
দেওবাৰে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটী (Guwahati) মহানগৰীত সৃষ্টি হয় ভয়াৱহ কৃত্রিম বানৰ (Terrible artificial flood)। এই কৃত্ৰিমা বানত মালিগাঁৱত (Maligaon) পায়েল নাথ (Payel Nath) নামৰ এগৰাকী মহিলাৰ উন্মুক্ত নলাত পৰি মৃত্যু (Death by falling into a well) হয়। এতিয়া এই শোকাৱহ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ (Investigation Directive) দিছে ৰাজ্য চৰকাৰে। ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলিও জনাইছে অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটাই।

আজি সংবাদ মাধ্যমৰ আগত ৰবি কোটাই কয় যে কেনে পৰিস্থিতিত উন্মুক্ত নলাত পৰি মহিলাগৰাকীৰ মৃত্যু হ’ল তাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে আৰু কাৰ গাফিলতিত এই ঘটনা সংঘটিত হ’বলৈ পালে তাৰ পুংখানুপুংখ তদন্ত কৰা হ’ব। তদন্তত যদি কোনোবা দোষী সাব্যস্ত হয়, তেন্তে তেওঁৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আনহাতে, এইবাৰ অধিক বৰষুণ হোৱাৰ ফলত বহু ঠাইত পানী হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে সোমবাৰে সকলো বিভাগৰ সৈতে আলোচনা হৈছে আৰু ভৱিষ্যতে যাতে এনে পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে একচন প্লেন গ্ৰহণ কৰা হৈছে।













