
ইৰাণৰ ওপৰত নতুন আক্ৰমণৰ সতৰ্কবাণী দিয়াৰ পিছতো অৱশেষত পিছুৱাই গ’ল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প (Donald Trump)। তেওঁৰ মন সলনি হৈছে। ট্ৰাম্পে দাবী কৰিছে যে আমেৰিকাই মঙলবাৰে ইৰাণত আন এক সামৰিক অভিযান আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু সেই পৰিকল্পনা বৰ্তমান পিছুৱাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।

বৰ্তমান আমেৰিকা আৰু ইৰাণৰ মাজত সামৰিক সংঘাতৰ অন্ত পৰিছে। অৱশ্যে দুয়োখন দেশৰ মাজত উত্তেজনা অব্যাহত আছে। যদিও দুয়োখন দেশে পাকিস্তানৰ দূতাবাসৰ অধীনত ইছলামাবাদত বৈঠকত মিলিত হৈছিল, তথাপিও ইয়াৰ পৰা কোনো সমাধান উলিয়াব পৰা নাই।
তেতিয়াৰে পৰাই হৰমুজ প্ৰমালীৰ নিয়ন্ত্ৰণক লৈ দুয়োখন দেশৰ মাজত শীতল যুদ্ধ চলি আহিছে। উপসাগৰীয় অঞ্চলৰ আমেৰিকাৰ কিছুমান বন্ধু দেশে এই উত্তেজনা লাঘৱ কৰাৰ উদ্যোগ লৈছে।
উক্ত উপসাগৰীয় দেশসমূহৰ অনুৰোধত ইৰাণত সামৰিক অভিযানৰ পৰিকল্পনা পিছুৱাই দিয়া বুলি দাবী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে। ছ’চিয়েল মিডিয়া ‘ট্ৰুথ’ ছ’চিয়েল মিডিয়াত ট্ৰাম্পে কয় যে কাটাৰ, চৌদি আৰব আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ নেতাসকলে তেওঁক এতিয়া আক্ৰমণ নকৰিবলৈ অনুৰোধ জনাইছে।
তেওঁলোকৰ সৈতে কথা পতাৰ অন্তত ট্ৰাম্পক আশ্বাস দিয়া হয় যে আলোচনাৰ জৰিয়তে পৰিস্থিতি সমাধানৰ সম্ভাৱনা এতিয়াও আছে। সেইবাবেই তেওঁ এই সিদ্ধান্ত লৈছে বুলি দাবী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।
আমেৰিকাই কেনেধৰণৰ আক্ৰমণৰ পৰিকল্পনা কৰিছে সেই সন্দৰ্ভত কোনো সবিশেষ ট্ৰাম্পে দিয়া নাই। আনকি আমেৰিকান বাহিনীয়ে মঙলবাৰে এনে আক্ৰমণৰ পৰিকল্পনা কৰিছিল বুলিও আগতীয়াকৈ ৰাজহুৱা কৰা হোৱা নাছিল। অৱশ্যে যোৱা দেওবাৰে ছ’চিয়েল মিডিয়াত এটা পোষ্টত সকীয়াই দিছিল ট্ৰাম্পে।
তেওঁ তেহৰাণকো সকীয়াই দিয়ে যে যদি ইৰাণে সোনকালে আলোচনাত নবহে তেন্তে তেওঁলোকৰ বাবে একোৱেই নাথাকিব। তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে, “ইৰাণৰ বাবে সময় শেষ হৈ গৈ আছে। তেওঁলোকে খৰধৰকৈ কাম কৰিব লাগিব। নহ’লে তেওঁলোকৰ বাবে একোৱেই নাথাকিব। এই বিষয়ত সময়েই মূল কথা।”
উল্লেখ্য যে বিগত কেইসপ্তাহমানৰ পৰা আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ইৰাণৰ ওপৰত হেঁচা অব্যাহত ৰাখিবলৈ বিভিন্ন সতৰ্কবাণী দি আহিছে। উক্ত পোষ্টবোৰত ট্ৰাম্পে নতুন আক্ৰমণৰ পৰিকল্পনাৰ বিষয়ে স্পষ্টকৈ একো কোৱা নাছিল।
এনে পৰিস্থিতিত ট্ৰাম্পে মঙলবাৰৰ আক্ৰমণ স্থগিত ৰখাৰ কথা ঘোষণা কৰি কয় যে ইৰাণে কোনো ধৰণে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ সুযোগ পাব নালাগে। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে দাবী কৰে যে তেওঁক জনোৱা হৈছে যে অতি সোনকালে আমেৰিকা গ্ৰহণযোগ্য চুক্তিত উপনীত হ’ব।
অৱশ্যে এনে নহ’লে আমেৰিকাৰ সামৰিক বাহিনী সাজু বুলিও তেওঁ কয়। ট্ৰাম্পে দাবী কৰে যে যদি কোনো গ্ৰহণযোগ্য চুক্তিত উপনীত নহয় তেন্তে এই নিৰ্দেশ পোৱাৰ লগে লগে ইৰাণৰ ওপৰত ব্যাপক আক্ৰমণ চলাবলৈ সাজু হৈছে আমেৰিকাৰ সেনাই।









