
গুৱাহাটী উচ্চ ন্যায়ালয়ত খাৰিজ কংগ্ৰেছ নেতা পৱন খেৰাৰ (Pawan Khera) অগ্ৰিম জামিন আবেদন। শুকুৰবাৰে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে গুৱাহাটী মহানগৰ আৰক্ষীৰ অপৰাধ শাখাত ৰুজু হোৱা এক গোচৰত পৱন খেৰাৰ অগ্ৰিম জামিন নাকচ কৰে।

যোৱা ২১ এপ্ৰিলৰ শুনানিত জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভি আৰু কমল নয়ন চৌধুৰীয়ে পৱন খেৰাৰ হৈ যুক্তি প্ৰদৰ্শন কৰাৰ পিছত অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই এই জামিন আবেদনৰ তীব্ৰ বিৰোধিতা কৰে।
ইয়াৰ পিছত আদালতে ৰায় সংৰক্ষিত ৰাখি ২৪ এপ্ৰিল তাৰিখ নিৰ্ধাৰণ কৰে আৰু শুকুৰবাৰে পুৱা ১০.৩০ বজাত এই গোচৰৰ ৰায়দান কৰি পৱন খেৰাৰ অগ্ৰিম জামিন আবেদন খাৰিজ কৰে।
উল্লেখযোগ্য যে যোৱা ৫ এপ্ৰিলত ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে এক সংবাদমেল অনুষ্ঠিত কৰি নতুন দিল্লীত কংগ্ৰেছ নেতা পৱন খেৰাই মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল।
পৱন খেৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তিনিখনকৈ পাছপ’ৰ্ট আৰু বিদেশত সম্পত্তি থকাৰ অভিযোগ উত্থাপন কৰি এই তথ্য নিৰ্বাচনী শপতনামাত উল্লেখ নকৰা বুলি কৈছিল।
ইয়াৰ পিছতে ৰিণিকি ভূঞা শৰ্মাই তেওঁৰ বিৰুদ্ধে অপৰাধ শাখাত গোচৰ এজাহাৰ দাখিল কৰি অসম আৰক্ষীয়ে পৱন খেৰাক বিচাৰি দিল্লীস্থিত বাসগৃহত অভিযান চলায়। কিন্তু পৱন খেৰাক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হয়।
পৰৱৰ্তী সময়ত তেওঁক তেলেংগানা উচ্চ ন্যায়ালয়ে ৭ দিনৰ বাবে চৰ্তসাপেক্ষ অগ্ৰিম জামিন প্ৰদান কৰে যদিও ইয়াৰ বিৰুদ্ধে অসম চৰকাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। উচ্চতম ন্যায়ালয়ে তেলেংগানা উচ্চ ন্যায়ালয়ৰ সকাহ স্থগিত ৰাখি তেওঁক ইয়াৰ বাবে গুৱাহাটীৰ আদালতত আবেদন জনাবলৈ কয়। ইয়াৰ পিছত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় যদিও তেওঁ বিফল হয়।













