
বহাগ মাহতে বানত বুৰিল অভিজাত্যৰ ৰঙীন পোছাক পিন্ধা গুৱাহাটী মহানগৰী (Guwahati Flood)। দেওবাৰে বিয়লি হোৱা এজাক মুষলধাৰ বৰষুণতে বুৰ যায় মহানগৰীৰ কেইবাটাও অঞ্চল। যাৰ বাবে প্ৰায় অচল হৈ পৰে মহানগৰীৰ প্ৰাত্যহিক জনজীৱন।

কিন্তু তাৰ মাজতে সংঘটিত হয় আটাইতকৈ মৰ্মান্তিক ঘটনাটো। মালিগাঁৱত উন্মুক্ত নলাত পৰি মৃত্যু হয় এগৰাকী মহিলাৰ। ধাৰাপুৰৰ বাসিন্দা পায়েল নাথ নামৰ মহিলাগৰাকী কৃত্ৰিম বানৰ ফলত পথৰ সৈতে একাকাৰ হৈ থকা উন্মুক্ত নলাত পৰে।
তাৰ পিছত তেওঁক নলাৰ পানীয়ে প্ৰায় ২০০ মিটাৰ উটুৱাই লৈ যায়। অৱশ্যে তেওঁক উদ্ধাৰ কৰি হস্পিটেললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
এই ঘটনাই বিগত সময়ত সংঘটিত এনে ধৰণৰ দুৰ্ঘটনাৰ কথা মহানগৰবাসীক সোঁৱৰাই দিছে। লগতে বাৰিষাৰ আৰম্ভণি নহওঁতেই যদি মহানগৰীত কৃত্ৰিম বানৰ এই ৰূপ হয় তেন্তে বাৰিষা কি অৱস্থা হ’ব তাক লৈ শংকিত হৈ পৰিছে মহানগৰবাসী।













