
তালিবান চৰকাৰে (Taliban Govt.) আকৌ এবাৰ আফগানিস্তানত (Afganistan) মহিলাৰ অধিকাৰ (Women right) আৰু স্বাধীনতাৰ ওপৰত এক বৃহৎ দমন আৰোপ কৰিছে। এতিয়া দেশত বাল্য বিবাহক (Child marriage) আনুষ্ঠানিকভাৱে বৈধতা (Formally valid) প্ৰদান কৰা হৈছে। তালিবানৰ নেতা হিবাতুল্লাহ আখুন্দজাদাই অনুমোদন জনোৱা এখন নতুন পাৰিবাৰিক আইনে স্পষ্টভাৱে কয় যে যদি এগৰাকী “কুমাৰী ছোৱালী” যৌৱনপ্ৰাপ্তিৰ পিছত বিবাহৰ প্ৰস্তাৱত নীৰৱ হৈ থাকে, তেন্তে সেই নীৰৱতাক তেওঁৰ “সন্মতি” বুলি গণ্য কৰা হ’ব।
তালিবানৰ নতুন আদেশে বিশ্বজুৰি তীব্ৰ চাঞ্চল্য আৰু ক্ষোভৰ সৃষ্টি কৰিছে। মানৱ অধিকাৰ কৰ্মীসকলে কয় যে ই আফগান ছোৱালীক বাল্য বিবাহৰ অন্ধকাৰ দিশলৈ বাধ্য কৰোৱাটো সহজ কৰি তুলিছে। আফগানিস্তানৰ চৰকাৰী গেজেটত প্ৰকাশিত নতুন ৩১ টা ধাৰা আইনখনক “স্বামী-স্ত্ৰীৰ মাজত পৃথকীকৰণৰ নীতি” বুলি কোৱা হয়। আফগান সংবাদ মাধ্যম ‘আমু টিভি’ৰ এক প্ৰতিবেদন অনুসৰি, আইনৰ এটা ধাৰাত কোৱা হৈছে যে যদি এগৰাকী ছোৱালীক যৌৱনপ্ৰাপ্তিৰ পিছত বিবাহৰ বিষয়ে তেওঁৰ মতামত সোধা হয়, তেন্তে তেওঁ বিবাহৰ বাবে ইচ্ছুক বুলি গণ্য কৰা হ’ব।

ইয়াৰ উপৰিও, পিতৃ আৰু ককাদেউতাকক নাবালিকা কন্যাক বিয়া দিয়াৰ প্ৰায় সীমাহীন ক্ষমতা দিয়া হৈছে। যদি এগৰাকী নাবালিকা ছোৱালীক তেওঁৰ সন্মতি বিৰুদ্ধে বা বলপূৰ্বকভাৱে বিয়া দিয়া হয়, নতুন আইনে বিবাহ বাতিল কৰাৰ বাবে আদালতত আবেদন কৰাটো অতি জটিল আৰু কঠিন কৰি তোলে।
২০২১ চনত আফগানিস্তানত ক্ষমতা দখল কৰাৰ পিছত, তালিবানে ছোৱালীসকলক বিদ্যালয়, মহাবিদ্যালয়, উদ্যান আৰু কৰ্মস্থানলৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰি কেইবাটাও ফতোৱা জাৰি কৰিছে। বিশেষজ্ঞসকলে বিশ্বাস কৰে যে এই পাৰিবাৰিক আইনে ছোৱালীৰ ব্যক্তিগত স্বাধীনতা আৰু নূন্যতম মানৱ অধিকাৰ কাঢ়ি লৈছে। আন্তৰ্জাতিক সম্প্ৰদায় আৰু মহিলা অধিকাৰ গোটবোৰে তালিবানৰ মধ্যযুগীয় আইনক তীব্ৰ গৰিহণা দিছে আৰু ৰাষ্ট্ৰসংঘকে ধৰি বিশ্ব নেতাসকলক আফগান মহিলাৰ সুৰক্ষাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে।












