
নিখিল ভাৰত অৰ্গেনাইজেশ্যন অব কেমিচ আৰু ড্ৰাগিছ এচোছিয়েশ্যন চমুকৈ এআইঅচিডি য়ে 20 মেত আহ্বান কৰা ৰাষ্ট্ৰব্যাপি বন্ধত কাৰ্বি আংলং জিলা গোটেও সমৰ্থন আহ্বান জনাইছে।

এই বন্ধৰ পৰিপেক্ষিতত কাৰ্বি আংলং জিলা মিডিচিন ডিলাৰ এচোছিয়েশ্যনে জিলাখনৰ ৰোগী ৰাইজৰ সুবিধাৰ্থে ডিফু চহৰত চাৰিখন ফাৰ্মাচী খোলা ৰখা হব বুলি জানিব দিয়ে। চাৰিখন ফাৰ্মাচী হৈছে ক্রমে বেবী মিডিকেল ষ্টোৰ ( 6000723868), ডিফু মিডিকেল হল ( 700293203), আলন মিডিকেল ( 6003081347) আৰু নিউ মিডিকেল ষ্টোৰ ( 8638647136) ।
উল্লেখযোগ্য য়ে অনলাইনত ঔষধ বিক্ৰীৰ বন্ধ ৰখা, ঔষধৰ ক্ষেত্ৰত কৰ্পৰেটৰ হস্তক্ষেপ বন্ধ কৰা , নকলী ঔষধ বিক্ৰীৰ প্ৰতিৰোধ কৰা আৰু 26 – 3 -2020 বৰ্ষৰ জি এচ আৰ প্ৰত্যাহাৰ কৰাৰ অন্যতম।













