
যদি কোনো বিপথগামী কুকুৰ ‘পাগল’ হয় বা অত্যধিক আক্ৰমণাত্মক হৈ পৰে তেন্তে তাক হত্যা কৰিব পাৰি। মঙলবাৰে বাটৰুৱা কুকুৰ (Stray dog)ৰ সৈতে জড়িত এক গোচৰত (An involved case) এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ (Supreme Court)। একে সময়তে আদালতে বাটৰুৱা কুকুৰৰ সৈতে জড়িত এটা গোচৰত পূৰ্বৰ নিৰ্দেশো বাহাল ৰাখে। যোৱা বছৰৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে পথ, উদ্যান, চিকিৎসালয়, ৰে’ল ষ্টেচন আদি জনসমাগম হোৱা ঠাইৰ পৰা বাটৰুৱা কুকুৰ আঁতৰাই পেলাব লাগে বুলি নিৰ্দেশ দিছিল। সেই আদেশৰ পিছত দেশৰ বিভিন্ন প্ৰান্তত বিতৰ্ক আৰম্ভ হয়। এই আদেশ পুনৰীক্ষণৰ বাবে অনুৰোধ জনাই শীৰ্ষ আদালততো কেইবাখনো আবেদনৰ দাখিল কৰা হয়। ন্যায়াধীশ বিক্ৰম নাথ, সন্দীপ মেহতা আৰু এন ভি অঞ্জৰিয়াৰ বিচাৰপীঠে মঙলবাৰে উক্ত আবেদনবোৰ খাৰিজ কৰে।
উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে পৰ্যবেক্ষণ কৰে যে কুকুৰে কামোৰাৰ ভয় নোহোৱাকৈ জীয়াই থকাৰ অধিকাৰো মৰ্যাদাৰে জীয়াই থকাৰ অধিকাৰৰ অন্তৰ্গত। বিভিন্ন গোচৰত পথচাৰী, শিশু আৰু বৃদ্ধসকলক কুকুৰে কামোৰা বুলিও আদালতে জানিবলৈ দিয়ে। তিনিজনীয়া বিচাৰপীঠে কয় যে এই কঠোৰ বাস্তৱক আওকাণ কৰাটো আদালতৰ বাবে সম্ভৱ নহয়। পথ বা ৰাজহুৱা স্থানত বিপথগামী কুকুৰ ঘূৰি ফুৰাৰ বিষয়টোক আদালতে চিন্তনীয় বুলিও অভিহিত কৰিছে।

আইনী বাতৰি ৱেবছাইট ‘বাৰ এণ্ড বেঞ্চ’ৰ তথ্য অনুসৰি উচ্চতম ন্যায়ালয়ে কয়, “যিবোৰ অঞ্চলত বাটৰুৱা কুকুৰৰ সংখ্যাই এক আতংকজনক স্তৰত উপনীত হৈছে, য’ত মানুহক সঘনাই সেই কুকুৰে কামুৰিছে আৰু সাধাৰণ জনতাৰ সুৰক্ষাৰ প্ৰতি বিপদৰ সৃষ্টি হৈছে, তেনে ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব লাগে। বিশেষজ্ঞৰ সৈতে আলোচনা কৰি পশুৰ ওপৰত নিষ্ঠুৰতা প্ৰতিৰোধ আইন, পশু জন্ম নিয়ন্ত্ৰণ নিয়ম আৰু অন্যান্য প্ৰট’কল অনুসৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। ইয়াৰ ভিতৰত উন্মাদ হৈ পৰা বা দুৰাৰোগ্য ৰোগত আক্ৰান্ত বা হিংস্ৰ হৈ পৰা কুকুৰক নিষ্কৃতি মৃত্যু (হত্যা) দিয়াটোও অন্তৰ্ভুক্ত।”
উচচতম ন্যায়ালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলক বাটৰুৱা কুকুৰৰ উপদ্ৰৱৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় আন্তঃগাঁথনি গঢ়ি তুলিবলৈ নিৰ্দেশ দিছে। উল্লেখ্য যে যোৱা বছৰৰ নৱেম্বৰ মাহৰ ৰায়ৰ পুনৰীক্ষণ আবেদনৰ শুনানি গ্ৰহণ কৰি ২৯ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে নিজৰ ৰায় সংৰক্ষণ কৰি ৰাখিছিল। সেই সময়ত পঞ্জাব, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু তামিলনাডুৰ ভূমিকাক লৈও আদালতে অসন্তুষ্টি প্ৰকাশ কৰে।











