
বিহাৰৰ সাছাৰাম ষ্টেচনত এটা ৰে’লৰ দবাত সংঘটিত হৈছে অগ্নিকাণ্ড। সোমবাৰে পুৱা সাছাৰাম-পাটনা ফাষ্ট (Patna Fast Passenger fire) পেচেঞ্জাৰখনত সংঘটিত হয় এই ঘটনা। পুৱা সাছাৰামৰ পৰা পাটনা অভিমুখে ৰাওনা হৈছিল ৰে’লখন। তাৰ ঠিক পূৰ্বেই ৰে’লখনৰ এটা দবাত জুই লাগে।সোমবাৰে পুৱা ৭.৪৫ বজাত সাছাৰামৰ পৰা পাটনা অভিমুখে ৰাওনা হোৱাৰ কথা আছিল ৰে’লখন।

পাটনা অভিমুখী ফাষ্ট পেচেঞ্জাৰখন যাত্ৰাৰ পূৰ্বে ষ্টেচনত ৰৈ আছিল। সেই সময়তে হঠাৎ ৰে’লখনৰ এটা দবাৰ পৰা ক’লা ধোঁৱা ওলাই অহা দেখা যায়। কিছু মুহূৰ্তৰ ভিতৰতে গোটেই দবাটো জুইৰ শিখাই আগুৰি ধৰে। এই দুৰ্ঘটনা কেনেকৈ সংঘটিত হয় সেয়া প্ৰথম অৱস্থাত স্পষ্ট হোৱা নাই।
অৱশ্যে চৰকাৰী সূত্ৰই দাবী কৰিছে যে শ্বৰ্ট চাৰ্কিটৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হ’ব পাৰে। অগ্নিকাণ্ডৰ খবৰ পাই অগ্নিনিৰ্বাপক বাহিনী দুৰ্ঘটনাস্থলীত উপস্থিত হয়। ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াসকলো সাছাৰাম ষ্টেচনত উপস্থিত হয়।
ৰে’লৱে ষ্টেচনত স্থাপন কৰা পানীৰ পাইপেৰে জুই নিৰ্বাপনৰ চেষ্টা চলায়। কেইবাবাৰো চেষ্টা কৰাৰ অন্তত অৱশেষত দবাটোৰ জুই নিয়ন্ত্ৰণলৈ অনা হয়। দুৰ্ঘটনাত কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নাই। কিন্তু ষ্টেচনত থিয় হৈ থকা ৰে’লখনৰ দবাত হঠাৎ জুই লগাত যাত্ৰীসকল আতংকিত হৈ পৰে।
অগ্নিকাণ্ডৰ বাবে পাটনা অভিমুখী ৰে’লখনে নিৰ্ধাৰিত সময়তকৈ অলপ পলমকৈ সাছাৰামৰ পৰা ৰাওনা হয়। অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হোৱা দবাটো ৰে’লৰ পৰা পৃথক কৰা হয়। ইয়াৰ পিছত বাকী থকা দবাকেইটা লৈ ৰে’লখন গন্তব্যস্থানলৈ ৰাওনা হয়। ক্ষতিগ্ৰস্ত দবাটো সাছাৰাম ষ্টেচনত সুকীয়াকৈ ৰখা হৈছে।
উল্লেখযোগ্য যে দেওবাৰে পুৱা কেৰালাৰ তিৰুৱনন্তপুৰমৰ পৰা দিল্লী অভিমুখী পথত ৰাজধানী এক্সপ্ৰেছত অগ্নিকাণ্ড সংঘটিত হয়। দিল্লীলৈ যোৱাৰ পথত কোটা ৰে’লৱে সংমণ্ডলত অগ্নিকাণ্ড সংঘটিত হয় ৰাজধানী এক্সপ্ৰেছৰ দুটা দবা। ইয়াৰ পিছদিনাই বিহাৰৰ সাছাৰামত ৰে’লৰ দবাত পুনৰ অগ্নিকাণ্ড সংঘটিত হয়।











