
কেৰালাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে কংগ্ৰেছৰ ভি ডি সতীশনে (Kerala CM oath Taking)। সোমবাৰে তিৰুৱনন্তপুৰমৰ চেণ্ট্ৰেল ষ্টেডিয়ামত তেওঁৰ লগতে কেবিনেটৰ ২০ জন সদস্যই শপত গ্ৰহণ কৰে। কেৰালাৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে শপত বাক্য পাঠ কৰায়।

কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰায় বিজয়ন কেৰালাত সতীশন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে। লোকসভাৰ নেতা বিৰোধী ৰাহুল গান্ধী, ৱায়নাড়ৰ কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধী ভাদ্ৰা, কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেও উপস্থিত থাকে।
ৰাজনৈতিক সৌজন্যতা বজাই ৰাখি কেৰালা চৰকাৰে বিজয়নৰ সৈতে কেৰালা বিজেপিৰ সভাপতি ৰাজীৱ চন্দ্ৰশেখৰক শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনায়। শপত গ্ৰহণ অনুষ্ঠানত কেৰালা বিধানসভাৰ নতুন বিৰোধী নেতা বিজয়নৰ লগতে উপস্থিত থাকে চন্দ্ৰশেখৰ।
এটা দশকৰ পাছত কেৰালাত পুনৰ ক্ষমতালৈ আহিছে কংগ্ৰেছ। শেহতীয়াকৈ সমাপ্ত হোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁট ইউডিএফে কেৰালাৰ ১৪০ খন আসনৰ ভিতৰত ১০২ খন আসন লাভ কৰে।
চিপিএম নেতৃত্বাধীন বাওঁ মিত্ৰজোঁটৰ এলডিএফে মাত্ৰ ৩৫ খন আসনহে লাভ কৰে। ভোটগণনাৰ দহ দিনৰ পাছত বৃহস্পতিবাৰে কংগ্ৰেছে ছবাৰৰ বিধায়ক সতীশনক কেৰালাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে। বিগত পাঁচ বছৰ ধৰি কেৰালা বিধানসভাত বিৰোধী দলৰ নেতা আছিল সতীশন।
সতীশনৰ উপৰি কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু জ্যেষ্ঠ নেতা ৰমেশ চেন্নীথালাও কেৰেলাৰ মুখ্যমন্ত্ৰীৰ দৌৰত আছিল। বৃহস্পতিবাৰে দিল্লীত এক সংবাদমেলযোগে কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা কেৰালাৰ ভাৰপ্ৰাপ্ত দীপা দাসমুঞ্চিয়ে সতীশনৰ নাম ঘোষণা কৰে।










