
ইৰাণৰ সৈতে আচলতে শান্তি বৈঠক হ’বনে নাই বা হ’লেও ই ফলপ্ৰসূ হ’বনে নহয় সেই লৈ বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে। তেনে পৰিস্থিতিতে এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে (Donald Trump) ইৰাণৰ ওপৰত নতুন আক্ৰমণৰ কথা পুনৰ সকীয়াই দিছে।

কেৱল সেয়াই নহয়, তেওঁ এটা সময়সীমাও নিৰ্ধাৰণ কৰিছে। তেওঁ ইংগিত দিয়ে যে যদিহে চলি থকা আলোচনা বিফল হয় তেন্তে আগন্তুক কেইদিনমানৰ ভিতৰত ইৰাণৰ বিৰুদ্ধে নতুন সামৰিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
ইৰাণক পুনৰ আক্ৰমণ কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি বিগত কিছুদিনত ট্ৰাম্পে বাৰে বাৰে বুজাই দিছে। কিন্তু পৰিকল্পনাৰ পিছতো আমেৰিকাই এতিয়াও আক্ৰমণৰ পথ গ্ৰহণ কৰা নাই। অৱশ্যে ট্ৰাম্পে কয় যে তেওঁ ইৰাণক আৰু বেছি সময় দিব নিবিচাৰে।
সাংবাদিকৰ সৈতে কথা পাতি তেওঁ কয়, “দুদিন বা তিনিদিনৰ ভিতৰতে… ইৰাণৰ বিৰুদ্ধে আক্ৰমণৰ সিদ্ধান্ত শুকুৰবাৰ বা শনিবাৰ বা অহা সপ্তাহৰ আৰম্ভণিতে লোৱা হ’ব পাৰে।” তেওঁ বুজাই দিয়ে যে ৱাশ্বিংটনৰ সৈতে শান্তিচুক্তি চূড়ান্ত কৰিবলৈ তেহৰাণৰ হাতত বিশেষ সময় বাকী নাই। মঙলবাৰে ইৰাণৰ বিৰুদ্ধে নতুন আক্ৰমণৰ পৰিকল্পনা কৰিছে আমেৰিকাই। কিন্তু ট্ৰাম্পে শেষ মুহূৰ্তত সেই পৰিকল্পনা স্থগিত ৰখাৰ সিদ্ধান্ত লয়।
তেওঁ কয় যে কাটাৰ, চৌদি আৰব আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ নেতাসকলে তেওঁক এতিয়াই আক্ৰমণ নকৰিবলৈ আহ্বান জনাইছে। তেওঁলোকৰ সৈতে কথা পতাৰ অন্তত ট্ৰাম্পক আশ্বাস দিয়া হয় যে আলোচনাৰ জৰিয়তে পৰিস্থিতি সমাধানৰ সম্ভাৱনা এতিয়াও আছে। সেইবাবেই তেওঁ এই সিদ্ধান্ত লৈছে বুলি দাবী কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।
ট্ৰাম্পে লগতে দাবী কৰে যে তেওঁ এঘণ্টাৰ ভিতৰত ইৰাণৰ বিৰুদ্ধে সামৰিক অভিযান পুনৰ আৰম্ভ কৰিবলৈ অনুমোদন দিলেহেঁতেন। কিন্তু বন্ধু দেশৰ অনুৰোধত বৰ্তমানৰ বাবে স্থগিত ৰখা হৈছে। কিন্তু সেই ঘোষণাৰ ২৪ ঘণ্টা নৌহওঁতেই ট্ৰাম্পে পুনৰ আক্ৰমণৰ পৰিকল্পনাৰ বিষয়ে মুকলিকৈ কয়।
তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে ভৱিষ্যতে ইৰাণৰ সৈতে যিয়েই চুক্তি নহওক কিয়, তেহৰাণে নিশ্চিত কৰিব লাগিব যে তেওঁলোকে কোনো ধৰণে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব নোৱাৰে।










