
দেশৰ ৭০০ বিশিষ্ট নাগৰিকে নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Modi) নিৰ্বাচনৰ আদৰ্শ আচৰণবিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে।

তেওঁলোকৰ অভিযোগ যে প্ৰধানমন্ত্ৰী মোদীয়ে ১৮ এপ্ৰিলত চৰকাৰী সংবাদ মাধ্যমত ৰাষ্ট্ৰক সম্বোধি দিয়া ভাষণৰ নামত বিৰোধী দলৰ ওপৰত ৰাজনৈতিক আক্ৰমণ চলাইছিল, যিটো আদৰ্শ আচৰণবিধিৰ বিৰোধী।
লোকসভাৰ আসন বৃদ্ধি আৰু মহিলা সংৰক্ষণ প্ৰৱৰ্তনৰ বাবে মোদী চৰকাৰে অনা সংবিধান সংশোধনী বিধেয়ক যোৱা শুকুৰবাৰে নাকচ কৰা হয়। ইয়াৰ পাছতে শনিবাৰে নিশা দূৰদৰ্শন, সংসদ টিভি আৰু অল ইণ্ডিয়া ৰেডিঅ’ত দেশবাসীক সম্বোধন কৰে মোদীয়ে।
কংগ্ৰেছ, তৃণমূলকে ধৰি বিৰোধী দলবোৰক সংৰক্ষণৰ আৱৰণত সুবিধাজনক পুনৰ্বিন্যাস আৰু আসন বৃদ্ধিৰ ইংগিত দি তেওঁ ‘মহিলাবিৰোধী’ বুলি চিত্ৰিত কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হৈছে। প্ৰধানমন্ত্ৰীৰ ভাষণৰ পিছত বিৰোধী ৰাজনৈতিক দলসমূহে চৰকাৰী সংবাদ মাধ্যম ব্যৱহাৰ কৰি বিৰোধী দলসমূহৰ বিৰুদ্ধে ৰাজনৈতিক অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰে।
এইবাৰ প্ৰাক্তন আমোলা, সমাজকৰ্মী, শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত ন্যায়াধীশকে ধৰি ৭০০ বিশিষ্ট নাগৰিকে একে অভিযোগ উত্থাপন কৰিছে। পশ্চিমবংগ আৰু তামিলনাডুৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে।









