
আখৰাৰ সময়ত মাজ আকাশত সংঘৰ্ষত লিপ্ত হয় আমেৰিকাৰ (American) দুখন যুদ্ধ বিমান (Two fighter jets)। দেওবাৰে বিয়লি (স্থানীয় সময় অনুসৰি) আমেৰিকাৰ আইডাহ’ ৰাজ্যত সংঘটিত হয় এই দুৰ্ঘটনা। সংঘৰ্ষৰ পিছত দুয়োখন যুঁজাৰু বিমান একেলগে ভূপতিত (crash) হয় আৰু লগে লগে বিস্ফোৰণ ঘটে। ফলত অঞ্চলটোত ক’লা ধোঁৱাই আৱৰি ধৰে। অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই। দুয়োখন যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পূৰ্বে পাইলটসকল বাহিৰলৈ ওলাই যায়। আইডাহ’ৰ মাউণ্টেন হোম এয়াৰ ফ’ৰ্চ বেছত চলি আছিল এয়াৰ শ্ব’।
তেনে সময়তে আমেৰিকাৰ নৌসেনাৰ ‘ই এ-১৮জি গ্ৰ’লাৰ’ যুদ্ধ বিমান দুখনৰ সংঘৰ্ষ হয়। ইয়াৰ পিছত বায়ুসেনাৰ ঘাটিৰ পৰা মাত্ৰ তিনি কিলোমিটাৰ দূৰত্বত বিমান দুখনে মাটিত খুন্দা মাৰে। ইতিমধ্যে দুৰ্ঘটনাটোৰ মুহূৰ্তৰ এটা ভিডিঅ’ মুকলি কৰা হৈছে। ভিডিঅ’টোত দেখা গৈছে যে আকাশৰ মাজত উৰণৰ সময়ত বিমান দুখন হঠাতে অতি ওচৰ চাপি আহে। পিছৰ মুহূৰ্তত দুয়োখনৰে সংঘৰ্ষ হৈ আকাশত একেলগে ঘূৰিবলৈ ধৰে। বিমান দুখনৰ পৰা জুইৰ স্ফুলিংগ ওলাই অহাও দেখা গৈছিল। ইয়াৰ পিছত বিমান দুখন লুটি খাই দ্ৰুতগতিত তললৈ নামিবলৈ ধৰে। সেই সময়ত বিমান দুখনৰ পৰা চাৰিটা পেৰাচুট ওলাই অহা দেখা গৈছিল। পিছত নৌসেনাই চাৰিওজন পাইলট সুৰক্ষিত বুলি অৱগত কৰে।

ইফালে পাইলটকেইজন ওলাই অহাৰ লগে লগে বিমান দুখন ভূপতিত হয় আৰু লগে লগে বিস্ফোৰণ ঘটি আকাশলৈ জুইৰ শিখা বিয়পি পৰে। এই দুৰ্ঘটনা কেনেকৈ সংঘটিত হ’ল, কিয় হঠাতে বিমান দুখন ইমান ওচৰ চাপি আহিল সেই বিষয়ে জানিবলৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে। অৱশ্যে বিগত সময়তো মাউণ্টেন হোমত এয়াৰ শ্ব’ৰ সময়ত দুৰ্ঘটনা সংঘটিত হৈছে। ২০১৮ চনত এয়াৰ শ্ব’ৰ সময়ত ৰাণৱেত এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল। তাত এজন পাইলটৰ মৃত্যু হয়।
২০০৩ চনত এয়াৰ শ্ব’ৰ সময়ত এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল। সেইবাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ঠিক আগতেই পাইলট বিমানখনৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছিল।
দেওবাৰৰ এই দুৰ্ঘটনা সন্দৰ্ভত বিতংভাৱে কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে আমেৰিকাৰ বায়ুসেনাৰ বিষয়াসকলে। বায়ুসেনাৰ মুখপাত্ৰ আমেলিয়া ইমাইমে কয় যে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে। যিকোনো অতিৰিক্ত তথ্য উপলব্ধ হোৱাৰ লগে লগে প্ৰকাশ কৰা হ’ব।











