
তামিলনাডুৰ মুখ্যমন্ত্ৰী (Tamilnadu’s CM) থালাপতি বিজয়ে (Vijay) মঙলবাৰে জ্যোতিষী ৰাধন পণ্ডিত ভেট্ৰিভেলক (Radhan Pandit Vetrivel) নিজৰ কাৰ্যালয়ত বিশেষ কৰ্তব্যৰত বিষয়া (অ’এছডি) হিচাপে নিযুক্তি দিছিল। কিন্তু ৰাজনৈতিক সমালোচনাৰ সন্মুখীন হৈ বুধবাৰে সেই নিযুক্তি বাতিল কৰে। বুধবাৰে বিধানসভাত আস্থা ভোটৰ পূৰ্বে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ প্ৰধান সচিবে ৰাধানৰ নিযুক্তি বাতিল (Radhan’s appointment canceled) কৰা বুলি ঘোষণা কৰে।
তামিলনাডুৰ বিধানসভা নিৰ্বাচনৰ পিছত একমাত্ৰ এগজিট প’লে বিজয়ৰ দল ‘তামিলাগা ভেত্ৰী কাঝাগাম’ক (টিভিকে) আগুৱাই লৈ গৈছিল। কিন্তু বহুতকে আচৰিত কৰি জ্যোতিষীজনে ভোটগণনাৰ পূৰ্বে ঘোষণা কৰিছিল যে বিজয়ৰ দলে জয়ী হ’বলৈ ওলাইছে। টিভিকেৰ জয় নিশ্চিত হোৱাৰ পিছত বিজয়ক অভিনন্দন জনোৱা প্ৰথম লোকসকলৰ ভিতৰত অন্যতম আছিল ৰাধান। ৰাধান তামিলনাডুৰ এজন সুপৰিচিত জ্যোতিষী। ৰাজনৈতিক ব্যক্তিৰ বিষয়ে তেওঁৰ ভৱিষ্যদ্বাণী বহুবাৰ সঁচা হৈছে। তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা এআইএডিএমকেৰ নেত্ৰী জয়াললিতায়ো ৰাধানৰ হিচাপৰ ওপৰত নিৰ্ভৰ কৰিছিল।

ভোটদানৰ পাছত বিজয়ৰ দলটোৱে কংগ্ৰেছ, বাওঁপন্থী দুটা দল, ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ (আইইউএমএল) আৰু দলিত সংগঠন ভিচিকেৰ সহযোগত চৰকাৰ গঠনৰ মেজিক সংখ্যাত উপনীত হয়। শপত গ্ৰহণৰ তাৰিখ নিৰ্ণয় কৰাতো ৰাধানে ভূমিকা পালন কৰিছিল। প্ৰথম অৱস্থাত সিদ্ধান্ত লোৱা হৈছিল যে দেওবাৰে বিয়লি ৩.৪৫ বজাত বিজয়ে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। কিন্তু জ্যোতিষীৰ পৰামৰ্শ মতে শপত গ্ৰহণৰ সময় সলনি হয়। দেওবাৰে পুৱা ১০ বজাত শপত গ্ৰহণ কৰে বিজয়ে। বিজয়ৰ পাৰ্টী টিভিকেৰ সূত্ৰ অনুসৰি, ৰাধানে বিজয়ক কৈছিল যে যদি তেওঁ পুৱা ১০ বজাত ‘পবিত্ৰ মুহূৰ্ত’ত শপত গ্ৰহণ কৰে তেন্তে তেওঁৰ ভাগ্য ভাল হ’ব। তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে জ্যোতিষীগৰাকীৰ পৰামৰ্শ আখৰে আখৰে পালন কৰে।
কিন্তু তাৰ পিছতে সমস্যাটো আৰম্ভ হয়। ‘অনভিজ্ঞ’ ৰাধানক অ’এছডি আৰু ‘মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা’ হিচাপে নিযুক্তি দিয়াক লৈ প্ৰশ্ন উত্থাপন হয়। এই বিষয়ত বিৰোধী ডিএমকে আৰু এআইএডিএমকেৰ লগতে একাংশ মিত্ৰ দলে বিজয়ৰ বিৰুদ্ধে আপত্তি প্ৰকাশ কৰে। ইয়াৰ পিছতে বুধবাৰে নতুন অধিসূচনা জাৰি কৰা হয়। ইয়াৰ পিছত বিজয়ে ১৪৪টা ভোট লাভ কৰি আস্থা ভোট লাভ কৰে। ২৩৪ খন আসনৰ তামিলনাডু বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ বাবে ১১৮টা ভোটৰ প্ৰয়োজন হৈছিল।
টিভিকেয়ে ১০৮ খন আসন লাভ কৰি একক বৃহত্তম দলত পৰিণত হয় যদিও বিজয়ে দুখন আসনত জয়ী হ’লেও তেওঁলোকৰ বিধায়কৰ সংখ্যা আছিল ১০৭। ফলত বিধায়কৰ সংখ্যা ২৩৩ লৈ নামি আহে আৰু সংখ্যাগৰিষ্ঠতাৰ সংখ্যা মেজিক সংখ্যা ১১৭ লৈ হ্ৰাস পায়। কিন্তু মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ বাবে তিৰুপুৰত মাত্ৰ এটা ভোটেৰে জয়ী হোৱা টিভিকেৰ বিধায়কজনে আস্থা ভোটত অংশগ্ৰহণ কৰিব নোৱাৰিলে। চিপিএম, চিপিআই আৰু ভিচিকেৰ পৰা দুজনকৈ, কংগ্ৰেছ বিধায়কৰ লগতে আইইউএমএলৰ এজন বিধায়কৰ লগতে দলীয় নিৰ্দেশনাক আওকাণ কৰি প্ৰায় ২৫ জন এডিএমকে বিধায়কে বুধবাৰে বিজয়ৰ আস্থা ভোটৰ প্ৰস্তাৱক সমৰ্থন কৰে।













