ASSAM TIMES POST
গোলাঘাটৰ পৰা অজন্তা তালুকদাৰ, ২৫ ফেব্ৰুৱাৰীঃ ভাৰত চৰকাৰৰ যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনৰ নেহৰু যুৱকেন্দ্ৰ গোলাঘাটৰ উদ্যোগত অলপতে গোলাঘাটৰ এ.ভি.ভি. হলত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈ যায় এক যুৱ দক্ষতা বিকাশ প্ৰশিক্ষণ ৷ “যুৱ নেতৃত্ব আৰু জাতীয় উন্নয়ন” (Youth Leadarship & Community Development) শীৰ্ষক প্ৰশিক্ষণত প্ৰথম দিনাৰ গোলাঘাট জিলাৰ বিভিন্ন ব্লকৰ পৰা যুৱক যুৱতীসকলৰ নাম পঞ্জীয়ন আৰু প্ৰীতি চিনাকি চ’ৰা অনুষ্ঠিত হয় ৷
দ্বিতীয় দিনাৰ কাৰ্যসূচী হিচাপে আমন্ত্ৰিত সমল ব্যক্তিৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হয় ৷ এই প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে কৰিস্মা শইকীয়া, সুদক্ষিণা শইকীয়া, অপূৰ্ব শইকীয়া, দীপ হেষ্টিংছ বৰি আৰু দিনমণি ফুকনে ৷ তেওঁলোকে যুৱক যুৱতীসকলক যুৱ নেতৃত্ব, জাতি আৰু সমাজ গঠন, ব্যক্তিত্ব আৰু দক্ষতা বিকাশ, ৰাষ্ট্ৰ নিৰ্মাণ, দুৰ্যোগ নিৰ্বাপন, সংস্কৃতি আৰু পৰম্পৰা বিষয়ক গভীৰ প্ৰশিক্ষণ দিয়ে ৷ অন্তিম দিনা যুৱক-যুৱতীসকললৈ প্ৰশংসা পত্ৰ বিতৰণ কৰা হয় ৷ উক্ত সভাত বিশিষ্ট ব্যক্তি হিচাপে গোলাঘাট জিলাৰ প্ৰাক্তন যুটীয়া স্বাস্থ্য সঞ্চালক ডা° শ্ৰীবৎস গোপাল গোস্বামী, সমাজকৰ্মী ৰাজু গগৈ, অসম ৰাজ্যিক পৰিৱহণ গোলাঘাটৰ সহকাৰী অধ্যক্ষ প্ৰদীপ কলিতৰ লগতে সমল ব্যক্তিসকল উপস্থিত থাকে ৷ শেষত অনুষ্ঠানটো সুন্দৰকৈ সম্পন্ন হোৱাত আয়োজক ফালৰ পৰা অৰুণ চক্ৰৱৰ্তীয়ে সকলোকে শলাগ লয় ৷