
পূৰ্বতে কৰা ঘোষণা অনুসৰিয়ে ২০২১ চনৰ (2021 year) পশ্চিমবঙ্গৰ নিৰ্বাচনোত্তৰ (Post-election of West Bengal) হিংসাৰ ফাইল (File of violence) পুনৰ খুলিবলৈ আৰম্ভ কৰিলে শুভেন্দু অধিকাৰীৰ চৰকাৰে। আনহাতে, কিছুমান গোচৰত পুনৰ নতুনকৈ অনুসন্ধান আৰম্ভ হৈছে। ইয়াৰ উপৰি অভিযোগৰ ভিত্তিতে নতুনকৈ এফআইআৰ দাখিল প্রক্রিয়াও চলি আৰছে। কেৱল সেয়াই নহয়, ২০২১ চনৰ নিৰ্বাচনোত্তৰ হিংসাৰ চূড়ান্ত তদন্তৰ প্ৰতিবেদন দাখিল কৰা কিছু গোচৰৰ ফাইলো পুনৰ নতুনকৈ খোলা হৈছে। ইয়াৰ অর্থ হৈছে যে এই চূড়ান্ত ৰিপোর্ট কিমান যথাযথ আছিল সেয়া পুনৰবাৰ পৰীক্ষা কৰাৰ কাম আৰম্ভ হৈছে।
উল্লেখযোগ্য যে ৰাজ্যখনত ক্ষমতা সলনি হোৱাৰ পিছতেই ২০২১ চনৰ নিৰ্বাচনোত্তৰ হিংসাৰ ঘটনাৰ ফাইল পুনৰ খোলা হ’ব বুলি মুখ্যমন্ত্রী শুভেন্দু অধিকাৰীয়ে জনাইছিল। বিধানসভাৰ অধ্যক্ষ নির্বাচনৰ দিনা বিৰোধী দলপতি শোভনদেৱৰ নিৰ্বাচনোত্তৰ হিংসাক লৈ উদ্বেগৰ প্রশ্নত শুভেন্দুৱে জনাইছিল যে অভিযুক্তসকলে ৰেহাই নাপাব। তেওঁ লগতে এই কথাও জনাইছিল যে ২০২৬ চনৰ বিধানসভা নির্বাচনৰ পিছত যিসকল নিৰীহ তৃণমূল কর্মী-সমর্থক ঘৰ এৰিবলগা হৈছে, তেওঁলোকক ঘূৰাই অনা হ’ব। বিজেপি তথা ৰাজ্য চৰকাৰে সেই দায়িত্ব ল’ব। অৱশ্যে মুখ্যমন্ত্রীয়ে লগতে এই কথাও জনায় যে ২০২১ চনৰ নিৰ্বাচনোত্তৰ হিংসা গোচৰত যিসকল অভিযুক্ত, তেওঁলোকৰ কাকো ৰেহাই দিয়া নহ’ব।

ইয়াৰ পিছতে কেইদিনমান পূৰ্বে ৰাজ্যিক আৰক্ষীৰ এডিজিৰ (আইন-শৃঙ্খলা) তৰফৰ পৰা কলকাতা আৰক্ষী আৰু ৰাজ্যিক আৰক্ষীক নির্দেশ দিয়া হৈছিল যে ২০২১ চনৰ নিৰ্বাচনোত্তৰ সন্ত্রাসৰ পুৰণি গোচৰবোৰ আইনী ব্যৱস্থাৰ বাবে যথাযথভাৱে পুনর্মূল্যায়ন কৰিব লাগিব আৰু প্রয়োজন সাপেক্ষে পদক্ষেপ গ্ৰহণ কৰিব লাগিব। সেই অনুসৰি এই পর্যন্ত কিমান গোচৰত পুনৰ নতুন অনুসন্ধান আৰম্ভ হ’ল তাৰো হিচাব দিয়া হয়।
জানিব পৰা মতে, এই পর্যন্ত ৪৫৮ টা গোচৰত আৰক্ষীয়ে নতুনকৈ অনুসন্ধান আৰম্ভ কৰিছে। ইয়াৰ উপৰি দাখিল হৈছে ১৮১ খন নতুন এফআইআৰ। উল্লেখযোগ্য যে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পিছত অর্ধশতাধিক লোক ৰাজনৈতিক হিংসাৰ বলি হৈছিলেন বুলি অভিযোগ আছে। সেই সময়ত প্রায় ২০০০ টা ‘নিৰ্বাচনোত্তৰ সন্ত্রাস’ সংক্রান্তৰ গোচৰ ৰুজু কৰা হৈছিল। তাৰে ভিতৰত বহু গোচৰৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰা হৈছে। আনহাতে, নতুনকৈ ৫৯ টা গোচৰৰ ফাইল খোল খাইছে। ভবিষ্যতে এনে ধৰণৰ আৰু বহু গোচৰৰ ফাইল খোলা হ’ব বুলিও ইংগিত কৰা হৈছে।
উল্লেখযোগ্য যে ২০২১ চনত বিধানসভা নিৰ্বাচনৰ পিছত ৰাজ্যজুৰি ‘ৰাজনৈতিক প্রতিহিংসাৰ কাৰণে’ হত্যা, ধর্ষণ আৰু ধর্ষণৰ চেষ্টা চলোৱা ঘটনাবোৰত চিবিআই তদন্তৰ নির্দেশ দিছিল কলকাতা উচ্চ ন্যায়ালয়ে। আনহাতে, হাইকোর্টৰ উক্ত নির্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল তদানীন্তন ৰাজ্য চৰকাৰ। কিন্তু উচ্চতম ন্যায়ালয়ে চিবিআই তদন্তৰ নির্দেশকে বাহাল ৰাখে। আনহাতে, নিৰ্বাচনোত্তৰ সন্ত্রাসৰ অন্য গোচৰবোৰৰ দায়িত্ব ৰাজ্যিক আৰু কলকাতা আৰক্ষীৰ হাততেই ৰাখিছিল আদালতে।












