
পুনৰ বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য (Fuel Price Hike)। মঙলবাৰৰ পৰা কাৰ্যকৰী হ’ব এই বৰ্ধিত ইন্ধনৰ মূল্য। ইয়াৰ লগে লগে বিগত পাঁচ দিনত দ্বিতীয়বাৰৰ বাবে বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য। প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য গড়ে ৯০ পইচাকৈ বৃদ্ধি পাইছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইন্ধন সঞ্চয়ৰ বাৰ্তা দিয়াৰ পাছত যোৱা শুকুৰবাৰে বৃদ্ধি পায় ইন্ধনৰ মূল্য। পাঁচ দিনৰ পাছত মঙলবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। মঙলবাৰৰ পৰা দিল্লীত পেট্ৰ’লৰ মূল্য ৮৭ পইচা বৃদ্ধি পাই ৯৮.৬৪ টকা হৈছে।
ডিজেলৰ মূল্য ৯১ পইচা বৃদ্ধি পাই ৯১.৫৮ টকা হৈছে। মুম্বাইত পেট্ৰ’লৰ মূল্য ৯১ পইচা বৃদ্ধি পাই ১০৭.৫৯ টকা হৈছে। তাত ডিজেলৰ মূল্য ৯৪ পইচা বৃদ্ধি পাই ৯৪.৮ টকা হৈছে। একেদৰে চেন্নাইত পেট্ৰ’লৰ মূল্য ৮২ পইচা বৃদ্ধি পাই ১০৪.৪৯ টকা আৰু ডিজেলৰ মূল্য ৮৬ পইচা বৃদ্ধি পাই ৯৬.১১ টকা হৈছে।
পশ্চিম এছিয়াৰ অশান্তিৰ মাজতে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ যোগানক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে। ভাৰততো ইয়াৰ প্ৰভাৱ পৰিছে। কাৰণ ভাৰতে ইয়াৰ প্রয়োজনীয় ইন্ধনৰ অধিকাংশ আন দেশৰ পৰা আমদানি কৰিব লগা হয়৷ এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুত সুৰক্ষিত কৰিবলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছে।
১০ মে’ত প্ৰধানমন্ত্ৰীয়ে দেশবাসীক পেট্ৰ’ল-ডিজেলৰ ব্যৱহাৰত মিতব্যয়ীভাৱে কাম কৰিবলৈ আহ্বান জনাইছিল। তেওঁ কয়, “আমি পেট্ৰ’ল-ডিজেলৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগিব। চহৰত যদি মেট্ৰ’ আছে তেন্তে তাত মেট্ৰ’ ব্যৱহাৰ কৰিব লাগিব। মেট্ৰ’ত অধিক যাত্ৰা কৰিব লাগিব। গাড়ীৰে যাবলগীয়া হ’লে ভাড়া গাড়ী ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। আনকো লগত বহিবলৈ দিয়ক।”
কৰোনা কালত অফিচৰ কাম ঘৰৰ পৰাই কৰা হৈছিল ঠিক তেনেদৰে ‘ঘৰৰ পৰা কাম’ পুনৰ আৰম্ভ কৰিবলৈ অনুৰোধ জনায়। সেইদিনা প্ৰধানমন্ত্ৰীয়ে লগতে কয়, “পৃথিৱীত পেট্ৰ’ল-ডিজেলৰ দাম বাঢ়িছে। পেট্ৰ’ল-ডিজেল ক্ৰয়ৰ বাবে ব্যয় কৰা বিদেশী মুদ্ৰা আমি ইয়াৰ ব্যৱহাৰ হ্ৰাস কৰি ৰাহি কৰিব লাগিব, সেয়া আমাৰ সকলোৰে দায়িত্ব।”
প্ৰধানমন্ত্ৰীৰ এই আবেদনৰ পিছত চলিত মাহত দুবাৰকৈ বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য। প্ৰথমতে ১৫ মে’ শুকুৰবাৰে বৃদ্ধি পায় ইন্ধনৰ মূল্য। পাঁচ দিনৰ ভিতৰত মঙলবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম।











