
শ্বাহৰুখ খানৰ ছাঁৰ দৰে লাগি থাকে তেওঁ। বলীউডৰ (Bollywood) তাৰকাগৰাকীয়ে তেওঁৰ কেৰিয়াৰত কেতিয়া কি পদক্ষেপ ল’ব তাৰ সিদ্ধান্ত লয় তেৱেঁই। তেওঁ হৈছে পূজা দাদলানী। বলীউডৰ তাৰকাসকলৰ ব্যক্তিগত সহায়কৰ (personal secretary) ভিতৰত তেওঁ হৈছে আটাইতকৈ ধনী। কিন্তু পূজায়ে নহয়, এই তালিকাত আৰু কেইজনমান বলীউডৰ তাৰকাৰ অতি ধনী ব্যক্তিগত সহায়ক আছে। জানো আহক তেওঁলোক কোন :

১) পূজা দাদলানী : ২০১২ চনৰ পৰা বলীউডৰ বাদশ্বাহৰ সৈতে কাম কৰি অহা শ্বাহৰুখৰ মেনেজাৰ আৰু সহায়ক হিচাপে তেওঁ আছে। শ্বাহৰুখ খানৰ ছবি ‘চেন্নাই এক্সপ্ৰেছ’ৰ অন্যতম প্ৰযোজকো আছিল তেওঁ। পূজা আৰু শ্বাহৰুখৰ জন্মদিনো একেদিনাই। শ্বাহৰুখৰ সকলো কামৰ দায়িত্ব পূজাৰ। জানিব পৰা মতে, পূজাৰ বাৰ্ষিক আয় প্ৰায় ৭-৯ কোটি।
২) জোৰ্ডি পেটেল: তেওঁ হৈছে ছলমান খানৰ সহায়ক। জোৰ্ডি কেৱল ছলমানৰ সহায়কেই নহয়, অভিনেতাগৰাকীৰ ঘনিষ্ঠ বন্ধু আৰু বিশ্বাসযোগ্য ব্যক্তিও। তাৰকাগৰাকীৰ সৈতে কাম কৰি আহিছে এটা দশকৰো অধিক সময়। এজন মেনেজাৰৰ দায়িত্ব চম্ভালাৰ উপৰি পেটেলে নিজাকৈ ব্যৱসায় আৰু প্ৰডাকচন চলায়। এই কাৰণেই তেওঁ উদ্যোগটোৰ অন্যতম ধনী সহায়ক। তেওঁৰ দৰমহা স্পষ্ট নহয়। অৱশ্যে জোৰ্ডীৰ সম্পত্তিৰ পৰিমাণ ৪০ কোটি।
৩) অঞ্জুলা আচাৰ্য : অঞ্জুলাই প্ৰিয়ংকা চোপ্ৰাক হলিউডত কাম কৰিবলৈ উৎসাহিত কৰিছিল। প্ৰিয়ংকাৰ লগত কাম কৰিবলৈ আৰম্ভ কৰাৰ সময়ত বহুতে তেওঁক উৎসাহিত কৰা নাছিল। ভাৰতীয় অভিনেত্ৰীসকলে হলিউডত কাম কৰিব নোৱাৰে বুলিও নেতিবাচক মন্তব্য প্ৰকাশ কৰিছিল। কিন্তু তেওঁ হাৰ নামানিলে। অঞ্জুলাই এক সাক্ষাৎকাৰত কয়, “যেতিয়া মই প্ৰথম প্ৰিয়ংকাৰ সৈতে কাম আৰম্ভ কৰিছিলো তেতিয়া বহুতে অতি নেতিবাচক কথা কৈছিল। নিউয়ৰ্কত মোৰ বন্ধু মনীষ গোৱেলৰ ঘৰত নৈশ আহাৰত বলীউডৰ দুই এজন চিনাকি ব্যক্তিয়ে কৈছিল, ‘তেওঁ কেতিয়াও সফল নহ’ব, আপুনি সময় নষ্ট কৰি আছে।'” বৰ্তমান অঞ্জুলাৰ বাৰ্ষিক আয় ৬ কোটি টকা বুলি জানিব পৰা যায়।
৪) চুজান ৰড্ৰিগেজ : ৰণবীৰ সিঙৰ প্ৰাক্তন সহায়িকা। কিন্তু বলীউডৰ ধনী সহায়িকাসকলৰ ভিতৰত তেওঁৰ নামটো আহি পৰে। যশ ৰাজ ফিল্মছৰ ‘চেলিব্ৰিটি মেনেজাৰ’ আছিল চুজান। অৱশ্যে যশ ৰাজ ফিল্মছৰ পৰা ৰণবীৰ বিচ্ছেদ হোৱাৰ পিছত দুয়ো একেলগে কাম কৰা নাই। জানিব পৰা মতে, চুজান ৰড্ৰিগেজে ৰণবীৰৰ সহায়িকা হৈ থকাৰ সময়ত বছৰি প্ৰায় ২ কোটি টকা উপাৰ্জন কৰিছিল।
৫) পুনম দমানীয়া : কৰীনা কাপুৰৰ প্ৰাক্তন সহায়িকা পুনমে প্ৰায় ১০ বছৰ তেওঁৰ সৈতে কাম কৰিছিল। পিছত দুয়োৰে বিচ্ছেদ ঘটে। তাৰ কাৰণ জানিব পৰা হোৱা নাই। অৱশ্যে শুনা যায় যে পুনমে কৰীনাৰ কাম আৰু জনসংযোগ চম্ভালিবলৈ বছৰি প্ৰায় ৩ কোটি টকা লাভ কৰিছিল।











