হ’বলগীয়া হয়।
৫ জানুৱাৰীত উচ্চতম ন্যায়ালয়ৰ আন এখন বিচাৰপীঠে এই গোচৰত ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন নাকচ কৰিছিল। সোমবাৰে শীৰ্ষ আদালতে সেই পূৰ্বৰ ৰায়দানক তীব্ৰ সমালোচনা কৰে। উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে ইউ এ পি এৰ দৰে কঠোৰ আইনতো ‘জামিনেই নিয়ম, জে’ল ব্যতিক্ৰম’।
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি ভি নাগাৰত্ন আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ বিচাৰপীঠে মাদক-সন্ত্ৰাসবাদৰ গোচৰত জম্মু-কাশ্মীৰৰ বাসিন্দা চৈয়দ ইফতিকাৰ আন্দ্ৰাবীক জামিন প্ৰদান কৰাৰ সময়তে এই পৰ্যবেক্ষণ কৰে।
দিল্লী আক্ৰমণ গোচৰত চলিত বৰ্ষৰ আৰম্ভণিতে জামিন নাকচ কৰিবলৈ ন্যায়াধীশ অৰবিন্দ কুমাৰ আৰু ন্যায়াধীশ এন ভি অঞ্জৰিয়াৰ বিচাৰপীঠে দিয়া যুক্তিৰ সৈতে বৰ্তমানৰ বিচাৰপীঠে তীব্ৰ মতানৈক্য প্ৰকাশ কৰে।
উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে ৫ জানুৱাৰীৰ ৰায়দানে ২০২১ চনৰ ‘কে এ নাজিব’ গোচৰৰ তিনি বিচাৰপীঠৰ আইনী নীতিক সঠিকভাৱে মূল্যায়ন কৰা হোৱা নাই।
নাজিব গোচৰৰ ৰায়দানত কোৱা হৈছিল যে যদিহে দীৰ্ঘদিন ধৰি আটক কৰা হয় আৰু বিচাৰ আৰম্ভ হোৱাত অত্যধিক পলম হয় তেন্তে ইউ এ পি এ আইনৰ কঠোৰ নিষেধাজ্ঞাতকৈ কয়দীজনৰ মানৱ অধিকাৰক অগ্ৰাধিকাৰ দিয়া হ’ব।
ন্যায়াধীশ ভূঞাই আদালতত কয়, “জামিন কেৱল এটা ফোঁপোলা আইনী শব্দ নহয়। সংবিধানৰ ২১ নং দফাৰ পৰা উদ্ভৱ হোৱা এক মৌলিক অধিকাৰ। আৰু সভ্য সমাজৰ মূল নীতি হ’ল এজন ব্যক্তি দোষী প্ৰমাণ নোহোৱালৈকে নিৰ্দোষী।”
বিচাৰপীঠে লগতে কয়, “ইউ এ পি এ আইনৰ অধীনতো ‘জামিনেই নিয়ম আৰু জে’ল ব্যতিক্ৰম’। নিৰ্দিষ্ট গোচৰৰ প্ৰমাণ আৰু পৰিস্থিতিৰ ভিত্তিতহে কোনো বিশেষ গোচৰত জামিন ৰখাব পাৰি।”











