ASSAM TIMES POST
নিউজ ডেস্ক: আৰ্থিক মন্দা অৱস্থাৰ বাবে দেশত প্ৰদূষণৰ মাত্ৰা কমিছে৷ এফালে আৰ্থিক মন্দা অৱস্থাৰ বাবে বায়ু প্ৰদূষণৰ মাত্ৰা কমিলেও আনফালে নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে৷ এক সমীক্ষাত এই কথা প্ৰকাশ৷ যোৱা এবছৰত দেশত বায়ু প্ৰদূষণ ২০ শতাংশ কমিছে৷ আৰ্থিক মন্দা অৱস্থাৰ বাবে ভাৰতত পিএম ২.৫ পাৰ্টিকেলৰ পৰিমাণ কমিছে৷ ফলত বায়ু প্ৰদূষণ কমিছে৷ আই কিউ এয়াৰভিছুৱেল নামৰ এটা সংস্থাই এই কথা প্ৰকাশ কৰিছে৷ চেণ্ট্ৰেল ইলেক্ট্ৰিচিটি ব’ৰ্ডে জনোৱা মতে আৰ্থিক মন্দা অৱস্থাৰ বাবে বিদ্যুতৰ চাহিদা ২০ শতাংশ কমিছে৷ ফলত বিদ্যুতৰ উৎপাদন কমিছে আৰু বায়ু প্ৰদূষণ হ্ৰাস পাইছে৷
আনহাতে ক’ৰ’ণা ভাইৰাছৰ বাবে চীনত প্ৰদূষণৰ পৰিমাণ কমিছে৷ আৰ্থিক মন্দা অৱস্থাৰ বাবে পিএম ২.৫ ৰ পৰিমাণ হ্ৰাস পালেও সামগ্ৰিকভাৱে চিত্ৰখন ভাল নহয়৷ উল্লেখ্য যে ২০১৯ বছৰটোত পৃথিৱীৰ ৩০খন দূষিত চহৰৰ ভিতৰত কেৱল ভাৰততে আছে ২১ খন চহৰ৷ পৃথিৱীৰ সৰ্বাধিক দূষিত চহৰৰ তালিকাৰ শীৰ্ষত আছে ভাৰতৰ ৰাজধানী দিল্লী৷ আনহাতে বিশ্বৰ দূষিত চহৰৰ তালিকা মতে উত্তৰ প্ৰদেশৰ গাজিয়াবাদ শীৰ্ষত৷ দিল্লীৰ পিএম ২.৫ ৰ পৰিমাণ ৯৮.৬ মাইক্ৰ’গ্ৰামৰ বিপৰীতে গাজিয়াবাদৰ পৰিমাণ প্ৰতি ঘন মিটাৰত ১১০ মাইক্ৰ’গ্ৰাম৷ যিটো বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ১১ গুণ বেছি৷ পৃথিৱীৰ ৩০ খন প্ৰদূষিত চহৰৰ ভিতৰত উত্তৰ প্ৰদেশৰ মোৰাদাবাদ, লক্ষ্ণৌ আৰু বাৰাণসী অন্যতম৷